কংগ্ৰেছ ক্ষমতালৈ আহিলে প্ৰথমেই সলনি কৰিম ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নাম : গৌৰৱ গগৈ

বুধবাৰে অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেটে ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যানৰ নাম সলনি কৰি ওৰাং ৰাষ্ট্ৰীয় উদ্যান হিচাপে নামকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত ক্ষোভিত হৈ পৰিছে সাংসদ গৌৰৱ গগৈ। ছ’চিয়েল মিডিয়াত এই কাৰ্যৰ বিৰোধিতা কৰি সাংসদ গগৈয়ে কয়, – যেতিয়া অসম ৰাজ্যত পৰৱৰ্তী কংগ্ৰেছ চৰকাৰ গঠন হ’ব, প্ৰথম দিনাই আমি ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নাম আঁতৰাবলৈ বিজেপি চৰকাৰৰ সিদ্ধান্ত বাতিল কৰিম। ভাৰতীয় সংস্কৃতিয়ে আমাক আৰ এছ আদৰ্শৰ বিপৰীতে শ্বহীদসকলক সন্মান কৰিবলৈ শিকায়।

উল্লেখ্য যে, বুধবাৰে ৰাজ্য চৰকাৰে প্ৰকাশ এক বিজ্ঞপ্তিত কোৱা হৈছে যে- আদিবাসী আৰু চাহ জনগোষ্ঠীৰ দাবীৰ প্ৰতি সন্মান জনাই কেবিনেট বৈঠকে ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যানৰ নাম ওৰাং ৰাষ্ট্ৰীয় উদ্যান হিচাপে নামকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...