কাৰাগাৰৰ বন্ধ দুৱাৰৰ আঁৰতো শিক্ষাৰ পোহৰ। কাৰাবন্দী অৱস্থাতে স্নাতক পৰীক্ষাত শীৰ্ষস্থান দখল কৰি সোণৰ পদক অৰ্জন

কাৰাগাৰৰ চাৰি বেৰৰ মাজত বন্দী হৈ থাকিলেও থমকি নৰয় জ্ঞান আহৰণৰ যাত্ৰা। জীৱনৰ কঠিন পৰিস্থিতিৰ মাজতো শিক্ষা আৰু অধ্যৱসায়ে যে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব পাৰে, তাৰ এক উদাহৰণ দাঙি ধৰিছে অন্ধ্ৰপ্ৰদেশৰ এগৰাকী কাৰাবন্দীয়ে।

ৰাজামহেন্দ্ৰৱৰম কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ থকা এন সুৰেশে কাৰাগাৰৰ ভিতৰতে থাকি স্নাতক ডিগ্ৰীৰ পৰীক্ষাত কৃতিত্ব অৰ্জন কৰিছে। POCSO গোচৰত ২০ বছৰৰ কাৰাদণ্ড ভোগ কৰি থকা সুৰেশে দূৰশিক্ষাৰ জৰিয়তে অধ্যয়ন অব্যাহত ৰাখি ড০ বি আৰ আম্বেদকাৰ মুক্ত বিশ্ববিদ্যালয়ে অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত অনুষ্ঠিত কৰা স্নাতক কলা শাখাৰ পৰীক্ষাত সৰ্বাধিক নম্বৰ লাভ কৰিছে। ইয়াৰ স্বীকৃতিস্বৰূপে তেওঁ লাভ কৰিছে BA প্ৰতিভা সোণৰ পদক।

হায়দৰাবাদত অনুষ্ঠিত বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত তেলেংগানাৰ ৰাজ্যপাল শিৱ প্ৰতাপ শুক্লাই সুৰেশৰ হাতত সোণৰ পদক আৰু গ্ৰন্থ পুৰস্কাৰ তুলি দিয়ে।

কাৰাগাৰৰ জীৱনতে কিতাপৰ সৈতে গঢ়ি উঠা সম্পৰ্কই সুৰেশৰ চিন্তাধাৰাত নতুন দিশৰ সূচনা কৰে। তেওঁ কয় যে জীৱনৰ কঠিন সময়ছোৱাত কাৰাগাৰৰ কৰ্মচাৰীসকলে তেওঁক যথেষ্ট সহায় কৰিছে। কিতাপৰ সংস্পৰ্শলৈ অহাৰ পিছতে তেওঁ এখন নতুন পৃথিৱী আৱিষ্কাৰ কৰাৰ অনুভৱ কৰিছিল।

কাৰাগাৰৰ পৰা মুক্তি লাভ কৰাৰ পিছত এক নতুন জীৱন গঢ়ি তোলাৰ লক্ষ্যৰে বৰ্তমান নিজৰ সকলো শক্তি আৰু সামৰ্থ্য অধ্যয়নৰ লগতে ভৱিষ্যৎ গঢ়াৰ দিশত নিয়োজিত কৰিছে বুলিও জানিবলৈ দিয়ে সুৰেশে। তেওঁৰ ভাষাত, জীৱনৰ সংকট আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ আশাবাদেই হৈছে আটাইতকৈ ডাঙৰ শক্তি।

উল্লেখ্য যে, কাৰাবন্দীসকলৰ মাজত শিক্ষাৰ প্ৰসাৰৰ বাবে ৰাজামহেন্দ্ৰৱৰম কেন্দ্ৰীয় কাৰাগাৰতো বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। কাৰাগাৰৰ চৌহদতে স্থাপন কৰা হৈছে ড০ বি আৰ আম্বেদকাৰ মুক্ত বিশ্ববিদ্যালয়ৰ এটা বিশেষ অধ্যয়ন কেন্দ্ৰ। বৰ্তমান প্ৰায় ১০০গৰাকী কাৰাবন্দীয়ে বিভিন্ন পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে।

কাৰাগাৰৰ অধীক্ষক ভি সন্যাসী ৰাৱে জনোৱা মতে, সুৰেশে কাৰাগাৰত থকা সময়ছোৱাত ভাল আচৰণ বজাই ৰাখিছিল। তেওঁৰ এই সফলতাৰ আঁৰত আছে অধ্যৱসায় আৰু কাৰাগাৰ কৰ্তৃপক্ষৰ সহযোগিতা। কাৰাবন্দীসকলক কেৱল বন্দিত্বৰ মাজতে সীমাবদ্ধ নাৰাখি শিক্ষা, বৃত্তিমূলক প্ৰশিক্ষণ আৰু ব্যক্তিত্ব বিকাশৰ জৰিয়তে সমাজলৈ ঘূৰি যোৱাৰ বাবে প্ৰস্তুত কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে।

সুৰেশৰ এই সফলতাই পুনৰ প্ৰমাণ কৰিলে যে পৰিস্থিতিয়ে মানুহৰ স্বাধীনতা সীমিত কৰিব পাৰে, কিন্তু শিক্ষা আহৰণৰ ইচ্ছা আৰু নিজকে সলনি কৰাৰ সংকল্পক সহজে বন্দী কৰিব নোৱাৰে।

জীৱনৰ প্ৰতিটো অন্ধকাৰৰ পাছতেই থাকে পোহৰৰ সম্ভাৱনা, মাথোঁ আগুৱাই যোৱাৰ সাহস আৰু ইচ্ছাশক্তি থাকিব লাগে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২০০৪ চনত কিয় প্ৰধানমন্ত্ৰীৰ পদ গ্ৰহণ নকৰিলে ছোনিয়া গান্ধীয়ে? মনমোহন সিঙক বাছনি কৰাৰ আঁৰৰ কাৰণ প্ৰকাশ আত্মজীৱনীত

২০০৪ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ মিত্ৰজোঁটে বিজয়...

ভাৰতীয় মহিলা A দলত স্থান লাভ উমা চেত্ৰীৰ। ইংলেণ্ড A দলৰ বিৰুদ্ধে MULTI-DAY স্কোৱাডত স্থান লাভ উমাৰ

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত পুনৰ উজলিল অসমৰ মহিলা ক্ৰিকেটাৰ উমা ছেত্ৰী।...