অসমীয়া চলচ্চিত্ৰ জগতলৈ আন এক গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া ছবি ‘আদিশক্তি’। শেহতীয়াকৈ অনুষ্ঠিত ৪৭ সংখ্যক ইণ্ডিয়ান ইণ্ডিপেণ্ডেণ্ট ফিল্ম ফেষ্টিভেলত ছবিখনে ‘শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্যৰ ছবি’ শিতানত বিশেষ জুৰী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। অক্টোবৰ–নৱেম্বৰ মাহত অনুষ্ঠিত এই চলচ্চিত্ৰ মহোৎসৱত ছবিখনে লাভ কৰা এই স্বীকৃতিয়ে অসমীয়া চলচ্চিত্ৰ জগতলৈ কঢ়িয়াই আনিছে বিশেষ সন্মান।
আইৰা ম’শ্যন পিকচাৰ্ছৰ বেনাৰত নিৰ্মিত ছবিখনৰ পৰিচালনা কৰিছে বিতোপন কাশ্যপে। ইন্দ্ৰানী বৰুৱাৰ কাহিনীৰে নিৰ্মিত ছবিখনে অহা ৪ ডিচেম্বৰ, ২০২৬ তাৰিখে সমগ্ৰ অসমৰ ছবিগৃহত মুক্তি লাভ কৰিব।
উল্লেখ্য যে, ছবিগৃহত মুক্তি লাভৰ পূৰ্বেই ৰাষ্ট্ৰীয় পৰ্যায়ৰ চলচ্চিত্ৰ মহোৎসৱত ‘আদিশক্তি’য়ে লাভ কৰা এই স্বীকৃতিয়ে ছবিখনক লৈ ৰাজ্যৰ চলচ্চিত্ৰপ্ৰেমী দৰ্শকৰ মাজত বিশেষ উৎসাহৰ সৃষ্টি কৰিছে।
