আন্তঃৰাষ্ট্ৰীয় AI চলচ্চিত্ৰ প্ৰতিযোগিতাত উজলিল নিতাইপুখুৰীৰ যুৱক, শীৰ্ষ ১৫ত পলাশজ্যোতিৰ ‘লাচিত’ নামৰ চলচ্চিত্ৰখন

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কৃতিত্ব অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে ডিমৌৰ নিতাইপুখুৰীৰ যুৱক পলাশজ্যোতি দত্তই। AI প্ৰযুক্তিৰ সহায়ত নিৰ্মাণ কৰা তেওঁৰ ‘লাচিত’ নামৰ চলচ্চিত্ৰখনে আন্তঃৰাষ্ট্ৰীয় AI চলচ্চিত্ৰ প্ৰতিযোগিতাত বিশেষ সফলতা লাভ কৰিছে।

প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা ৯৬ হাজাৰখন চলচ্চিত্ৰৰ ভিতৰত শীৰ্ষ ১৫খনৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে পলাশজ্যোতি দত্তই নিৰ্মাণ কৰা ‘লাচিত’ ছবিখনে। আনহাতে, International AI Film Creator Award শিতানত ছবিখনে সপ্তম স্থান দখল কৰি বিশেষ কৃতিত্ব অৰ্জন কৰিছে।

AI প্ৰযুক্তিৰ সহায়ত নিৰ্মিত ছবিখনৰ মুঠ দৈৰ্ঘ্য ১ ঘণ্টা ১১ মিনিট। ছবিখনৰ নিৰ্মাতা পলাশজ্যোতি দত্তই NK TVক জনোৱা অনুসৰি, ইতিমধ্যে ছবিখনৰ স্বত্ব ক্ৰয় কৰা হৈছে। অহা ডিচেম্বৰ মাহত দৰ্শকে ছবিখন উপভোগ কৰাৰ সুযোগ লাভ কৰিব।

উল্লেখ্য যে, অসমৰ ইতিহাসৰ অন্যতম বীৰপুৰুষ লাচিত বৰফুকনৰ বীৰত্ব, সাহস আৰু দেশপ্ৰেমৰ কাহিনীক AI প্ৰযুক্তিৰ জৰিয়তে বিশ্ব দৰবাৰত উপস্থাপন কৰাৰ প্ৰয়াস কৰিছে যুৱ নিৰ্মাতাগৰাকীয়ে।

আন্তঃৰাষ্ট্ৰীয় মঞ্চত AI চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত এনে সফলতাই নিতাইপুখুৰীৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। একে সময়তে অসমৰ বীৰত্বগাথা বিশ্বৰ দৰ্শকৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰতো পলাশজ্যোতি দত্তৰ এই প্ৰচেষ্টাই নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। আন্তঃৰাষ্ট্ৰীয় AI চলচ্চিত্ৰ প্ৰতিযোগিতাত উজলিল নিতাইপুখুৰীৰ যুৱক, শীৰ্ষ ১৫ত পলাশজ্যোতিৰ ‘লাচিত’

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কৃতিত্ব অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে ডিমৌৰ নিতাইপুখুৰীৰ যুৱক পলাশজ্যোতি দত্তই। AI প্ৰযুক্তিৰ সহায়ত নিৰ্মাণ কৰা তেওঁৰ ‘লাচিত’ নামৰ চলচ্চিত্ৰখনে আন্তঃৰাষ্ট্ৰীয় AI চলচ্চিত্ৰ প্ৰতিযোগিতাত বিশেষ সফলতা লাভ কৰিছে।

প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা ৯৬ হাজাৰখন চলচ্চিত্ৰৰ ভিতৰত শীৰ্ষ ১৫খনৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে পলাশজ্যোতি দত্তই নিৰ্মাণ কৰা ‘লাচিত’ ছবিখনে। আনহাতে, International AI Film Creator Award শিতানত ছবিখনে সপ্তম স্থান দখল কৰি বিশেষ কৃতিত্ব অৰ্জন কৰিছে।

AI প্ৰযুক্তিৰ সহায়ত নিৰ্মিত ছবিখনৰ মুঠ দৈৰ্ঘ্য ১ ঘণ্টা ১১ মিনিট। ছবিখনৰ নিৰ্মাতা পলাশজ্যোতি দত্তই NK TVক জনোৱা অনুসৰি, ইতিমধ্যে ছবিখনৰ স্বত্ব ক্ৰয় কৰা হৈছে। অহা ডিচেম্বৰ মাহত দৰ্শকে ছবিখন উপভোগ কৰাৰ সুযোগ লাভ কৰিব।

উল্লেখ্য যে, অসমৰ ইতিহাসৰ অন্যতম বীৰপুৰুষ লাচিত বৰফুকনৰ বীৰত্ব, সাহস আৰু দেশপ্ৰেমৰ কাহিনীক AI প্ৰযুক্তিৰ জৰিয়তে বিশ্ব দৰবাৰত উপস্থাপন কৰাৰ প্ৰয়াস কৰিছে যুৱ নিৰ্মাতাগৰাকীয়ে।

আন্তঃৰাষ্ট্ৰীয় মঞ্চত AI চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত এনে সফলতাই নিতাইপুখুৰীৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। একে সময়তে অসমৰ বীৰত্বগাথা বিশ্বৰ দৰ্শকৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰতো পলাশজ্যোতি দত্তৰ এই প্ৰচেষ্টাই নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পোলেণ্ডত ভয়ংকৰ গুলীচালনা, ৬ জনৰ মৃত্যু, আহত ১৫

পোলেণ্ডৰ দক্ষিণ প্ৰান্তৰ ক্ৰাকোভ চহৰত শনিবাৰে সংঘটিত ভয়ংকৰ গুলীচালনাৰ...

মাত্ৰ ১৫ বছৰতে বিহাৰৰ ক্ৰিকেট দলৰ অধিনায়ক বৈভৱ সূৰ্যবংশী, সিদ্ধান্তক আদৰণি হৰভজন সিঙৰ

মাত্ৰ ১৫ বছৰ বয়সতে জ্যেষ্ঠ পৰ্যায়ৰ ক্ৰিকেটত অধিনায়কত্বৰ দায়িত্ব...

মিঠাই নহয়, দীপাৱলীত কৰ্মচাৰীক নগদ ১ লাখ টকাতকৈ অধিক উপহাৰ; বোনাচ পাই আনন্দৰ চকুলো কৰ্মচাৰীৰ

দীপাৱলীৰ আনন্দ দুগুণ কৰি তুলিলে গুজৰাটৰ চুৰাটৰ এগৰাকী বস্ত্ৰ...