নক্সালমুক্ত ভাৰতৰ দাবী প্ৰধানমন্ত্ৰী মোদীৰ, বস্তাৰত নিৰাপত্তাৰক্ষীৰ সৈতে দীপাৱলী উদযাপন প্ৰধানমন্ত্ৰী মোদীৰ, নক্সালবাদ নিৰ্মূলৰ কৃতিত্ব অৰ্পণ জোৱানক

ছত্তীশগড়ৰ বস্তৰত নিৰাপত্তাৰক্ষীৰ সৈতে দীপাৱলী উদযাপন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেওবাৰে বস্তাৰ অঞ্চলত উপস্থিত হৈ দেশৰ নিৰাপত্তাৰক্ষীসকলৰ সৈতে উৎসৱৰ আনন্দ ভগাই লয় প্ৰধানমন্ত্ৰীগৰাকীয়ে। বাওঁপন্থী উগ্ৰবাদৰ বিৰুদ্ধে যুঁজত জোৱানসকলে আগবঢ়োৱা ত্যাগ আৰু বলিদানৰ বাবে তেওঁলোকক কৃতিত্ব প্ৰদান কৰে মোদীয়ে।

নিৰাপত্তাৰক্ষীসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে জোৱানসকলৰ ত্যাগ আৰু সাহসৰ বাবেই বস্তাৰৰ পৰা নক্সালবাদৰ আতংক নিৰ্মূল কৰাটো সম্ভৱ হৈছে। দেশৰ ১৪০ কোটি জনতাৰ প্ৰতিনিধি হিচাপে তেওঁ জোৱানসকলৰ সৈতে দীপাৱলী উদযাপন কৰিবলৈ অহা বুলিও উল্লেখ কৰে।

ভাষণত দেশৰ সীমান্ত সুৰক্ষাত নিয়োজিত সেনা জোৱান আৰু দেশৰ ভিতৰত উগ্ৰবাদৰ বিৰুদ্ধে যুঁজ দিয়া নিৰাপত্তাৰক্ষীসকলৰ দায়িত্বৰ মাজত তুলনা কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয় যে দেশৰ ঐক্য আৰু অখণ্ডতা ৰক্ষাৰ বাবে আভ্যন্তৰীণ নিৰাপত্তা শক্তিশালী হোৱাটো অত্যন্ত জৰুৰী। আভ্যন্তৰীণ নিৰাপত্তা দুৰ্বল হ’লে বাহ্যিক শত্ৰুৱেও সুযোগ ল’ব পাৰে বুলি মন্তব্য কৰে মোদীয়ে।

ইফালে, নক্সালবাদ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত পূৰ্বৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰসমূহকো সমালোচনা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ২০০৪ৰ পৰা ২০১৩ চনলৈ পৰিসংখ্যাৰ উল্লেখ কৰি তেওঁ অভিযোগ কৰে যে সেই সময়ছোৱাত প্ৰতিবছৰে নক্সালবাদীৰ বিৰুদ্ধে যুঁজত নিহত হোৱা নিৰাপত্তাৰক্ষীৰ সংখ্যা নিহত নক্সালবাদীৰ সংখ্যাতকৈ অধিক আছিল। পূৰ্বৰ চৰকাৰসমূহে নক্সালবাদক নিৰাময়হীন সমস্যা বুলি গণ্য কৰি ইয়াৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা নাছিল বুলিও মন্তব্য কৰে তেওঁ।

২০১০ চনৰ দান্তেৱাড়া আক্ৰমণৰ প্ৰসংগও ভাষণত উত্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে। সেই আক্ৰমণত ৭৬গৰাকী চি আৰ পি এফ জোৱান নিহত হোৱাৰ লগতে আন এটা ঘটনাত ৪৪গৰাকী সাধাৰণ নাগৰিকৰ মৃত্যু হৈছিল। সেই সময়ৰ পৰিস্থিতিৰ কথা স্মৰণ কৰি মোদীয়ে কয় যে বস্তৰৰ ভূমি নিৰাপত্তাৰক্ষীৰ তেজেৰে তিতি গৈছিল।

নিৰাপত্তাৰক্ষীৰ সৈতে দীপাৱলী উদযাপন কৰাটো তেওঁৰ এক পৰম্পৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে জোৱানসকল তেওঁৰ পৰিয়ালৰ সদস্যৰ দৰে। ইয়াৰ পূৰ্বে কাৰ্গিল, হিমালয়ৰ লেপচা, ছাৰ ক্ৰিক আৰু আই এন এছ বিক্ৰান্তত নিয়োজিত নিৰাপত্তাৰক্ষীৰ সৈতেও তেওঁ দীপাৱলী উদযাপন কৰিছিল।

উল্লেখ্য যে, বস্তৰ অঞ্চল দীৰ্ঘদিন ধৰি বাওঁপন্থী উগ্ৰবাদবিৰোধী অভিযানৰ অন্যতম কেন্দ্ৰ হৈ আহিছে। এই অভিযানত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (CRPF) আৰু ছত্তীশগড় আৰক্ষীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। চৰকাৰে ৩১ মাৰ্চত দেশত নক্সালবাদৰ ভাবুকিৰ অৱসান ঘটাৰ কথা ঘোষণা কৰিছিল।

নক্সালবাদবিৰোধী অভিযানত নিৰাপত্তাৰক্ষীসকলৰ অৱদানক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে দেশৰ আভ্যন্তৰীণ নিৰাপত্তা সুৰক্ষিত ৰখাৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা পুনৰবাৰ স্মৰণ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পোলেণ্ডত ভয়ংকৰ গুলীচালনা, ৬ জনৰ মৃত্যু, আহত ১৫

পোলেণ্ডৰ দক্ষিণ প্ৰান্তৰ ক্ৰাকোভ চহৰত শনিবাৰে সংঘটিত ভয়ংকৰ গুলীচালনাৰ...

মাত্ৰ ১৫ বছৰতে বিহাৰৰ ক্ৰিকেট দলৰ অধিনায়ক বৈভৱ সূৰ্যবংশী, সিদ্ধান্তক আদৰণি হৰভজন সিঙৰ

মাত্ৰ ১৫ বছৰ বয়সতে জ্যেষ্ঠ পৰ্যায়ৰ ক্ৰিকেটত অধিনায়কত্বৰ দায়িত্ব...

মিঠাই নহয়, দীপাৱলীত কৰ্মচাৰীক নগদ ১ লাখ টকাতকৈ অধিক উপহাৰ; বোনাচ পাই আনন্দৰ চকুলো কৰ্মচাৰীৰ

দীপাৱলীৰ আনন্দ দুগুণ কৰি তুলিলে গুজৰাটৰ চুৰাটৰ এগৰাকী বস্ত্ৰ...