হঠাৎ জুবিন গাৰ্গৰ এই পৰিৱৰ্তন কিয়?

জুবিন গাৰ্গৰ এটা মন্তব্যই জোকাৰিছে ৰাজ্যৰ ৰাজনীতি। কটন বিশ্ববিদ্যালয়ৰ এটা অনুষ্ঠানত জুবিন গাৰ্গে কটাক্ষ কৰিলে অসম জাতীয় পৰিষদক। তাৰ পাছতেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া। জুবিন গাৰ্গক উভটি ধৰিলে অসম জাতীয় পৰিষদৰ লগতে বিভিন্ন দল-সংগঠনে। মৰিগাঁৱত জুবিন গাৰ্গৰ বিৰুদ্ধে দাখিল হল এজাহাৰ।

মৰমৰ শিল্পীক সৰ্বত্ৰ ককৰ্থনা
জুবিন গাৰ্গে আকৌ জুই লগালে
জুবিনৰ মন্তব্যত প্ৰতিক্ৰিয়াৰ জোৱাৰ
হঠাৎ জুবিন গাৰ্গৰ এই পৰিৱৰ্তন কিয়
?

কটনত প্ৰীতিৰ সুবাসে শীৰ্ষক অনুষ্ঠানত জুবিন গাৰ্গ। সেই অনুষ্ঠানতেই মঞ্চত বহিয়েই জুবিন গাৰ্গৰ এটা বিশেষ মন্তব্য। মই কোনো ৰাজনৈতিক দলৰ সদস্য নহয় বুলি জুবিনে ক’লে, মই বিজেপিও নহয়, কংগ্ৰেছো নহয়, এজিপিও নহয়। আৰু নতুনকৈ যে এটা পাৰ্টী ওলাইছে ফটুৱা পাৰ্টী…

অসম জাতীয় পৰিষদক ফটুৱা আখ্যা দিলে জুবিন গাৰ্গে। অনুষ্ঠানৰ অন্তত বাহিৰতো সাংবাদিকৰ সন্মুখত জুবিনে ক’লে – অসম জাতীয় পৰিষদ ফটুৱা পাৰ্টী… মোৰ লগত কা আন্দোলন কৰি দল খুলিলে,
কাম নাই…

জুবিনৰ এই বিশেষ মন্তব্য নিশাটোৰ ভিতৰতেই বিয়পি পৰিল ছচিয়েল মিডিয়াত। তাৰ পাছতেই জোকাৰণি ৰাজ্যৰ ৰাজনীতিত। ছচিয়েল মিডিয়াত সকলোৱে সমালোচনা কৰিলে জুবিন গাৰ্গক। প্ৰথমেই প্ৰতিক্ৰিয়া আহিল অজাপ নেতা দুলু আহমেদৰ পৰা।
জুবিন গাৰ্গক 420 আখ্যা দুলু আহমেদৰ…

জুবিনৰ মন্তব্যই হাঁহি বিৰিঙালে মন্ত্ৰী পীযূষ হাজৰিকাৰ মুখত। জুবিন গাৰ্গে ঠিকেই কৈছে বুলি কৈ পীযূষ হাজৰিকাৰ মন্তব্য।
এই দলটোৱে অসমবাসীৰ আবেগক বিক্ৰী কৰিছিল’
‘সেয়ে তেওঁলোকে মুখঠেকেচা খাইছিল

অসম জাতীয় পৰিষদক কংগ্ৰেছৰ কৃতদাস আখ্যা সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাৰ
পৱিত্ৰ মাৰ্ঘেৰিটাৰ মতে অঃজাঃপ এটা NGO

জুবিন গাৰ্গৰ মন্তব্যত জাঙুৰ খাই উঠিল বীৰ লাচিত সেনা
জুবিন গাৰ্গে মুকলিকৈ পিন্ধি লওক গেৰুৱা বসনঃ বীৰ লাচিত সেনা

প্ৰতিক্ৰিয়া আহিল ৰাইজৰ দলৰ পৰাও। বিজেপিৰ আমোলত অসমত এতিয়া চৰম অৰাজকতা। চাকৰিৰ এখন বিশাল বজাৰ বিজেপিৰ বৰঘৰৰ পৰাই নিয়ন্ত্ৰণ হৈ থকাৰ অভিযোগ উঠিছে। মূল্যবৃদ্ধিত জুৰুলা সাধাৰণ জনতা। নতুনকৈ ১৮খন টোলগেট নিৰ্মাণৰ যো-জা চলাইছে চৰকাৰে।
গুৰুত্বপূৰ্ণ বিষয়ত টু শব্দও নোকোৱা জুবিনে
অসম জাতীয় পৰিষদক টাৰ্গেট কৰিলে কিয়?

জুবিন গাৰ্গৰ কটাক্ষক প্ৰত্যুত্তৰ দি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিনজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া। আমি অসমৰ জনগণৰ প্ৰতি দায়বদ্ধ, ৰাইজৰ বাবে কাম কৰিছো’। অতি সততা, দায়িত্ব আৰু নিষ্ঠাৰে কাম কৰি আছো’।
আমাক কাৰো প্ৰমাণপত্ৰৰ প্ৰয়োজন নাইঃ লুৰিনজ্যোতি
আমি কেনেকৈ কাম কৰিছো সেয়া ৰাইজে বিচাৰ কৰিব
এইবোৰ বিষয় অপ্ৰাসংগিক, অপ্ৰয়োজনীয়

অসমৰ সংস্কৃতিবান সমাজত শব্দ-বাক্যৰ ব্যৱহাৰৰ বিষয়টো ৰাইজে চাব বুলি কৈ লুৰিণে ক’লে ‘সমাজত আলোচনাৰ বাবে বহু গুৰুত্বপূৰ্ণ বিষয় আছে।
অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিয়ে মানুহক কোঙা কৰিছে
‘কা’ আন্দোলনৰ পাছত কোন BJPৰ দালাল হ’ল ৰাইজে জানে
অজাপ’ৰ জন্মৰ সময়ত জুবিন গাৰ্গে ফোন কৰি কি কৈছিল লুৰিনক?

জুবিন গাৰ্গ কিয় সলনি হৈছে
তিনিবছৰ পূৰ্বে জুবিন গাৰ্গে নিজেই কৈছিল
আমাক এটা নতুন আঞ্চলিক দল লাগে
বেলেগক বিশ্বাস কৰি মাৰ খালো, আৰু নোৱাৰি
২১ত বিজেপিয়ে কিমান ভোট পায় চাম
সেইজন জুবিনৰেই এতিয়া এই কথা

জুবিন গাৰ্গৰ বিৰুদ্ধে মৰিগাঁৱত এজাহাৰ। কা আন্দোলনৰ সময়ত নতুন দল খুলি বিজেপিক বিদায় দিয়াৰ কথা কৈছিল জুবিনে। কিন্তু ২১ত বিজেপিৰেই চৰকাৰ হ’ল। কা আন্দোলন শেষ হ’ল। সময় সলনি হ’ল। হয়তো সলনি হল অসমবাসী আপোন জুবিন গাৰ্গো। পৰিৱৰ্তন!

1542 COMMENTS

  1. Игровой автомат — это развлечение Рё шанс.: balloon игра – balloon игра на деньги

  2. balloon казино официальный сайт balloon игра Играйте РІ Ballon Рё наслаждайтесь процессом.

  3. Баллон — это автомат для настоящих любителей.: balloon казино играть – balloon казино официальный сайт

  4. Ballon — РёРіСЂР°, полная СЃСЋСЂРїСЂРёР·РѕРІ.: balloon game – balloon казино официальный сайт

  5. Ballon — идеальный выбор для азартных РёРіСЂРѕРєРѕРІ.: balloon казино – balloon игра на деньги

  6. balloon казино играть balloon игра Играйте РІ Ballon Рё наслаждайтесь процессом.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

মহানগৰীৰ কেইবাখনো পাহাৰত বনজুইৰ বিভীষিকা

যেন ৰুষ্ট হৈছে প্ৰকৃতি। মহানগৰীৰ কেইবাখনো পাহাৰত বনজুইৰ বিভীষিকা।...

পৃথিৱীমুখী সুনীতা উইলিয়ামছলৈ প্ৰধানমন্ত্ৰী মোদীৰ চিঠি

পৃথিৱীমুখী সুনীতা উইলিয়ামছলৈ প্ৰধানমন্ত্ৰী মোদীৰ চিঠি। ঘূৰি আহিলে ভাৰতলৈ...

পৃথিৱীত অৱতৰণ কৰাৰ পাছত কি সমস্যাৰ সন্মুখীন হ’ব পাৰে সুনীতা উইলিয়ামছ?

পৃথিৱীত অৱতৰণ কৰাৰ পাছত কি সমস্যাৰ সন্মুখীন হ’ব পাৰে...

পদে পদে বিপদ, কি কি প্ৰতিকূল পৰিস্থিতিৰ মাজেৰে পৃথিৱীলৈ উভতি আহিব সুনীতা উইলিয়ামছ?

আৰম্ভ হ’ল সুনীতা উইলিয়ামছৰ পৃথিৱীলৈ প্ৰত্যাৱৰ্তনৰ যাত্ৰা। মহাকাশ আস্থানৰ...