আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটন ডি.চি.-ত ‘ডাৰ্টি বোমা’ অথবা ৰাসায়নিক অস্ত্ৰ ব্যৱহাৰ কৰি আক্ৰমণ চলোৱাৰ সম্ভাৱ্য পৰিকল্পনা প্ৰস্তুত কৰিছে ইৰাণে। আমেৰিকাৰ নতুন চোৰাংচোৱা তথ্যৰ উদ্ধৃতি দি এই চাঞ্চল্যকৰ দাবী কৰিছে সাতজন আমেৰিকান বিষয়াৰ সৈতে পৰিচিত সূত্ৰই। এই সম্ভাৱ্য আক্ৰমণৰ লক্ষ্য হ’ব পাৰে ট্ৰাম্প প্ৰশাসনৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া।
প্ৰকাশিত তথ্য অনুসৰি, ইৰাণৰ পৰিকল্পনাত সম্ভাৱ্য আক্ৰমণৰ স্থান আৰু লক্ষ্য ব্যক্তিৰ বিষয়েও নিৰ্দিষ্ট তথ্য সন্নিৱিষ্ট হৈছে। অৱশ্যে, বৰ্তমানলৈকে আক্ৰমণ সংঘটিত কৰাৰ চূড়ান্ত সিদ্ধান্ত লোৱা হৈছে বুলি কোনো প্ৰমাণ পোৱা নাই। আমেৰিকাৰ বিষয়াসকলৰ মতে, এই পৰিকল্পনা তাৎক্ষণিক আক্ৰমণৰ ইংগিত নহয়, বৰং ভৱিষ্যতৰ বাবে বিভিন্ন বিকল্প সাজু কৰি ৰখাৰ এক প্ৰচেষ্টা হ’ব পাৰে।
এই ভাবুকিৰ পৰিপ্ৰেক্ষিতত আমেৰিকাৰ নিৰাপত্তা সংস্থাসমূহে জৰুৰীভাৱে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি চলাইছে। যোৱা সপ্তাহত এই সন্দৰ্ভত কেইবাখনো উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হোৱা বুলিও সূত্ৰসমূহে প্ৰকাশ কৰিছে।
হোৱাইট হাউছৰ মুখপাত্ৰ লৰেন বিছে অৱশ্যে কয় যে আমেৰিকাই সকলো সম্ভাৱ্য ভাবুকিৰ ওপৰত নজৰ ৰাখিছে যদিও বৰ্তমান দেশখনৰ ভিতৰত কোনো বিশ্বাসযোগ্য ভাবুকি নাই।
উল্লেখ্য যে, ডাৰ্টি বোমা হৈছে সাধাৰণ বিস্ফোৰকৰ সৈতে তেজস্ক্ৰিয় পদাৰ্থ সংযুক্ত কৰি প্ৰস্তুত কৰা একধৰণৰ অস্ত্ৰ। পাৰমাণৱিক বোমাৰ দৰে ইয়াত পাৰমাণৱিক বিস্ফোৰণ নহয় যদিও বিস্ফোৰণৰ ফলত তেজস্ক্ৰিয় পদাৰ্থ পৰিৱেশত বিয়পি পৰিব পাৰে। বিশেষজ্ঞসকলৰ মতে, এনে আক্ৰমণত প্ৰত্যক্ষ বিস্ফোৰণৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ লগতে তেজস্ক্ৰিয় দূষণে দীৰ্ঘম্যাদী আতংক আৰু স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰিব পাৰে।
আমেৰিকাৰ চোৰাংচোৱা সংস্থাই ইৰাণৰ সৈতে জড়িত কিছুমান কথোপকথনৰ তথ্য লাভ কৰিছে, য’ত আমেৰিকাৰ ভিতৰতে বোমা নিৰ্মাণৰ সামগ্ৰী মজুত কৰি ৰখাৰ দাবী কৰা হৈছে। অৱশ্যে এই তথ্যৰ বিশ্বাসযোগ্যতাক লৈ আমেৰিকাৰ বিষয়াসকলৰ মাজত মতভেদ আছে। আনহাতে, আমেৰিকাত ইতিমধ্যে বসবাস কৰি থকা কোনো ব্যক্তিক ব্যৱহাৰ কৰিও এনে আক্ৰমণ সংঘটিত কৰাৰ সম্ভাৱনা উত্থাপন কৰিছে চোৰাংচোৱা সূত্ৰই।
ইফালে, ইৰাণৰ পৰা অহা ভাবুকিৰ পৰিপ্ৰেক্ষিতত আমেৰিকাৰ বিত্ত সচিব স্কট বেছেণ্টক যোৱা সপ্তাহত সামৰিক বাহিনীৰ আৱাসগৃহলৈ স্থানান্তৰ কৰিছিল ছিক্ৰেট ছাৰ্ভিছে। ট্ৰাম্পৰ প্ৰথমটো কাৰ্যকালৰ পৰাই আমেৰিকাৰ বৰ্তমান আৰু প্ৰাক্তন বিষয়াসকলক লক্ষ্য কৰি ইৰাণৰ সৈতে জড়িত হত্যাৰ পৰিকল্পনাৰ অভিযোগ উত্থাপিত হৈ আহিছে। ২০২৪ চনত ট্ৰাম্পক লক্ষ্য কৰি ধন দি হত্যাকাৰী নিয়োগ কৰাৰ এক পৰিকল্পনাৰ কথাও পূৰ্বে পোহৰলৈ আহিছিল।
আনহাতে, মধ্যপ্ৰাচ্যত নিয়োজিত আমেৰিকান সেনাৰ বিৰুদ্ধেও ইৰাণে ৰাসায়নিক অস্ত্ৰ ব্যৱহাৰ কৰিব পাৰে বুলি নতুনকৈ উদ্বেগ প্ৰকাশ কৰিছে আমেৰিকাৰ বিষয়াসকলে। এই সন্দৰ্ভত আমেৰিকাৰ সেনাৰ পৰ্যাপ্ত সুৰক্ষা সঁজুলি আৰু প্ৰশিক্ষণ নথকাৰ বিষয়েও কেইবাজনো বিষয়াই আশংকা প্ৰকাশ কৰিছে। অঞ্চলটোত কৰ্মৰত আমেৰিকাৰ কূটনৈতিক আৰু চোৰাংচোৱা কৰ্মচাৰীসকলৰ সুৰক্ষাৰ বাবেও পৃথক প্ৰস্তুতি চলোৱা হৈছে।
এই পৰিস্থিতিৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে গুৰুত্বপূৰ্ণ এখন চোৰাংচোৱা আইন পুনৰ কাৰ্যকৰী কৰাৰ দাবী উত্থাপন কৰিছে এটৰ্নী জেনেৰেল টড ব্লেঞ্চ, ৰাষ্ট্ৰীয় চোৰাংচোৱা সঞ্চালক জে ক্লেটন আৰু CIA-ৰ সঞ্চালক জন ৰেটক্লিফে। তেওঁলোকৰ মতে, বিদেশী নাগৰিকৰ যোগাযোগ নিৰীক্ষণৰ ক্ষেত্ৰত এই আইন অত্যন্ত গুৰুত্বপূৰ্ণ। আইনখন পুনৰ অনুমোদন লাভ নকৰিলে দেশৰ ভিতৰত থকা নাগৰিক আৰু বিদেশত নিয়োজিত আমেৰিকান সেনাৰ নিৰাপত্তা বিঘ্নিত হ’ব পাৰে।
ইফালে, হৰমুজ প্ৰণালীক কেন্দ্ৰ কৰি আমেৰিকা আৰু ইৰাণৰ মাজত চলি থকা সংঘাতৰ অৱসান ঘটোৱাৰ কূটনৈতিক প্ৰচেষ্টাও এতিয়ালৈকে সফল হোৱা নাই। আমেৰিকাৰ অৱৰোধ উঠাই লোৱা, হৰমুজ প্ৰণালী পুনৰ মুকলি কৰা আৰু যুদ্ধৰ অৱসান ঘটোৱাৰ বিষয়ত দুয়োপক্ষৰ মাজত মতানৈক্য অব্যাহত আছে।
আঞ্চলিক সূত্ৰৰ মতে, আগন্তুক কেইটামান সপ্তাহ এই সংঘাতৰ ভৱিষ্যতৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। ইৰাণৰ কট্টৰপন্থী অথবা শাসন ব্যৱস্থাৰ ভিতৰত থকা নিয়ন্ত্ৰণৰ বাহিৰৰ শক্তিসমূহে শান্তি আলোচনাত বাধা সৃষ্টি কৰিবলৈ আক্ৰমণৰ পথ বাছি ল’ব পাৰে বুলিও আশংকা কৰা হৈছে।
আমেৰিকাৰ এগৰাকী বিষয়াৰ মতে, এনে অস্ত্ৰ ব্যৱহাৰ কৰিলে ইৰাণে ভয়াৱহ প্ৰত্যাক্ৰমণৰ সন্মুখীন হ’ব লাগিব বুলি ভালদৰেই জানে। কিন্তু ইৰাণৰ নেতৃত্বই যদি শাসন ব্যৱস্থাৰ অস্তিত্ব সংকটাপন্ন বুলি অনুভৱ কৰে, তেন্তে তেওঁলোকে এনে বিপজ্জনক পদক্ষেপ গ্ৰহণ কৰাৰ কথাও বিবেচনা কৰিব পাৰে।
উল্লেখ্য যে, আমেৰিকাৰ চোৰাংচোৱা তথ্যৰ উদ্ধৃতিৰে প্ৰকাশিত এই সম্ভাৱ্য আক্ৰমণৰ পৰিকল্পনাৰ দাবী ইৰাণে অস্বীকাৰ কৰিছে। ৰাষ্ট্ৰসংঘত থকা ইৰাণৰ প্ৰতিনিধিয়ে ৰাসায়নিক অস্ত্ৰ ব্যৱহাৰৰ অভিযোগক ভিত্তিহীন আৰু মিছা বুলি অভিহিত কৰিছে।
