অসম চৰকাৰে প্ৰদান কৰা অসম বৈভৱ, অসম গৌৰৱ আৰু অসম সৌৰভ বঁটা কি?

পদ্ম আৰু ভাৰত ৰত্ন সন্মানৰ আৰ্হিত অসম চৰকাৰে আজি প্ৰদান কৰে ৩টা অসামৰিক বঁটা। প্ৰথমবাৰলৈ প্ৰদান কৰা ৩টা অসামৰিক বঁটাপ্ৰাপকৰ নাম ইতিমধ্যে ৪ ডিচেম্বৰত ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ ব্যতিক্ৰমভাবে ২৪ জানুৱাৰীত অনুষ্ঠিত হয় যদিও আগন্তুক বছৰসমূহত ২ ডিচেম্বৰত অসম দিৱসত প্ৰদান কৰা হ’ব বঁটাসমূহ। সেই অনুসৰি আজি প্ৰদান কৰা অসমৰ সৰ্বোচ্চ অসামৰিক বঁটাৰ নাম অসম বৈভৱ। দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটাৰূপে অসম চৰকাৰে আগবঢ়ায় অসম সৌৰভ সন্মান। আনহাতে, তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটাৰ নাম ৰখা হৈছে অসম গৌৰৱ ৰূপে। বছৰি মুঠ ১৯জন লোকক অসম চৰকাৰে ৩টা অসামৰিক বঁটা প্ৰদান কৰিব। প্ৰতি বছৰে এজনক অসম বৈভৱ, ৩জনক সৌৰভ আৰু ১৫জনক অসম গৌৰৱ বঁটা প্ৰদান কৰিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে।
ইয়াৰে শলং গছৰ পাতৰ ওপৰত অসমীয়া জাপিৰে অসম বৈভৱ বঁটা প্ৰস্তুত কৰা হৈছে। একেদৰে, অসমীয়াৰ স্বাভিমান শৰাইখনক মাজত ৰাখি অসম সৌৰভ বঁটাৰ আৰ্হি প্ৰস্তুত কৰাৰ বিপৰীতে গায়ন-বায়ন তথা সত্ৰীয়া সংস্কৃতিক প্ৰতিফলিত কৰি সৃষ্টি কৰা হৈছে অসম গৌৰৱ বঁটা। অসমৰ সমাজ জীৱনলৈ পোনপটীয়া বা পৰোক্ষ প্ৰভাৱ পেলোৱা আৰু ব্যক্তিগত ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰা লোকক স্বীকৃতি অসম চৰকাৰৰ।
সৰ্বোচ্চ অসামৰিক বঁটা অসম বৈভৱত আছে ৫ লাখ টকা। ইয়াৰ লগতে অসম ভৱনত বিনামূলীয়াকৈ থকাৰ সুবিধা পাব বঁটা বিজয়ীসকলে। চৰকাৰী অনুষ্ঠানত সুকীয়া আসনৰ ব্যৱস্থা কৰা হ’ব এইসকল বিজয়ীৰ বাবে। আনহাতে, অসম সৌৰভ বঁটাত আছে ৪ লাখ টকা। তাৰ লগতে বছৰি ৩ লাখ টকালৈকে চিকিত্সাৰ সাহায্য লাভ কৰিব। অসম চৰকাৰৰ তৃতীয় সৰ্বোচ্চ সন্মান অসম গৌৰৱ বঁটাত আছে ৩ লাখ টকা। ইয়াৰ লগতে বছৰি ৩ লাখ টকালৈকে চিকিত্সাৰ সাহায্য লাভ কৰিব চৰকাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...