ডাৱৰ বিস্ফোৰণৰ ফলত হঠাৎ বানপানী! উত্তৰকাশীত উটি গ’ল বহু ঘৰ-হোটেল! শতাধিক নিৰুদ্দেশ

ডাৱৰ বিস্ফোৰণৰ ফলত উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ ধৰালী গাঁৱত প্ৰলয়ংকাৰী বানৰ সৃষ্টি হৈছে। পানীৰ তীব্ৰ সোঁতত গাঁৱৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হোৱাৰ লগতে বহু ঘৰ-বাৰী ধ্বংস হৈছে। সংবাদ সংস্থা পিটিআইৰ মতে, গাঁৱখনৰ স্থানীয় লোকে জনোৱা অনুসৰি, কমেও ২০-২৫খন হোটেল আৰু হোমষ্টে’ পানীৰ সোঁতত উটি গৈছে। ধ্বংসাৱশেষৰ তলত ১০-১২ জন লোক আৱদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। গাঁৱৰ নিকটৱৰ্তী ক্ষীৰগঙ্গা নদীৰ উচ্চ অৱবাহিকাত ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল। ইয়াৰ পিছতেই নদীৰ পানীয়ে দুই কূল উপচাই গাঁৱখনৰ দিশে তীব্ৰবেগে নামি আহি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে।

সামাজিক মাধ্যমত প্ৰচাৰিত কেইবাটাও ভিডিঅ’ত দেখা গৈছে যে, ওখ পাহাৰৰ পৰা নদীৰ পানী নামি আহিছে আৰু সকলো ভাঙি নিম্নাঞ্চললৈ বৈ গৈছে। এই দুৰ্যোগত ইতিমধ্যে চাৰিজনৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে, আৰু প্ৰায় ৫০গৰাকী লোক নিৰুদ্দেশ হৈ আছে। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে জনোৱা মতে, জিলা প্ৰশাসনৰ লগতে NDRFৰ সদস্যসকলে উদ্ধাৰ কাৰ্যত নিয়োজিত হৈছে। ঘটনাস্থলীত ইন্দো-তিব্বতীয় সীমান্ত আৰক্ষী (আইটিবিপি) মোতায়েন কৰা হৈছে।

ধৰালী গাঁৱৰ পৰা মাত্ৰ চাৰি কিলোমিটাৰ দূৰত্বত, হাৰছিলত সেনাৰ শিবিৰ আছে। সেনাৰ তৰফৰ পৰা জনোৱা হৈছে যে, তেওঁলোকৰ ১৫০জন সদস্য ১০ মিনিটৰ ভিতৰত ঘটনাস্থলীত উপস্থিত হৈছিল। ১৫-২০ জন লোকক উদ্ধাৰ কৰা হৈছে যদিও বাকীসকলৰ সন্ধানত তালাচী অভিযান অব্যাহত আছে। আহতসকলক সেনাৰ শিবিৰতেই চিকিৎসা প্ৰদান কৰা হৈছে। দুৰ্যোগটো দুপৰীয়া ১:৪৫ বজাত সংঘটিত হৈছিল। ইয়াৰ কিছু সময় পিছত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ সৈতে ফোনযোগে কথা পাতে। সামাজিক মাধ্যমত এটা পোষ্টত তেওঁ লিখিছে, “ধৰালীৰ প্ৰলয়ংকাৰী বানৰ বিষয়ে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ সৈতে কথা হৈছে। ঘটনাৰ বিষয়ে খবৰ লৈছো। আইটিবিপিৰ তিনিটা দল আৰু NDRFৰ চাৰিটা দল ঘটনাস্থলীলৈ পঠিওৱা হৈছে।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...