২০০৪ চনত কিয় প্ৰধানমন্ত্ৰীৰ পদ গ্ৰহণ নকৰিলে ছোনিয়া গান্ধীয়ে? মনমোহন সিঙক বাছনি কৰাৰ আঁৰৰ কাৰণ প্ৰকাশ আত্মজীৱনীত

২০০৪ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ মিত্ৰজোঁটে বিজয় সাব্যস্ত কৰাৰ পাছত দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে ছোনিয়া গান্ধীৰ নাম চৰ্চালৈ আহিছিল। কিন্তু সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই তেওঁ নিজে প্ৰধানমন্ত্ৰীৰ পদ গ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছিল। তাৰ পৰিৱৰ্তে ড০ মনমোহন সিঙক দেশৰ নেতৃত্বৰ দায়িত্ব অৰ্পণ কৰিছিল।

দীৰ্ঘদিন ধৰি চৰ্চিত হৈ থকা সেই সিদ্ধান্তৰ আঁৰৰ কাৰণ এইবাৰ নিজৰ আত্মজীৱনী ‘Belonging: A Journey of Love’ত বিস্তৃতভাৱে প্ৰকাশ কৰিছে ছোনিয়া গান্ধীয়ে। তেওঁৰ মতে, মনমোহন সিং আছিল এগৰাকী নিৰ্দোষ ভাবমূৰ্তিৰ, গভীৰ প্ৰশাসনিক অভিজ্ঞতাসম্পন্ন আৰু অসাধাৰণ সততাৰ অধিকাৰী ব্যক্তি। দেশৰ শাসনভাৰ তেওঁৰ হাতত সুৰক্ষিত হৈ থাকিব বুলি ছোনিয়াৰ দৃঢ় বিশ্বাস আছিল।

আত্মজীৱনীত ছোনিয়া গান্ধীয়ে উল্লেখ কৰিছে যে প্ৰধানমন্ত্ৰীৰ পদৰ বাবে কংগ্ৰেছৰ কেইবাগৰাকীও জ্যেষ্ঠ আৰু অভিজ্ঞ নেতা উপযুক্ত আছিল। কিন্তু তেওঁলোকৰ মাজত ড০ মনমোহন সিং আছিল এক ব্যতিক্ৰমী ব্যক্তি।

ছোনিয়াৰ ভাষ্য অনুসৰি, মনমোহন সিঙৰ প্ৰশাসনিক জ্ঞান আছিল গভীৰ আৰু তেওঁৰ সততাক লৈ কোনো প্ৰশ্ন উত্থাপন কৰিব পৰা নাছিল। এগৰাকী অৰ্থনীতিবিদ হিচাপে তেওঁৰ অভিজ্ঞতা আৰু দেশৰ অৰ্থনৈতিক নীতি নিৰ্ধাৰণত থকা অৱদানেও ছোনিয়াক আকৰ্ষিত কৰিছিল।

১৯৯০ৰ দশকৰ আৰম্ভণিতে তদানীন্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওৰ চৰকাৰত বিত্তমন্ত্ৰী হিচাপে মনমোহন সিঙে ভাৰতৰ অৰ্থনৈতিক সংস্কাৰৰ সূচনা কৰিছিল। এই অভিজ্ঞতাই তেওঁক দেশৰ অৰ্থনীতি আৰু প্ৰশাসন পৰিচালনাৰ ক্ষেত্ৰত বিশেষভাৱে যোগ্য কৰি তুলিছিল।

ছোনিয়াই লগতে উল্লেখ কৰিছে যে মনমোহন সিং কংগ্ৰেছৰ কোনো নিৰ্দিষ্ট গোটৰ সৈতে জড়িত নাছিল। সেই সময়ত ইউপিএ চৰকাৰক বাওঁপন্থী দলসমূহেও সমৰ্থন আগবঢ়াবলৈ ওলাইছিল। এনে পৰিস্থিতিত মনমোহন সিঙৰ নেতৃত্বই চৰকাৰৰ অৰ্থনৈতিক নীতি আৰু প্ৰশাসনিক সক্ষমতাক লৈ থকা সংশয় দূৰ কৰিব পাৰিব বুলি তেওঁ বিশ্বাস কৰিছিল।

মনমোহন সিঙৰ ব্যক্তিগত জীৱন আৰু সংগ্ৰামৰ কথাও আত্মজীৱনীত উল্লেখ কৰিছে ছোনিয়া গান্ধীয়ে। তেওঁৰ মতে, বৰ্তমান পাকিস্তানৰ অন্তৰ্গত অঞ্চলৰ এখন গাঁৱৰ এটি শিখ পৰিয়ালত জন্মগ্ৰহণ কৰা মনমোহন সিঙে শৈশৱতে মাতৃক হেৰুৱাইছিল। জীৱনৰ কঠিন পৰিস্থিতিৰ মাজেৰে আগবাঢ়ি তেওঁ নিজৰ মেধা আৰু অধ্যৱসায়ৰ বলত অক্সফৰ্ড আৰু কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিবলৈ সক্ষম হৈছিল।

এগৰাকী বিশিষ্ট অৰ্থনীতিবিদ আৰু প্ৰশাসনিক বিশেষজ্ঞ হিচাপে তেওঁৰ পৰিচয়ৰ লগতে ব্যক্তিগত জীৱনৰ নম্ৰতা, সহানুভূতিশীল মনোভাব আৰু সততাকো বিশেষ গুৰুত্ব দিছে ছোনিয়াই।

তেওঁৰ ভাষাত, ভাৰতৰ দৰে এখন বৃহৎ দেশৰ দায়িত্ব মনমোহন সিঙৰ হাতত অৰ্পণ কৰাত তেওঁ কোনো আশংকা অনুভৱ কৰা নাছিল। জ্যেষ্ঠ কংগ্ৰেছ নেতাসকলৰ সৈতে আলোচনা কৰাৰ পাছত মনমোহন সিঙৰ নাম প্ৰস্তাৱ কৰাত কোনেও আপত্তি কৰা নাছিল। তেওঁৰ অভিজ্ঞতা আৰু সৎ ভাবমূৰ্তিক লৈ প্ৰশ্ন উত্থাপন কৰাৰ অৱকাশ নাছিল বুলিও ছোনিয়াই উল্লেখ কৰিছে।

আত্মজীৱনীৰ আন এটা গুৰুত্বপূৰ্ণ অংশত ছোনিয়া গান্ধীয়ে প্ৰকাশ কৰিছে যে তেওঁৰ সন্তান ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে তেওঁক প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল।

২০০৪ চনৰ নিৰ্বাচনৰ কেইমাহমান পূৰ্বে পৰিয়ালৰ মাজত এই বিষয়টো আলোচনা হৈছিল। সেই সময়ত সন্তানসকলে ছোনিয়াক প্ৰশ্ন কৰিছিল যে কংগ্ৰেছে নিৰ্বাচনত জয়লাভ কৰিলে তেওঁ প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিব নেকি?

ইয়াৰ উত্তৰত ছোনিয়াই স্পষ্টকৈ কৈছিল—‘একেবাৰেই নহয়।’ সন্তানসকলে পুনৰ নিশ্চিত হ’ব বিচৰাত তেওঁ নিজৰ সিদ্ধান্তত অটল বুলি জনাইছিল।

ইয়াৰ আঁৰত আছিল পৰিয়ালটোৱে অতীতত সন্মুখীন হোৱা ভয়ংকৰ দুটা হত্যাকাণ্ডৰ স্মৃতি। ১৯৮৪ চনত ইন্দিৰা গান্ধীৰ হত্যাকাণ্ড আৰু ১৯৯১ চনত ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডই ৰাহুল আৰু প্ৰিয়ংকাৰ মনত গভীৰ প্ৰভাৱ পেলাইছিল। তেওঁলোকৰ বাবে প্ৰধানমন্ত্ৰীৰ পদৰ সৈতে নিৰাপত্তাজনিত বিপদৰ কথাও জড়িত হৈ আছিল।

সন্তান দুটাৰ মতে, মাতৃয়ে দেশৰ সৰ্বোচ্চ সাংবিধানিক কাৰ্যবাহী পদ গ্ৰহণ কৰিলে তেওঁৰ জীৱনৰ প্ৰতি বিপদ বৃদ্ধি পাব পাৰে। সেয়েহে তেওঁলোকে ছোনিয়াক সেই দায়িত্ব গ্ৰহণ নকৰিবলৈ পৰামৰ্শ দিছিল।

অৱশ্যে নিৰ্বাচনত বিজয়ৰ পাছত পৰিস্থিতি কিছু সলনি হৈছিল। ইউপিএৰ কেইবাগৰাকীও মিত্ৰদলৰ নেতাই ছোনিয়া গান্ধীক প্ৰধানমন্ত্ৰীৰ পদ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছিল।

ছোনিয়াই আত্মজীৱনীত লিখিছে যে মিত্ৰজোঁটৰ নেতাসকলৰ সৈতে হোৱা এখন বৈঠকত তেওঁ নিজৰ সিদ্ধান্ত জনাবলৈ চেষ্টা কৰিছিল। কিন্তু তেওঁৰ সিদ্ধান্তৰ বিৰোধিতা কৰি নেতাসকলে প্ৰধানমন্ত্ৰীৰ পদ গ্ৰহণ কৰিবলৈ জোৰ দিছিল।

তেওঁৰ বৰ্ণনা অনুসৰি, একাংশ নেতাই তেওঁক ঘেৰি ধৰি কৈছিল যে তেওঁৰ এই সিদ্ধান্ত তেওঁলোকে মানি নলয়। তেওঁলোকৰ হেঁচাত পৰি ছোনিয়াই অতি নিম্নস্বৰত ‘ঠিক আছে’ বুলি কৈছিল। কিন্তু তেওঁৰ বাক্য সম্পূৰ্ণ হোৱাৰ পূৰ্বেই নেতাসকলে তেওঁক অভিনন্দন জনাবলৈ আৰম্ভ কৰিছিল।

এই ঘটনাৰ পাছত সন্তানসকলৰ সৈতে তেওঁৰ তীব্ৰ মতানৈক্য হৈছিল বুলিও আত্মজীৱনীত উল্লেখ কৰিছে। অৱশেষত নিজৰ অন্তৰাত্মাৰ আহ্বান শুনি প্ৰধানমন্ত্ৰীৰ পদ গ্ৰহণ নকৰাৰ সিদ্ধান্তত উপনীত হৈছিল তেওঁ।

ছোনিয়া গান্ধীয়ে আত্মজীৱনীত ২০০৪ চনৰ ১৮ মে’ৰ সেই বিশেষ দিনটোৰ কথাও সুঁৱৰিছে। সেইদিনা তেওঁ মনমোহন সিঙক লগত লৈ চৰকাৰ গঠনৰ দাবী উত্থাপন কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ গৈছিল।

ৰাষ্ট্ৰপতি ভৱনৰ দীঘল কৰিডৰ আৰু পৰিৱেশ দেখি তেওঁৰ মনত অতীতৰ বহু স্মৃতি সজীৱ হৈ উঠিছিল। ইয়াৰ পূৰ্বে তেওঁ ৰাজীৱ গান্ধী আৰু শাহুৱেক ইন্দিৰা গান্ধীৰ সৈতে বহু সময়ত সেই ভৱনলৈ গৈছিল। কিন্তু সেইদিনা তেওঁ সম্পূৰ্ণ বেলেগ এক উদ্দেশ্যৰে ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হৈছিল।

ৰাষ্ট্ৰপতি ভৱনৰ পৰা উভতি আহি ১০, জনপথৰ বাসগৃহত উপস্থিত হোৱাৰ পাছত তেওঁ মনমোহন সিঙক গাড়ীলৈ আগবঢ়াই দিছিল। কিন্তু গাড়ীৰ ভিতৰত বা তাৰ পাছতো প্ৰধানমন্ত্ৰীৰ পদৰ বিষয়ে তেওঁ মনমোহন সিঙৰ সৈতে কোনো আলোচনা কৰা নাছিল। মনমোহন সিঙেও স্বাভাৱিকভাৱে ধৰি লৈছিল যে ছোনিয়া গান্ধীয়েই প্ৰধানমন্ত্ৰী হ’ব।

অৱশেষত ২০০৪ চনৰ ২২ মে’ত ড০ মনমোহন সিঙে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। তেওঁ ২০০৯ চনত পুনৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল আৰু ২০১৪ চনলৈকে দেশৰ নেতৃত্ব বহন কৰিছিল।

ছোনিয়া গান্ধীৰ এই আত্মজীৱনীৰ বৰ্ণনাই ২০০৪ চনত প্ৰধানমন্ত্ৰী বাছনিৰ আঁৰৰ ব্যক্তিগত আৰু ৰাজনৈতিক দিশসমূহ নতুনকৈ চৰ্চালৈ আনিছে। বিশেষকৈ মনমোহন সিঙৰ সততা, অভিজ্ঞতা আৰু নেতৃত্বৰ ওপৰত থকা আস্থাই তেওঁক প্ৰধানমন্ত্ৰী হিচাপে বাছনি কৰাৰ ক্ষেত্ৰত কেনেদৰে প্ৰভাৱ পেলাইছিল, সেয়া এই গ্ৰন্থৰ অন্যতম উল্লেখযোগ্য দিশ হৈ পৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতীয় মহিলা A দলত স্থান লাভ উমা চেত্ৰীৰ। ইংলেণ্ড A দলৰ বিৰুদ্ধে MULTI-DAY স্কোৱাডত স্থান লাভ উমাৰ

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত পুনৰ উজলিল অসমৰ মহিলা ক্ৰিকেটাৰ উমা ছেত্ৰী।...