ক’ভিড ব্যৱস্থাপনাত হোৱা খৰছৰ অনাদায় ধন শীঘ্ৰে পৰিশোধৰ ব্যৱস্থা ৰাজ্য চৰকাৰৰ

ক’ভিড ব্যৱস্থাপনা পৰিচালনাৰ ক্ষেত্ৰত জিলা প্ৰশাসনসমূহৰ জৰিয়তে হোৱা খৰছৰ অনাদায় ধন শীঘ্ৰে আদায় দিয়াৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে। ক’ভিড অতিমাৰীৰ প্ৰথমটো ঢৌৰ সময়ছোৱাত জিলা প্ৰশাসনসমূহৰ তদাৰকীতাত ২০২০-২১ বিত্তীয় বৰ্ষত হোৱা খৰছৰ বাবদ দিবলৈ বাকী থকা বিল আগন্তুক এটা মাহৰ ভিতৰতে আদায় দিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত স্বাস্থ্য বিভাগে প্ৰক্ৰিয়া আৰম্ভ কৰিছে। প্ৰতিখন জিলাতে যোৱা ৩১ মাৰ্চ পৰ্যন্ত ক’ভিড ব্যৱস্থাপনাৰ ক্ষেত্ৰত হোৱা খৰছৰ অনাদায় অংশৰ বাবে বিতং বিৱৰণসহ বিল স্বাস্থ্য বিভাগৰ ওচৰত দুদিনৰ ভিতৰতে দাখিল কৰিবলৈ জিলাসমূহৰ উপায়ুক্তসকলক আজি নিৰ্দেশ দিয়ে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। ৰাজ্যৰ প্ৰতিখন জিলাৰে শেহতীয়া ক’ভিড পৰিস্থিতিৰ লগতে ক’ভিড প্ৰতিষেধক প্ৰদান অভিযানৰ অগ্ৰগতি পৰ্যালোচনাৰ বাবে শণিবাৰে সন্ধিয়া এনএইচএমৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে জিলাসমূহৰ উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্ত উপায়ুক্ত (স্বাস্থ্য)ৰ সৈতে হোৱা এখন বৈঠকত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে উপায়ুক্তসকলক এই সন্দৰ্ভত জৰুৰী নিৰ্দেশনা আগবঢ়ায়। উল্লেখ্য যে, যোৱা নিশা জনতা ভৱনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য মন্ত্ৰী আৰু স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকলক লৈ অনুষ্ঠিত কৰা এখন বৈঠকত মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰথমটো ঢৌৰ সময়ছোৱাত ক’ভিড পৰিস্থিতিৰে মোকাবিলাৰ ক্ষেত্ৰত জিলাসমূহত হোৱা ব্যয়ৰ এতিয়ালৈকে অনাদায় ধন অতি শীঘ্ৰে আদায় দিয়াৰ ব্যৱস্থা কৰিবলৈ স্বাস্থ্য বিভাগক দিহা দিয়ে।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে হোৱা আলোচনা আৰু নিৰ্দেশনাৰ বিষয়ে স্বাস্থ্যমন্ত্ৰী মহন্তই আজিৰ ভিডিঅ’ কনফাৰেন্সখনত উপায়ুক্তসকলক অৱগত কৰি দুদিনৰ ভিতৰতে প্ৰতিখন জিলাতে ক’ভিড ব্যৱস্থাপনাৰ বাবদ যোৱা ৩১ মাৰ্চ পৰ্যন্ত হোৱা খৰছৰ অনাদায় ধনৰ পৰিমাণ সন্দৰ্ভত সবিশেষ তথ্য আৰু বিল জৰুৰী ভাৱে এনএইচএমৰ ৰাজ্যিক অভিযান সঞ্চালকৰ ওচৰত দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। স্বাস্থ্য বিভাগে অহা ৩০ ছেপ্টেম্বৰৰ ভিতৰতে প্ৰতিখন জিলাতে ক’ভিড ব্যৱস্থাপনাৰ ক্ষেত্ৰত জিলা প্ৰশাসনলৈ যোৱা ৩১ মাৰ্চ পৰ্যন্ত আগবঢ়োৱা সেৱা তথা যোগান ধৰা সামগ্ৰীৰ বাবদ যোগনিয়াৰ তথা যোগানকাৰী প্ৰতিষ্ঠানসমূহে পাবলৈ থকা ধনৰাশি সম্পূৰ্ণ আদায় দিয়াৰ ক্ষিপ্ৰ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিব বুলি বৈঠকত স্বাস্থ্যমন্ত্ৰী মহন্তই উপায়ুক্তসকলক জানিবলৈ দিয়ে। স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেল, এনএইচএম অসমৰ অভিযান সঞ্চালক ডাঃ এছ লক্ষ্মনন, স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰথীন্দ্ৰ ভূঞা, স্বাস্থ্য সেৱা (পৰিয়াল কল্যাণ) সঞ্চালক মুনীন্দ্ৰ নাটে, এনএইচএমৰ কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ চৌধুৰীয়েও স্বাস্থ্যমন্ত্ৰীৰ সৈতে অংশগ্ৰহণ কৰা এই ভিডিঅ’ কনফাৰেন্সত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জিলাসমূহৰ শেহতীয়া ক’ভিড পৰিস্থিতিৰ বিষয়ে উপায়ুক্তসকলৰ পৰা বুজ লোৱাৰ লগতে জিলাস্তৰত ক’ভিড প্ৰতিষেধক প্ৰদান আভিযানৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰে। প্ৰতিখন জিলাতে এতিয়াও ক’ভিডৰ প্ৰতিষেধক ল’বলৈ বাকী থকা লোকসকলক বিচাৰি উলিয়াই প্ৰথমপালি প্ৰতিষেধক দিওৱাৰ জৰুৰী কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবেও উপায়ুক্তসকলক নিৰ্দেশ দিয়ে স্বাস্থ্যমন্ত্ৰীয়ে। এইক্ষেত্ৰত শীঘ্ৰে স্থানীয় ভাৱে ফলপ্ৰসু প্ৰয়োজনীয় কাৰ্যকৌশল যুগুতাই নিজ নিজ জিলাৰ সকলো লোকেই প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰাটো সুনিশ্চিত কৰাত নেতৃত্ব ল’বলৈ প্ৰতিগৰাকী উপায়ুক্তকে বৈঠকত স্বাস্থ্যমন্ত্ৰী মহন্তই দায়িত্ব অৰ্পণ কৰে। ইতিমধ্যে প্ৰতিখন জিলাতে পঞ্চাশ শতাংশৰ অধিক লোকে প্ৰথম পালি প্ৰতিষেধক লাভ কৰাৰ পৰিপ্ৰেক্ষিতত এতিয়াৰে পৰা জিলাসমূহত প্ৰথম পালিৰ সমান্তৰালকৈ যাতে দ্বিতীয় পালি প্ৰতিষেধকো কোনো ধৰণৰ নাটনি বা আন অসুবিধা অবিহনেই দিব পৰা যায়, সেই ক্ষেত্ৰত প্ৰয়োজনীয় পৰিকল্পনা যুগুতাই ক’ভিড প্ৰতিষেধক অভিযান পৰিচালনাৰ বাবেও উপায়ুক্তসকলক স্বাস্থ্যমন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেন্সত দিহা দিয়ে। এইক্ষেত্ৰত শেহতীয়াকৈ কামৰূপ (মহানগৰ) জিলা প্ৰশাসনে গ্ৰহণ কৰা কাৰ্য-কৌশল আন জিলাসমূহেও বিবেচনা কৰিব পাৰে বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

উৎকট গৰম : শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান

শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান : সদৌ অসম সন্মিলিত...

আৰ ই চি বক্সিং: মহিলা এলিট শাখাৰ কোৱাৰ্টাৰত প্ৰৱেশ অসমৰ আঠ বক্সাৰৰ

অসমৰ পুৰুষৰ লগতে মহিলা বক্সাৰেও গুৱাহাটীত চলি থকা আৰ...

NRCৰ সময়ত যিসকলৰ বায়’মেট্ৰিক বন্ধ হৈছিল, তেওঁলোকে কিদৰে আধাৰ কাৰ্ড লাভ কৰিব?

UIDAIয়ে ৯.৩৫ লাখ NRC-BME স্থগিত ৰখা অসমৰ আবেদনৰ বাবে...

চর্জুন হান্সেক আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব প্রদান

ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত সদৌ অসম ছাত্ৰ সন্থাৰ এখন...