দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ অসম চৰকাৰৰ। উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হোৱা দৰঙৰ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ প্ৰাক্তন মহাপ্ৰবন্ধক (GM) হেমন্ত কুমাৰ তালুকদাৰৰ বিৰুদ্ধে গ্ৰহণ কৰা হৈছে কঠোৰ ব্যৱস্থা। বিষয়াগৰাকীৰ অৱসৰকালীন সকলো পেঞ্চন সুবিধা স্থায়ীভাৱে কৰ্তনৰ নিৰ্দেশ দিছে চৰকাৰে। সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে তেওঁৰ পেঞ্চন আৰু গ্ৰেচুইটি।
উল্লেখ্য যে, ২০২২ চনৰ ২৪ মে’ত উৎকোচ গ্ৰহণ কৰাৰ সময়তে অসম চৰকাৰৰ ভিজিলেন্স আৰু দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে গ্ৰেপ্তাৰ কৰিছিল হেমন্ত কুমাৰ তালুকদাৰক। PMEGP আঁচনিৰ অধীনত ১০ লাখ টকাৰ ঋণ অনুমোদন কৰি দিয়াৰ নামত উৎকোচ দাবী আৰু গ্ৰহণ কৰাৰ অভিযোগ উঠিছিল বিষয়াগৰাকীৰ বিৰুদ্ধে।
পৰৱৰ্তী সময়ত বিভাগীয় তদন্তত তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ প্ৰমাণিত হয়। ২০২২ চনৰ ৩১ ডিচেম্বৰত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল হেমন্ত কুমাৰ তালুকদাৰে। কিন্তু অৱসৰৰ পিছতো দুৰ্নীতিৰ শাস্তিৰ পৰা ৰেহাই নাপালে প্ৰাক্তন বিষয়াগৰাকীয়ে।
ইফালে, বিষয়াগৰাকীৰ বিৰুদ্ধে ৰুজু হৈ থকা দুৰ্নীতিৰ গোচৰ এতিয়াও বিশেষ ন্যায়াধীশৰ আদালতত বিচাৰাধীন হৈ আছে। চৰকাৰৰ এই কঠোৰ সিদ্ধান্তই দুৰ্নীতিৰ বিৰুদ্ধে গ্ৰহণ কৰা শূন্য সহনশীলতাৰ স্থিতি পুনৰ স্পষ্ট কৰিলে।
