আইজেনকটক ইজৰাইলত চৰকাৰ গঠনৰ দায়িত্ব, ক্ষমতা হেৰুৱাৰ শংকাত নেতান্যাহু

ইজৰাইলৰ ৰাজনীতিত নতুন মোৰ। প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ ক্ষমতা অক্ষুণ্ণ ৰখাৰ প্ৰচেষ্টাত মোক্ষম আঘাত। দেশখনৰ ৰাষ্ট্ৰপতি আইজাক হাৰ্জগে প্ৰাক্তন সেনাপ্ৰধান তথা য়াশ্বাৰ পাৰ্টিৰ নেতা গাদি আইজেনকটক নতুন চৰকাৰ গঠনৰ দায়িত্ব অৰ্পণ কৰিছে। শেহতীয়া নিৰ্বাচনত কোনো এটা ৰাজনৈতিক মিত্ৰজোঁটে স্পষ্ট সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম নোহোৱাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

৬৭গৰাকী সাংসদৰ সমৰ্থন লাভ কৰা ইজেনকটে এতিয়া ২৮ দিনৰ ভিতৰত চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় মিত্ৰজোঁট গঠন কৰিব লাগিব। প্ৰয়োজন হ’লে ৰাষ্ট্ৰপতিয়ে তেওঁক অতিৰিক্ত ১৪ দিনৰ সময় প্ৰদান কৰিব পাৰিব।

ইজৰাইলৰ ১২০খন আসনবিশিষ্ট সংসদ নেছেটৰ ৰাজনৈতিক দলসমূহৰ সৈতে আলোচনাৰ অন্তত ৰাষ্ট্ৰপতি হাৰ্জগে এই সিদ্ধান্ত গ্ৰহণ কৰে। ২৭ অক্টোবৰত অনুষ্ঠিত নিৰ্বাচনত কোনো পক্ষই চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা লাভ কৰা নাছিল।

ৰাষ্ট্ৰপতিৰ সৈতে হোৱা পৰামৰ্শ প্ৰক্ৰিয়াত আইজেনকটৰ সমৰ্থনত ৬৭গৰাকী সাংসদে মত প্ৰকাশ কৰে। ইয়াৰ বিপৰীতে নেতান্যাহুৰ সমৰ্থনত থিয় দিয়ে ৪৬গৰাকী সাংসদে। আন সাতগৰাকী সাংসদে কোনো পক্ষৰ নাম প্ৰস্তাৱ নকৰিলে। ইজেনকটৰ সমৰ্থনত থকা ৬৭গৰাকী সাংসদৰ ভিতৰত পৰিৱৰ্তনপন্থী মিত্ৰজোঁটৰ ৪৮গৰাকী, আৰব দল ৰাআমৰ সাতগৰাকী আৰু জইণ্ট লিষ্টৰ ১২গৰাকী সাংসদ আছে।

উল্লেখ্য যে, গাদি আইজেনকট ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনী (IDF)ৰ প্ৰাক্তন মুৰব্বী। ২০২২ চনত ৰাজনীতিত প্ৰৱেশ কৰা আইজেনকট শেহতীয়া নিৰ্বাচনত নেতান্যাহুৰ অন্যতম প্ৰধান প্ৰতিদ্বন্দ্বী হিচাপে আত্মপ্ৰকাশ কৰে। তেওঁৰ নেতৃত্বাধীন য়াশ্বাৰ পাৰ্টিয়ে ২১খন আসন লাভ কৰাৰ বিপৰীতে বৃহত্তৰ পৰিৱৰ্তনপন্থী মিত্ৰজোঁটে লাভ কৰে ৪৮খন আসন।

আইজেনকটৰ সন্মুখত এতিয়া চৰকাৰ গঠনৰ ক্ষেত্ৰত কেইবাটাও বিকল্প আছে। আৰব দলসমূহৰ বাহ্যিক সমৰ্থনত সংখ্যালঘু চৰকাৰ গঠন, অতি-ধৰ্মীয় দলসমূহৰ সৈতে মিত্ৰতা অথবা ৰাষ্ট্ৰীয় ঐক্য চৰকাৰ গঠন। অৱশ্যে এই প্ৰতিটো বিকল্পৰ ক্ষেত্ৰতেই আছে ৰাজনৈতিক প্ৰত্যাহ্বান।

ইপিনে, ক্ষমতা এৰিবলৈ এতিয়াও সাজু নহয় বেঞ্জামিন নেতান্যাহু। তেওঁ ৰাষ্ট্ৰীয় ঐক্য চৰকাৰ গঠনৰ পোষকতা কৰাৰ লগতে আৰব নেতৃত্বাধীন দলসমূহৰ সমৰ্থনৰ ওপৰত নিৰ্ভৰশীল চৰকাৰৰ বিৰোধিতা কৰিছে। আনহাতে, ইজেনকটৰ দলে নেতান্যাহুৰ এই স্থিতিৰ সমালোচনা কৰিছে।

উল্লেখ্য যে, ২০২৩ চনৰ ৭ অক্টোবৰত হামাছৰ আক্ৰমণৰ পিছত আইজেনকটে কিছুদিনৰ বাবে নেতান্যাহুৰ যুদ্ধকালীন কেবিনেটত দায়িত্ব পালন কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ বিৰোধী শিবিৰলৈ উভতি আহি গাজা যুদ্ধ পৰিচালনাৰ বিষয়টোক লৈ নেতান্যাহুক সমালোচনা কৰি আহিছে। নেতান্যাহুৰ নেতৃত্বত কোনো চৰকাৰত অংশগ্ৰহণ নকৰাৰ কথাও স্পষ্ট কৰিছে তেওঁ।

আইজেনকট চৰকাৰ গঠনত ব্যৰ্থ হ’লে আন কোনো নেতাক এই দায়িত্ব অৰ্পণ কৰা হ’ব পাৰে। পৰিস্থিতি অনুসৰি নেতান্যাহুৱেও পুনৰ চৰকাৰ গঠনৰ সুযোগ লাভ কৰিব পাৰে। এটাৰ পিছত এটাকৈ প্ৰচেষ্টা ব্যৰ্থ হ’লে ২০২৭ চনৰ আৰম্ভণিতে দেশখনত পুনৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনাও আছে।

এতিয়া সকলোৰে দৃষ্টি আইজেনকটৰ পৰৱৰ্তী পদক্ষেপৰ ওপৰত। নেতান্যাহুৰ বিৰুদ্ধে একত্ৰিত হোৱা বিভিন্ন ৰাজনৈতিক শক্তিক একত্ৰিত কৰি তেওঁ কিমানদূৰ চৰকাৰ গঠনত সফল হয়, সেয়া হ’ব লক্ষণীয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পোলেণ্ডত ভয়ংকৰ গুলীচালনা, ৬ জনৰ মৃত্যু, আহত ১৫

পোলেণ্ডৰ দক্ষিণ প্ৰান্তৰ ক্ৰাকোভ চহৰত শনিবাৰে সংঘটিত ভয়ংকৰ গুলীচালনাৰ...

মাত্ৰ ১৫ বছৰতে বিহাৰৰ ক্ৰিকেট দলৰ অধিনায়ক বৈভৱ সূৰ্যবংশী, সিদ্ধান্তক আদৰণি হৰভজন সিঙৰ

মাত্ৰ ১৫ বছৰ বয়সতে জ্যেষ্ঠ পৰ্যায়ৰ ক্ৰিকেটত অধিনায়কত্বৰ দায়িত্ব...

মিঠাই নহয়, দীপাৱলীত কৰ্মচাৰীক নগদ ১ লাখ টকাতকৈ অধিক উপহাৰ; বোনাচ পাই আনন্দৰ চকুলো কৰ্মচাৰীৰ

দীপাৱলীৰ আনন্দ দুগুণ কৰি তুলিলে গুজৰাটৰ চুৰাটৰ এগৰাকী বস্ত্ৰ...