শিলচৰত কংগ্ৰেছ এৰি TMCত যোগদান ৪ শতাধিক কৰ্মীৰ

ক’ভিড প্ৰটকল উলংঘা কৰি শিলচৰত তৃণমূল কংগ্ৰেছৰ বিশাল যোগদান সভা। “খেলা হবে” শ্লোগান দি প্ৰায় চাৰি শতাধিক কংগ্ৰেছ কৰ্মীক তৃণমূল কংগ্ৰেছলৈ আদৰে তৃণমূল নেত্ৰী তথা শিলচৰৰ প্ৰাক্তন সাংসদ সুস্মিতা দেবে৷ সভাখনত পৰিলক্ষিত হোৱা নাছিল কোনো সামাজিক দূৰত্ব, নাছিল কাৰো মুখত মাস্ক। দৃশ্যবোৰ দেখিলে এনে লাগে যেন শিলচৰৰ পৰা ক’ৰনা ভাইৰাছে পলায়ন কৰিছে। মন কৰক এই দৃশ্যলৈ সভাখনত কিদৰে মানুহৰ ভিৰ পৰিলক্ষিত হৈছে।

পিছে, সুস্মিতা দেবে ক’ভিড প্ৰটকল উলংঘা কৰা এই অভিযোগ খণ্ডন কৰি দৃঢ়তাৰে কয়, তেওঁ হেনো সম্পূৰ্ণ ক’ভিড প্ৰটকল মানি যোগদান সভা পাতিছে।

উল্লেখ্য যে, আজি শিলচৰৰ এখন হোটেলত তৃণমূল কংগ্ৰেছৰ যোগদান সভা অনুষ্ঠিত হয়। য’ত প্ৰায় চাৰি শতাধিক কংগ্ৰেছ কৰ্মীয়ে কংগ্ৰেছ দল ত্যাগ কৰি তৃণমূলত যোগদান কৰে। সভাখনত বক্তব্য ৰাখি সুস্মিতা দেবে কয়, কেৱল অসম আৰু ত্ৰিপুৰাতে নহয়, দলৰ ভেটি সুদৃঢ় কৰি আমি বিজেপিক সমগ্ৰ দেশৰ পৰা উৎখাত কৰিম।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ধিঙত আকৌ ধৰ্ষণৰ ঘটনা সংঘটিত হ’ল

ধিঙত ইমান ধৰ্ষণকাৰী ক’ৰপৰা আহিল? শেহতীয়া ঘটনাটো মনত আছেনে?...

উৎকট গৰম : শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান

শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান : সদৌ অসম সন্মিলিত...

আৰ ই চি বক্সিং: মহিলা এলিট শাখাৰ কোৱাৰ্টাৰত প্ৰৱেশ অসমৰ আঠ বক্সাৰৰ

অসমৰ পুৰুষৰ লগতে মহিলা বক্সাৰেও গুৱাহাটীত চলি থকা আৰ...

NRCৰ সময়ত যিসকলৰ বায়’মেট্ৰিক বন্ধ হৈছিল, তেওঁলোকে কিদৰে আধাৰ কাৰ্ড লাভ কৰিব?

UIDAIয়ে ৯.৩৫ লাখ NRC-BME স্থগিত ৰখা অসমৰ আবেদনৰ বাবে...