এশ বছৰত ভৰি দিলে ভাৰতৰত্ন লালকৃষ্ণ আদৱানিয়ে, জন্মদিনত শুভেচ্ছাৰ বন্যা

এশ বছৰত ভৰি দিলে বিজেপিৰ বৰ্ষীয়ান নেতা তথা ভাৰতৰত্ন লালকৃষ্ণ আদৱানিয়ে। ১৯২৭ চনৰ ৮ নৱেম্বৰত অবিভক্ত ভাৰতৰ কৰাচীত জন্মগ্ৰহণ কৰিছিল দেশৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰীগৰাকীয়ে। আজি ৯৯ সংখ্যক জন্মদিন উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা শুভেচ্ছাৰে উপচাই পেলাইছে ৰাজনৈতিক নেতা-কৰ্মীসকলে।

আদৱানিৰ জন্মদিন উপলক্ষে বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যালয়তো আয়োজন কৰা হৈছে বিশেষ কাৰ্যসূচীৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বিজেপিৰ শীৰ্ষ নেতৃত্ব আৰু বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে বৰ্ষীয়ান নেতাগৰাকীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে বুকুৰ সংক্ৰমণত আক্ৰান্ত হৈ দিল্লীৰ ইন্দ্ৰপ্ৰস্থ এপ’ল’ হাস্পতালত চিকিৎসাধীন হৈছিল লালকৃষ্ণ আদৱানি। ১৬ অক্টোবৰত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল নেতাগৰাকীক। স্বাস্থ্যৰ উন্নতি ঘটাৰ পিছত ১৯ অক্টোবৰত চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছিল তেওঁক।

দেশৰ ৰাজনীতিত কেইবা দশকজোৰা অভিজ্ঞতাৰে সমৃদ্ধ লালকৃষ্ণ আদৱানিয়ে অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বাধীন চৰকাৰত উপ-প্ৰধানমন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল। ২০০২ চনৰ পৰা ২০০৪ চনলৈ এই পদত অধিষ্ঠিত আছিল তেওঁ। ইয়াৰ উপৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী হিচাপেও গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছিল আদৱানিয়ে।

২০২৪ চনত দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্নেৰে সন্মানিত কৰা হৈছিল বৰ্ষীয়ান নেতাগৰাকীক। তেওঁৰ জন্মদিন উপলক্ষে দেশজুৰি শুভেচ্ছা আৰু অভিনন্দনৰ জোৱাৰ উঠিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পোলেণ্ডত ভয়ংকৰ গুলীচালনা, ৬ জনৰ মৃত্যু, আহত ১৫

পোলেণ্ডৰ দক্ষিণ প্ৰান্তৰ ক্ৰাকোভ চহৰত শনিবাৰে সংঘটিত ভয়ংকৰ গুলীচালনাৰ...

মাত্ৰ ১৫ বছৰতে বিহাৰৰ ক্ৰিকেট দলৰ অধিনায়ক বৈভৱ সূৰ্যবংশী, সিদ্ধান্তক আদৰণি হৰভজন সিঙৰ

মাত্ৰ ১৫ বছৰ বয়সতে জ্যেষ্ঠ পৰ্যায়ৰ ক্ৰিকেটত অধিনায়কত্বৰ দায়িত্ব...

মিঠাই নহয়, দীপাৱলীত কৰ্মচাৰীক নগদ ১ লাখ টকাতকৈ অধিক উপহাৰ; বোনাচ পাই আনন্দৰ চকুলো কৰ্মচাৰীৰ

দীপাৱলীৰ আনন্দ দুগুণ কৰি তুলিলে গুজৰাটৰ চুৰাটৰ এগৰাকী বস্ত্ৰ...