চাকৰিৰ সময়ৰ পিছত নাৰিকল বিক্ৰী কৰি ১.১৭ কোটি টকা উপাৰ্জন

চাকৰিৰ সময়ৰ পিছত নাৰিকল বিক্ৰী কৰি ₹১.১৭ কোটি টকা উপাৰ্জন কৰা এগৰাকী মহিলাৰ ঘটনাই চৰ্চা লাভ কৰিছে। এই উপাৰ্জনক লৈ আয়কৰ বিভাগৰ সৈতে সৃষ্টি হোৱা বিবাদৰ অন্তত মহিলাগৰাকীয়ে আয়কৰ আপীল ট্ৰাইবুনেলৰ পৰা সকাহ লাভ কৰিছে। ঘটনাটোৱে চাকৰিৰ লগতে ব্যৱসায় কৰি উপাৰ্জন কৰা লোকসকলৰ আয়কৰ সম্পৰ্কীয় বিষয়টোক পুনৰ চৰ্চালৈ আনিছে।

তামিলনাডুৰ কন্যাকুমাৰী জিলাৰ নাৰিকল ব্যৱসায়ৰ সৈতে জড়িত মহিলাগৰাকী অনিতা। তেওঁ নাগেৰকইলৰ এটা প্ৰতিষ্ঠানত কৰ্পৰেট কৰ্মচাৰী হিচাপে কাম কৰিছিল আৰু বছৰি প্ৰায় ২৫ লাখ টকা দৰমহা লাভ কৰিছিল। চাকৰিৰ লগতে তেওঁ নাৰিকলৰ ব্যৱসায় আৰম্ভ কৰে।

ব্যৱসায়ৰ বাবে তেওঁ কৃষকৰ পৰা নাৰিকল উৎপাদন হোৱা বাগিচা ভাড়াত লৈছিল। নাৰিকল সংগ্ৰহৰ বাবে শ্ৰমিক নিয়োগ কৰাৰ লগতে আন কৃষকৰ পৰাও নাৰিকল ক্ৰয় কৰিছিল। তাৰ পিছত নাৰিকলৰ বাকলি আংশিকভাৱে আঁতৰাই বজাৰত বিক্ৰী কৰিছিল।

২০২০-২১ মূল্যায়ন বৰ্ষত তেওঁৰ বেংক একাউণ্টত প্ৰায় ১.১৭ কোটি টকা নগদ জমা হোৱা বিষয়টো আয়কৰ বিভাগৰ নজৰত পৰে। তেওঁ দাবী কৰিছিল যে এই ধন নাৰিকল ব্যৱসায়ৰ বিক্ৰী পৰা লাভ কৰা ধন।

আয়কৰ বিভাগে তেওঁৰ বেংক একাউণ্টত বৃহৎ পৰিমাণৰ নগদ ধন জমা হোৱা বিষয়টো পৰীক্ষা কৰি এই ধনৰ উৎস সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে। বিভাগৰ মতে, নাৰিকল ক্ৰয়-বিক্ৰয়ৰ দাবীৰ সমৰ্থনত তেওঁ পৰ্যাপ্ত নথি-পত্ৰ, ক্ৰয়ৰ বিল, বিক্ৰীৰ ইনভয়ছ, ষ্টক ৰেজিষ্টাৰ আৰু নিয়মীয়া হিচাপ-নিকাচৰ বহী দাখিল কৰিব পৰা নাছিল।

সেয়েহে আয়কৰ বিভাগে তেওঁৰ বেংকত জমা হোৱা ১.১৭ কোটি টকাক অজ্ঞাত উৎসৰ ধন হিচাপে গণ্য কৰি আয়কৰ আইনৰ ধাৰা ৬৯Aৰ অধীনত কৰ আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ফলত তেওঁৰ ঘোষিত আয়ৰ ওপৰত অতিৰিক্ত ১.১৭ কোটি টকা যোগ কৰা হয়।

আয়কৰ বিভাগৰ সিদ্ধান্তৰ বিৰুদ্ধে অনিতাই Chennai Income Tax Appellate Tribunal (ITAT)ৰ কাষ চাপে। ট্ৰাইবুনেলৰ শুনানিৰ সময়ত তেওঁৰ বেংক একাউণ্টৰ জমা আৰু ধন উলিওৱাৰ ধৰণ পৰীক্ষা কৰা হয়। এই লেনদেনসমূহ নাৰিকল ব্যৱসায়ৰ সৈতে সামঞ্জস্যপূৰ্ণ বুলি ট্ৰাইবুনেলৰ পৰ্যবেক্ষণত উঠে।

ইয়াৰ উপৰি, নাৰিকল ব্যৱসায়ৰ সৈতে জড়িত কৃষক আৰু আন ব্যক্তিসকলৰ বক্তব্য তথা প্ৰমাণপত্ৰও বিবেচনা কৰা হয়। আয়কৰ বিভাগে এই বক্তব্যসমূহক যথাযথভাৱে খণ্ডন কৰিব পৰা নাছিল। ট্ৰাইবুনেলে এই কথাও লক্ষ্য কৰে যে অনিতাই সংশোধিত আয়কৰ ৰিটাৰ্ণত ব্যৱসায়ৰ টাৰ্নঅ’ভাৰ ঘোষণা কৰিছিল আৰু বেংকত জমা হোৱা ধনৰাশি সেই ঘোষিত ব্যৱসায়িক টাৰ্নঅ’ভাৰৰ অংশ আছিল।

ট্ৰাইবুনেলে অনিতাৰ নাৰিকল ব্যৱসায়ক প্ৰকৃত ব্যৱসায়িক কাৰ্যকলাপ হিচাপে স্বীকৃতি দিলেও তেওঁ নিয়মীয়া হিচাপ-নিকাচ, ক্ৰয়-বিক্ৰীৰ বিল আৰু অন্যান্য নথি-পত্ৰ সংৰক্ষণ নকৰাৰ বিষয়টোও বিবেচনা কৰে।

সেয়েহে সম্পূৰ্ণ সকাহ প্ৰদান নকৰি ট্ৰাইবুনেলে আয়কৰ বিভাগক ১.১৭৭ কোটি টকাৰ ৮ শতাংশ, অৰ্থাৎ প্ৰায় ৯.৪১৬ লাখ টকা অতিৰিক্ত ব্যৱসায়িক আয় হিচাপে গণনা কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ পূৰ্বে অনিতাই সংশোধিত আয়কৰ ৰিটাৰ্ণত ১.২৭৭ কোটি টকাৰ টাৰ্নঅ’ভাৰৰ বিপৰীতে ৮ শতাংশ হিচাপে ১০.২১৬ লাখ টকা আয় ঘোষণা কৰিছিল।

এইদৰে ট্ৰাইবুনেলে তেওঁৰ আপীল আংশিকভাৱে মঞ্জুৰ কৰে আৰু সমগ্ৰ ১.১৭ কোটি টকাক অজ্ঞাত উৎসৰ ধন হিচাপে গণ্য কৰাৰ আয়কৰ বিভাগৰ সিদ্ধান্তৰ পৰা সকাহ প্ৰদান কৰে।

এই ঘটনাই চাকৰিৰ লগতে ব্যৱসায় বা আন উপাৰ্জনৰ পথ গ্ৰহণ কৰা লোকসকলৰ বাবে এক গুৰুত্বপূৰ্ণ শিক্ষা আগবঢ়াইছে। উপাৰ্জনৰ উৎস যিয়েই নহওক, ব্যৱসায়ৰ ক্ৰয়-বিক্ৰয়ৰ বিল, বেংক লেনদেন, হিচাপ-নিকাচ আৰু অন্যান্য প্ৰমাণ সংৰক্ষণ কৰাটো অত্যন্ত প্ৰয়োজনীয়।

বিশেষকৈ কৃষিজাত সামগ্ৰী ক্ৰয়-বিক্ৰয় কৰিলেই সেই আয় কৃষিজ আয় হিচাপে কৰমুক্ত নহয়। কৃষিকাৰ্যৰ পৰা প্ৰকৃত কৃষিজ আয় আৰু কৃষিজ সামগ্ৰীৰ ব্যৱসায়িক ক্ৰয়-বিক্ৰয়ৰ পৰা হোৱা আয়ৰ মাজত আইনী পাৰ্থক্য আছে।

চাকৰিৰ লগতে ব্যৱসায় কৰি কোটি টকাৰ লেনদেন কৰা মহিলাগৰাকীৰ ঘটনাই দেখুৱাইছে যে ব্যৱসায়িক আয়ৰ সঠিক নথি-পত্ৰ সংৰক্ষণ নকৰিলে আয়কৰৰ জটিলতাৰ সন্মুখীন হ’ব পাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হেব্ৰনৰ সমীপত ৰাষ্ট্ৰসংঘ আৰু চিকিৎসা সাহায্যকাৰী দলক আটক ইজৰাইলী সেনাৰ; ৬জন পেলেষ্টাইনী কৃষককো গ্ৰেপ্তাৰ

পশ্চিম পাৰৰ হেব্ৰনৰ দক্ষিণ অংশত ইজৰাইলী সেনাই ৰাষ্ট্ৰসংঘৰ মানৱীয়...

আমক লৈ তীব্ৰ সংঘাত চলিছে দুই ৰাজ্যৰ কৃষকৰ; আপুনি মই ভবাৰ দৰে নহয় এই কাহিনী

মহাৰাষ্ট্ৰৰ কোংকণ অঞ্চল আৰু গুজৰাটৰ ভালছাদৰ আম খেতিয়কসকলৰ মাজত...

বাংলাদেশত অশান্তি অব্যাহত, ২৪ ঘণ্টাত আওয়ামী লীগৰ ৩৩৮ নেতা-কৰ্মী গ্ৰেপ্তাৰ; গোপালগঞ্জত মোবাইল বেংকিং সেৱা বন্ধ

বাংলাদেশত ৰাজনৈতিক উত্তেজনা আৰু হিংসাত্মক ঘটনাক লৈ পৰিস্থিতি ক্ৰমাৎ...

‘ডিচেম্বৰত শ্বেখ হাছিনা নহয়, কেৱল শীত আহিব’—বাংলাদেশ চৰকাৰৰ মন্ত্ৰীৰ মন্তব্য; হাছিনাৰ প্ৰত্যাৱৰ্তনক লৈ অস্বীকাৰ

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ দেশলৈ প্ৰত্যাৱৰ্তনক লৈ চলি...