দুলীয়াজানৰ চাঞ্চল্যকৰ ত্ৰিপল মাৰ্ডাৰ কাণ্ডত আৰক্ষীৰ জালত পৰিছে দুই অভিযুক্ত ৰাজু দাস আৰু অমিৰ দাস। অৱধ আছাম এক্সপ্ৰেছ ৰে’লযোগে পলায়নৰ চেষ্টা কৰাৰ সময়তে শিমলুগুৰি ৰে’লৱে ষ্টেচনৰ সমীপত দুয়োকে আটক কৰে আৰক্ষীয়ে। জানিব পৰা মতে, তিনিচুকীয়াৰ পৰা ৰে’লযোগে পলায়ন কৰিছিল অভিযুক্ত দুজনে।
একেটা পৰিয়ালৰ তিনিগৰাকীকৈ সদস্যক হত্যাৰ অভিযোগত অভিযুক্ত দুয়োজন। ইয়াৰে ৰাজু দাস নিহত ভূঞা পৰিয়ালটোৰ ঘৰৰ কেয়াৰটেকাৰ হিচাপে কৰ্মৰত আছিল। আনহাতে, অমিৰ দাস হৈছে ৰাজুৰ মাহীয়েকৰ পুত্ৰ আৰু হত্যাকাণ্ডত সহযোগিতা কৰাৰ অভিযোগ উত্থাপিত হৈছে তেওঁৰ বিৰুদ্ধে।
ইফালে, ৰাজু দাসৰ পূৰ্বৰো অপৰাধমূলক কাৰ্যকলাপৰ সৈতে জড়িত থকাৰ তথ্য পোহৰলৈ আহিছে। অপহৰণৰ গোচৰত জড়িত থকাৰ অভিযোগত পূৰ্বে ৰাইজে তেওঁক ডিগবৈমুখৰ বামুণগাঁৱৰ পৰা খেদি পঠিয়াইছিল। টিপলিঙৰ বামুণগাঁও আছিল ৰাজুৰ স্থায়ী ঠিকনা। অপহৰণৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত ক্ষুব্ধ ৰাইজে তেওঁৰ ঘৰটোও জ্বলাই দিছিল বুলি জানিব পৰা গৈছে।
ইয়াৰ পিছতে ৰাজুৱে পৰিয়ালৰ সৈতে ঘৰ এৰি ভূঞা পৰিয়ালৰ ঘৰত দীৰ্ঘদিন ধৰি ভাৰাতীয় হিচাপে বাস কৰিছিল। তেওঁৰ সৈতে পিতৃ, মাতৃ আৰু ভগ্নীও আছিল। আনহাতে, সহযোগী অমিৰ দাসৰ ঘৰ সোণাৰিত বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, দুলীয়াজানৰ কমলাবাৰীত অইলৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী চন্দ্ৰকান্ত ভূঞা, তেওঁৰ পত্নী এলিজা ভূঞা আৰু কন্যা নিহাৰিকাৰ মৃতদেহ নিজ বাসগৃহৰ তিনিটা পৃথক কোঠাত উদ্ধাৰ হৈছিল। এই নৃশংস হত্যাকাণ্ডই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল।
ইফালে, দুৰ্ভগীয়া ভূঞা পৰিয়ালটোৰ প্ৰকৃত ঘৰ চৰাইদেউ জিলাৰ মৰাণজানত। আজি চৰাইদেউৰ নিজ বাসগৃহত তিনিওগৰাকী মৃতকৰ শেষকৃত্য সম্পন্ন কৰাৰ ব্যৱস্থা কৰা হৈছে।
দুই অভিযুক্তক আটক কৰাৰ পিছত হত্যাকাণ্ডৰ আঁৰৰ কাৰণ আৰু ঘটনাৰ সৈতে জড়িত অন্যান্য দিশ পোহৰলৈ আনিবলৈ আৰক্ষীয়ে পৰৱৰ্তী তদন্ত অব্যাহত ৰাখিছে।
