কেঁচা চাহপাতৰ মূল্য হ্ৰাসে বিপদত পেলাইছে ক্ষুদ্ৰ চাহ খেতিয়কক

যি সময়ত ৰাজ্যৰ চাহে বিশ্বৰ বজাৰত প্ৰাধান্য লাভ কৰি আছে সেই সময়ত চাহ খেতিয়ক সকলৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈছে। এফালে ক’ভিড পৰিস্থিতিৰ মাজত সৰ্বসাধাৰণৰ জীৱন জীৱিকা নিঃশেষ ৰূপ ধাৰণ কৰা দিশত, আনফালে হাজাৰ হাজাৰ নিবনুৱা জড়িত হৈ থকা চাহ উদ্যোগলৈও নামি আহিছে দুৰ্যোগ।

চৰকাৰৰ সদ ইচ্ছাৰ অভাৱ আৰু জধে-মধে চাহ ফেক্টৰী খোলাত অনুমোদন দিয়া বাবেই চাহ খেতিয়ক সকলৰ এই শোচনীয় অৱস্থা হৈছে বুলি মন্তব্য আগবঢ়ায় অসম চাহ মজদুৰ সংঘৰ সভাপতি তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰে। ইফালে, ৰাজ্যৰ বৃহৎ চাহ কোম্পানী সমূহে এখনৰ পিছত আন এখনকৈ বিক্ৰী কৰিবলৈ ধৰিছে চাহ বাগিচা। ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কে ধৰি বৃহৎ চাহ কোম্পানী সমূহে সন্মুখীন হৈছে বৃহৎ লোকচানৰ।

দেশ তথা আন্তঃৰাষ্ট্ৰীয় বজাৰত ক্ৰমাৎ চাহৰ চাহিদা হ্ৰাস পোৱাৰ ফলত নিম্নগামী হ’বলৈ ধৰিছে চাহৰ কেঁচা পাতৰ মূল্য। তাৰ লগে লগে ক’ভিডকেন্দ্ৰিক পৰিস্থিতি, প্ৰতিকূল বতৰৰ বাবে ৰাজ্যত হ্ৰাস পাইছে চাহৰ উৎপাদন। বিগত বৰ্ষত চাহৰ উৎপাদন কিছু পৰিমাণে হ্ৰাস পাইছিল যদিও হ্ৰাস পোৱা নাছিল চাহৰ বাণিজ্যিক চাহিদা।

প্ৰতিবছৰে ১০ হাজাৰ কোটি টকাকৈ চাহ উপাৰ্জন কৰা অসমৰ চাহ উদ্যোগটোৱে এই বছৰত উপাৰ্জন কৰিছে মাত্ৰ ৮০০ কোটি টকা। যাৰ বাবে এতিয়া বৃহৎ চাহ কোম্পানী সমূহে চাহৰ পৰিৱৰ্তে অন্য ক্ষেত্ৰত বিনিয়োগ কৰিছে। উপায়হীন হৈ অসমত চাহ বাগিচা বিক্ৰী কৰা বৃহৎ কোম্পানী সমূহৰ ভিতৰত হৈছে- মেকলয়ড ৰাছেল,অসম কোম্পানী, জেমছ ৱাৰেন, ৰাছেল গ্ৰুপ আদি। বৃহৎ চাহ উদ্যোগৰ বিপৰ্যয়ৰ পৰা সহজে অনুমেয় থলুৱা চাহ খেতিয়কৰ দুৰাৱস্থা

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...