জুৰোডস্থিত Rianshi Developersৰ ব্যৱসায়িক প্ৰতিষ্ঠানত GSTৰ অভিযান, কৰ ফাঁকিৰ অভিযোগ

গুৱাহাটীৰ জু ৰোডস্থিত ৰিয়েল ইষ্টেট কোম্পানী Rianshi Developersৰ ব্যৱসায়িক প্ৰতিষ্ঠানত GST বিভাগৰ অভিযান। ২৫ নৱেম্বৰৰ পৰা GST Intelligence and Enforcement Unit, Assam-এ অব্যাহত ৰাখিছে এই অভিযান।

ফ্লেট নিৰ্মাণ আৰু বিক্ৰীৰ সৈতে জড়িত কোম্পানীটোৰ বিৰুদ্ধে উত্থাপিত হৈছে ব্যাপক কৰ ফাঁকিৰ অভিযোগ। কোম্পানীটোৰ সঞ্চালক নেহা বাজাজ আৰু কিশান বাজাজ।

অভিযোগ অনুসৰি, প্ৰকৃত টাৰ্ণঅ’ভাৰ গোপন কৰি চৰকাৰক কম পৰিমাণৰ কৰ আদায় দি আহিছিল কোম্পানীটোৱে। আনহাতে, Input Tax Credit (ITC)ৰ সুবিধা নথকা সত্ত্বেও ITC দাবী কৰি কৰ ফাঁকিৰ চেষ্টা চলোৱাৰ অভিযোগো উত্থাপন হৈছে।

প্ৰাথমিক তদন্তত কোম্পানীটোৰ বৃহৎ পৰিমাণৰ কৰ ফাঁকিৰ তথ্য পোহৰলৈ অহাৰ কথা জানিব পৰা গৈছে। ৰিয়েল ইষ্টেট খণ্ডত সংঘটিত কৰ ফাঁকিৰ বিৰুদ্ধে GST Intelligenceৰ বিশেষ নজৰ অব্যাহত থকাৰ মাজতে এই অভিযান তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related