জম্মু-কাশ্মীৰত ধাৰাবাহিক সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছতে নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (CRPF)-এ। কুলগামত CRPFৰ ৪৬ নম্বৰ বেটেলিয়নৰ শিবিৰত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছতে বাহিনীটোৱে জাৰি কৰিছে এক নতুন নিৰ্দেশনা।
নতুন নিৰ্দেশনা অনুসৰি, কৰ্তব্যৰত অৱস্থাত প্ৰতিগৰাকী জোৱানৰ বাবে বুলেটপ্ৰুফ জেকেট আৰু অন্যান্য সুৰক্ষা সঁজুলি পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে। লগতে কৰ্তব্যৰ সময়ত অত্যধিক মোবাইল ফোন ব্যৱহাৰ নকৰিবলৈও পৰামৰ্শ দিয়া হৈছে।
নিৰ্দেশনাত নাকা চেকিং পইণ্ট আৰু স্থায়ী নিৰাপত্তা চকীসমূহ বুলেটপ্ৰুফ কৰা, টহলদাৰীৰ সময়ত সতৰ্কতা বৃদ্ধি আৰু বাহিনী মোতায়েন কৰা স্থানত পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
ইয়াৰ উপৰি জোৱানসকলৰ মাজত নিয়মীয়া যোগাযোগ বজাই ৰখা, জ্যেষ্ঠ বিষয়াসকলৰ নিৰাপত্তা ব্যৱস্থাৰ ওপৰত নিৰীক্ষণ, জিলা আৰক্ষীৰ সৈতে সমন্বয় আৰু নিৰ্ধাৰিত SOP মানি চলাৰ নিৰ্দেশ দিয়া হৈছে।
কোনো আক্ৰমণ বা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ’লে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ বাবেও জোৱানসকলক সাজু থাকিবলৈ কোৱা হৈছে। নিৰ্দেশনাসমূহ সঠিকভাৱে পালন কৰা হৈছে নে নাই, সেয়া ইউনিট আৰু কোম্পানী কমাণ্ডাৰসকলে নিজে পৰীক্ষা কৰিব লাগিব। কৰ্তব্যত গাফিলতি কোনো কাৰণতে সহ্য কৰা নহ’ব বুলিও স্পষ্ট কৰি দিছে CRPF-এ।
উল্লেখ্য যে, যোৱা বুধবাৰে CRPFৰ শিবিৰত সন্ত্ৰাসবাদীয়ে ধাৰাসাৰ গুলীচালনা কৰিছিল। এই আক্ৰমণত তিনিগৰাকী জোৱান আহত হৈছিল। প্ৰাথমিক তদন্ত অনুসৰি, তিনিজন সন্ত্ৰাসবাদীয়ে জংঘলৰ মাজেৰে আহি শিবিৰটোত আক্ৰমণ চলাইছিল আৰু গুলীচালনাৰ পিছত পুনৰ জংঘলৰ পথেৰে পলায়ন কৰিছিল। CCTV ফুটেজ পৰীক্ষা কৰি এই তথ্য লাভ কৰিছিল তদন্তকাৰীসকলে। আক্ৰমণকাৰীয়ে মুঠ ৩০ জাঁই গুলীচালনা কৰা বুলি জানিব পৰা গৈছে।
এই ঘটনাৰ পিছতে কাশ্মীৰ উপত্যকাত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰাৰ লগতে সন্ত্ৰাসবাদীৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ সতৰ্কতা বৃদ্ধি কৰিছে নিৰাপত্তা বাহিনীয়ে।
