দীপাৱলীৰ প্ৰাকক্ষণত পোহৰৰ উৎসৱেৰে উজলি উঠিল ৰামনগৰী অযোধ্যা। বৰ্ণাঢ্য আয়োজনৰ মাজেৰে পালন কৰা হ’ল দশম বাৰ্ষিক দীপোৎসৱ। সমগ্ৰ অযোধ্যা চহৰ ৩০ লাখ বন্তিৰ পোহৰেৰে আলোকিত কৰি তোলা হয়।
সৰযূ নদীৰ দুয়োপাৰে থকা ৫৬টা ঘাটত প্ৰজ্বলন কৰা হয় লাখ লাখ বন্তি। এই বিশাল আয়োজনত নিয়োজিত কৰা হৈছিল ৩৫ হাজাৰৰো অধিক স্বেচ্ছাসেৱক। অনুষ্ঠানত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে সৰযূ নদীৰ পাৰত আৰতি কৰে। লগতে অনুষ্ঠানত অংশগ্ৰহণ কৰে উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে।
দীপোৎসৱৰ অন্যতম আকৰ্ষণ আছিল ডিজিটেল লাইট শ্ব’, ড্ৰোন শ্ব’ আৰু লেজাৰ শ্ব’। ২১০০টা ড্ৰোনৰ সহায়ত আকাশত প্ৰদৰ্শন কৰা হয় বৰ্ণিল দৃশ্য। আনহাতে, সৰযূ নদীৰ ওপৰত অনুষ্ঠিত লেজাৰ শ্ব’ৱেও দৰ্শকক মোহিত কৰে। ইয়াৰ উপৰি ২৩০০গৰাকী কলা-কুশলীৰ নৃত্য-গীতৰ অনুষ্ঠানে দীপোৎসৱৰ সৌন্দৰ্য বৃদ্ধি কৰে।
উল্লেখযোগ্য যে, ২০১৭ চনত প্ৰথমবাৰৰ বাবে অযোধ্যাত দীপোৎসৱৰ আয়োজন কৰা হৈছিল। সেইবাৰ চহৰখনত প্ৰজ্বলন কৰা হৈছিল ১ লাখ ৭১ হাজাৰ গছি বন্তি। সময়ৰ লগে লগে দীপোৎসৱৰ পৰিসৰ বৃদ্ধি পাই আজি ই এক বৃহৎ সাংস্কৃতিক আৰু ধৰ্মীয় উৎসৱত পৰিণত হৈছে।
