অন্ধ্ৰপ্ৰদেশৰ উপকূলত আছাৰ খাই পৰাৰ পিছতে তাণ্ডৱ চলাইছে ঘূৰ্ণিবতাহ ‘মুৰাছু’ৱে। সোমবাৰে নিশা প্ৰায় ১ বজাত আৰম্ভ হৈছিল ঘূৰ্ণিবতাহটোৰ স্থলভাগত প্ৰৱেশৰ প্ৰক্ৰিয়া। কেইবাঘণ্টা ধৰি চলাৰ পিছত মঙলবাৰে পুৱাৰ ভাগত সম্পূৰ্ণ হয় লেণ্ডফল প্ৰক্ৰিয়া। অন্ধ্ৰপ্ৰদেশৰ উপকূলীয় অঞ্চলত স্থলভাগত প্ৰৱেশ কৰাৰ সময়ত ঘূৰ্ণিবতাহটোৰ গতিবেগ আছিল ঘণ্টাত ১০০-১১০ কিলোমিটাৰ। মাজে সময়ে বতাহৰ গতিবেগ ঘণ্টাত ১২০ কিলোমিটাৰ পৰ্যন্ত বৃদ্ধি পাইছিল।
ঘূৰ্ণিবতাহৰ প্ৰভাৱত অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়া, বাপটলা, গুন্টুৰকে ধৰি বিস্তীৰ্ণ অঞ্চলত নিশাটোৰ ভিতৰতে ধাৰাসাৰ বৰষুণ হয়। বাপটলাৰ কেইবাটাও অঞ্চলত পথৰ ওপৰত উভালি পৰে গছ। যাতায়াত ব্যৱস্থা ব্যাহত নহ’বলৈ দুৰ্যোগ ব্যৱস্থাপনা বাহিনীয়ে ধুমুহা-বৰষুণৰ মাজতে উভালি পৰা গছ আঁতৰোৱাৰ কামত নামি পৰে।
মঙলবাৰে অন্ধ্ৰপ্ৰদেশৰ দক্ষিণ উপকূলীয় অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান বিভাগে। উপকূলৰ দাঁতিকাষৰীয়া নিম্ন অঞ্চলসমূহ বানৰ কবলত পৰাৰ আশংকাও কৰা হৈছে।
ঘূৰ্ণিবতাহৰ প্ৰভাৱ পৰিছে তামিলনাডুৰ চেন্নাই আৰু ইয়াৰ দাঁতিকাষৰীয়া উপকূলীয় অঞ্চলতো। মঙলবাৰে পুৱাৰে পৰা উত্তাল হৈ পৰিছে সাগৰ। একেদৰে পুডুচেৰীতো অব্যাহত আছে ধুমুহা-বৰষুণ। সাগৰৰ পৰা প্ৰচুৰ জলীয় বাষ্প কঢ়িয়াই অনা শক্তিশালী ঘূৰ্ণিবতাহ ‘মুৰাছু’ৱে অন্ধ্ৰপ্ৰদেশৰ উপকূলীয় অঞ্চলত আৰু কেইবাঘণ্টা ধৰি প্ৰভাৱ বিস্তাৰ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ পিছত স্থলভাগৰ ভিতৰলৈ আগবাঢ়ি যোৱাৰ লগে লগে ক্ৰমাৎ শক্তি হেৰুৱাব ঘূৰ্ণিবতাহটোৱে।
বতৰ বিজ্ঞান বিভাগৰ পূৰ্বানুমান অনুসৰি, মঙলবাৰে দুপৰীয়াৰ ভিতৰত ঘূৰ্ণিবতাহটো অধিক উত্তৰ আৰু উত্তৰ-পশ্চিম দিশে আগবাঢ়ি যাব। সেই সময়ত শক্তি হেৰুৱাই সাধাৰণ ঘূৰ্ণিবতাহত পৰিণত হ’ব। তেতিয়া বতাহৰ গতিবেগ ঘণ্টাত ৮০-৯০ কিলোমিটাৰ হোৱাৰ সম্ভাৱনা আছে। পৰৱৰ্তী সময়ত মঙলবাৰে মাজনিশাৰ ফালে ই অধিক দুৰ্বল হৈ গভীৰ নিম্নচাপত পৰিণত হ’ব। সেই সময়ত ঘণ্টাত ৫৫-৬৫ কিলোমিটাৰ বেগেৰে বতাহ বলিব পাৰে।
ইপিনে, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে প্ৰশাসনৰ সৈতে নিয়মীয়াকৈ যোগাযোগ ৰক্ষা কৰি ঘূৰ্ণিবতাহৰ মোকাবিলা কৰাৰ প্ৰস্তুতিৰ বুজ লৈছে। ক্ষতিগ্ৰস্ত জিলাসমূহৰ বাবে চৰকাৰে ৩৭ কোটি টকা আবণ্টন দিছে।
ঘূৰ্ণিবতাহৰ প্ৰভাৱত সোমবাৰে অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়া, তিৰুপতি আৰু বিশাখাপট্টনম বিমানবন্দৰৰ পৰা চলাচল কৰিবলগীয়া কমেও ১৯খন বিমানৰ উৰণ বাতিল কৰা হয়। একেদৰে বাতিল কৰা হৈছে কেইবাখনো ৰে’লৰ চলাচল। উপকূলীয় অঞ্চলৰ পৰা বহু লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে।
বতৰ বিজ্ঞান বিভাগৰ মতে, মঙলবাৰে উপকূলীয় অন্ধ্ৰপ্ৰদেশ আৰু ইয়ানামৰ অধিকাংশ অঞ্চলত তথা ৰায়লসীমাৰ বহু স্থানত পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণ অথবা বজ্ৰ-বিদ্যুৎসহ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
পালনাডু, তিৰুপতি আৰু নন্দিয়াল জিলাৰ একাংশ স্থানত অতি প্ৰবল বৰষুণ হ’ব পাৰে। আনহাতে, এলুৰু, এনটিআৰ, কৃষ্ণা, গুন্টুৰ, বাপটলা, প্ৰকাশম, নেল্লোৰ, চিত্তোৰ, অন্নমায়া, কাডাপা আৰু কুৰ্নুল জিলাৰ একাংশ স্থানত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণৰ আগজাননী দিয়া হৈছে।
ইয়াৰ উপৰি শ্ৰীকাকুলাম, পাৰ্বতীপুৰম মান্যাম, বিজয়নগৰম, বিশাখাপট্টনম, আল্লুৰী সীতাৰাম ৰাজু, অনাকাপল্লী, কাকিনাড়া, বি আৰ আম্বেদকাৰ কোনাসীমা, পূব গোদাবৰী, পশ্চিম গোদাবৰী, শ্ৰী সত্য সাই, অনন্তপুৰ জিলাৰ লগতে ইয়ানামৰ একাংশ স্থানতো প্ৰবল বৰষুণৰ সম্ভাৱনা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান বিভাগে।
