মিঠাই নহয়, দীপাৱলীত কৰ্মচাৰীক নগদ ১ লাখ টকাতকৈ অধিক উপহাৰ; বোনাচ পাই আনন্দৰ চকুলো কৰ্মচাৰীৰ

দীপাৱলীৰ আনন্দ দুগুণ কৰি তুলিলে গুজৰাটৰ চুৰাটৰ এগৰাকী বস্ত্ৰ ব্যৱসায়ীয়ে। নিজৰ প্ৰতিষ্ঠানৰ ২০গৰাকী কৰ্মচাৰীক দীপাৱলীৰ উপহাৰ হিচাপে ১ লাখ টকাৰো অধিক নগদ ধন প্ৰদান কৰি চৰ্চালৈ আহিছে ব্যৱসায়ী ৰামস্বৰূপ মুণ্ডে। ব্যৱসায়ীজনৰ এই ব্যতিক্ৰমী পদক্ষেপৰ ভিডিঅ’ বৰ্তমান ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

সাধাৰণতে দীপাৱলীৰ সময়ত প্ৰতিষ্ঠানসমূহে কৰ্মচাৰীক মিঠাই, শুকান ফলমূল অথবা কিছু পৰিমাণৰ ধন উপহাৰ হিচাপে প্ৰদান কৰে। কিন্তু সকলোকে আচৰিত কৰি চুৰাটৰ এই ব্যৱসায়ীজনে প্ৰতিগৰাকী কৰ্মচাৰীক ১ লাখ টকাৰো অধিক নগদ ধন উপহাৰ দিয়ে।

আকৰ্ষণীয় কথাটো হ’ল, সাধাৰণ খামত ধন দিয়াৰ পৰিৱৰ্তে ৰূপালী ৰঙৰ পূজাৰ থালিত সুন্দৰকৈ সজাই ৰখা হৈছিল বিভিন্ন মূল্যৰ নতুন নোটৰ বাণ্ডিল। ১০ টকাৰ পৰা ৫০০ টকীয়া নোটলৈকে বিভিন্ন মূল্যৰ নোটেৰে সজোৱা থালিসমূহ কৰ্মচাৰীসকলৰ হাতত তুলি দিয়ে তেওঁলোকৰ নিজ নিজ পত্নীয়ে।

ব্যৱসায়ীজনৰ এই অভাৱনীয় উপহাৰ লাভ কৰি আৱেগিক হৈ পৰে কৰ্মচাৰীসকল। কোনো কোনো কৰ্মচাৰীক আনন্দ আৰু কৃতজ্ঞতাত চকুলো টুকাও দেখা যায় ভাইৰেল ভিডিঅ’টোত।

এই সন্দৰ্ভত ব্যৱসায়ী ৰামস্বৰূপ মুণ্ডেই কয় যে তেওঁ নিজৰ কৰ্মচাৰীসকলক কেৱল প্ৰতিষ্ঠানৰ কৰ্মচাৰী হিচাপে নহয়, পৰিয়ালৰ সদস্য হিচাপেহে গণ্য কৰে। কৰ্মচাৰীসকলে যাতে পৰিয়ালৰ সৈতে কোনো আৰ্থিক চিন্তা নোহোৱাকৈ আনন্দৰে দীপাৱলী উদযাপন কৰিব পাৰে, সেয়াই তেওঁৰ উদ্দেশ্য।

ভিডিঅ’টো ছচিয়েল মিডিয়াত বিয়পি পৰাৰ পিছতে ব্যৱসায়ীজনৰ মহানুভৱতাৰ প্ৰশংসাত পঞ্চমুখ হৈছে নেটিজেনসকল। বহুতে এনে উদাৰ মনৰ মালিকৰ অধীনত কাম কৰাৰ ইচ্ছাও প্ৰকাশ কৰিছে। আন একাংশই মন্তব্য কৰিছে যে ধনে মানুহক ধনী কৰিব পাৰে, কিন্তু এনে উদাৰ হৃদয়েহে প্ৰকৃততে মানুহক মহান কৰি তোলে।

ব্যৱসায়ীজনৰ এই ব্যতিক্ৰমী পদক্ষেপে কৰ্মচাৰী আৰু নিয়োগকৰ্তাৰ মাজৰ সম্পৰ্কৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পোলেণ্ডত ভয়ংকৰ গুলীচালনা, ৬ জনৰ মৃত্যু, আহত ১৫

পোলেণ্ডৰ দক্ষিণ প্ৰান্তৰ ক্ৰাকোভ চহৰত শনিবাৰে সংঘটিত ভয়ংকৰ গুলীচালনাৰ...

মাত্ৰ ১৫ বছৰতে বিহাৰৰ ক্ৰিকেট দলৰ অধিনায়ক বৈভৱ সূৰ্যবংশী, সিদ্ধান্তক আদৰণি হৰভজন সিঙৰ

মাত্ৰ ১৫ বছৰ বয়সতে জ্যেষ্ঠ পৰ্যায়ৰ ক্ৰিকেটত অধিনায়কত্বৰ দায়িত্ব...