নাৰায়ণপুৰত উৰিল বিজেপিৰ পতাকা

স্বাধীনতা দিৱস উদযাপনৰ সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অথন্তৰ। নাৰায়ণপুৰত উৰিল বিজেপিৰ পতাকা, ডিব্ৰুগড়ত ভাষণৰ মাজতে বন্ধ হৈ পৰে অনুভাষ যন্ত্ৰ, শিলচৰত বোকাত আৱদ্ধ মন্ত্ৰী।

নাৰায়ণপুৰৰ ধলপুৰত স্বাধীনতা দিৱস উদযাপন কৰিবলৈ আহি হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হ’ল ধলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত। খেলপথাৰখনত বিজেপি দলৰ পতাকা উত্তোলন কৰি ৰখাক কেন্দ্ৰ কৰি একাংশ যুৱকে জবাবদিহি কৰিলে উদ্যোক্তাসকলক। উল্লেখ্য যে, বিগত কিছুদিন ধৰি খেলপথাৰখনত স্থানীয় বিধায়ক অমিয় ভুঞাৰ উদ্যোগত চলি আছিল আৰক্ষীত ভৰ্তিৰ বাবে শাৰীৰিক অনুশীলন। যাৰ বাবে এইবাৰ সকলো মিলি স্বাধীনতা দিৱস পালনৰ ব্যৱস্থা কৰিছিল বিজেপিৰ উদ্যোগত। ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পূৰ্বে খেলপথাৰ খনত বিজেপি দলৰ পতাকা দেখি একাংশ যুৱকৰ হুলস্থূল। পৰিস্থিতি সুস্থিৰ হোৱাৰ পাছত পালন কৰা হ’ল স্বাধীনতা দিৱস।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...