উত্তৰ গুৱাহাটীবাসীৰ বাবে এটা সুখবৰ!

গুৱাহাটী, ২১ জুলাই, NKTV: ক’ভিডৰ বাবে একপ্ৰকাৰ বন্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা। বন্ধ আছে আন্তঃজিলা যাতায়াতকে ধৰি বহুকেইটা পৰিবহণ সেৱা। কিন্তু লাহে লাহে ক’ভিড পৰিস্থিতি ক্ৰমাৎ উন্নত হোৱাত গুৱাহাটীৰ পৰিবহণ ক্ষেত্ৰসমূহ মুকলি কৰি দিব প্ৰশাসনে।

উত্তৰ গুৱাহাটীবাসীৰ বাবে এটা সুখবৰ
শীঘ্ৰেই আৰম্ভ হ’ব ৰ’পৱে সেৱা

উত্তৰ গুৱাহাটীবাসীৰ বাবে ৰ’পৱে সেৱা মুকলি হোৱাটো বৃহত্তৰ অঞ্চলটোৰ লোকসকলৰ বাবে যাতায়তৰ ক্ষেত্ৰত সুবিধা হ’ব। ক’ভিড সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৬মে’ৰ পৰা বন্ধ ৰখা হৈছিল ৰ’পৱে সেৱা। শেহতীয়াকৈ গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে পুনৰ আৰম্ভ কৰিব এই সেৱা। ক’ভিড প্ৰট’কল মানিহে ৰ’পৱেৰে পাৰাপাৰ হ’ব পাৰিব যাত্ৰীসকল। বৃহস্পতিবাৰৰ পৰা গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত চলাচল কৰিব ৰ’পৱে। পুৱা ৮বজাৰ পৰা সন্ধিয়া ৫.৩০ বজালৈ চলিব এই সেৱা। আনহাতে পূৰ্বৰ তুলনাত ৰ’পৱে সেৱাৰ ভাৰা কিছু বৃদ্ধি কৰা হৈছে। সেই অনুসৰি পূৰ্বতে অহা-যোৱাৰ নামত ১০০ টকাৰ পৰিৱৰ্তে এইবাৰ প্ৰতিজন যাত্ৰীয়ে অহা যোৱাৰ বাবদ ভৰিব লাগিব ১৫০টকা। এবাৰ পাৰ হ’লে ৬০টকাৰ পৰিৱৰ্তে ১০০টকা ভৰিব লাগিব। অৱশ্যে ৩ বছৰৰ পৰা বাৰ বছৰ আৰু জ্যেষ্ঠ নাগৰিক সকলৰ ভাৰা হ্ৰাস কৰি আধা কৰা হৈছে।

পূৰ্বতকৈ ভাৰা বৃদ্ধি হ’লেও বিশেষভাৱে সক্ষম লোকৰ ক্ষেত্ৰত ভাৰা সম্পূৰ্ণ ৰেহাই দিয়া হ’ব। ক’ভিডৰ বাবে প্ৰায় দুমাহ ধৰি বন্ধ হৈ থকা ৰ’পৱে সেৱা পুনৰ মুকলি হোৱাৰ লগে লগে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত যাতায়াত ব্যৱস্থা সুচল হৈ উঠিব।

উত্তৰ গুৱাহাটীৰ পৰা বসন্ত কোঁৱৰৰ ৰিপৰ্ট, NKTV

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...