পৰিৱেশক শ্ৰদ্ধা কৰিহে সম্ভৱ মানুহৰ বিকাশ: জাপানৰ অধ্যাপক ট’ৰু টাৰাও

মানুহৰ বিকাশ আৰু পৰিৱেশৰ ভাৰসাম্য একেলগে আগবাঢ়িব লাগিব। পৰিৱেশক শ্ৰদ্ধা কৰিহে প্ৰকৃত মানৱ উন্নয়ন সম্ভৱ। এই মন্তব্য জাপানৰ কাগাৱা বিশ্ববিদ্যালয়ৰ অধ্যাপক ট’ৰু টাৰাওৰ।

বালিপাৰা ফাউণ্ডেচনৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত ১৪ সংখ্যক পূব হিমালয়ান নেচাৰনমিক্স ফ’ৰামৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি অধ্যাপকগৰাকীয়ে জাপানৰ ‘সাটোয়ামা’ ধাৰণাৰ কথা উল্লেখ কৰে। তেওঁৰ মতে, এই ধাৰণাই মানুহ আৰু প্ৰকৃতিৰ মাজত সুসমন্বয়ৰ সম্পৰ্ক প্ৰতিফলিত কৰে।

ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত দ্বিতীয় দিনৰ আলোচনাৰ বিষয় আছিল ‘অৰণ্য আৰু জৈৱ বৈচিত্ৰ্য’। কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে কৰ্মযোগী ভাৰতৰ অধ্যক্ষ এছ ৰামাডুৰাই, ৰনজিত বৰঠাকুৰ, কেন্দ্ৰীয় বন-পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ প্ৰাক্তন সচিব লীনা নন্দন আৰু কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ ডেকা।

দিনটোৰ আলোচনাত পূব হিমালয়ৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ, বনাঞ্চলৰ সুৰক্ষা, হাতী-মানুহৰ সংঘাত, শগুনসহ বিভিন্ন প্ৰজাতিৰ চৰাই আৰু বন্যপ্ৰাণীৰ সংখ্যা হ্ৰাস পোৱা বিষয়সমূহে বিশেষ গুৰুত্ব লাভ কৰে। লগতে বন্যপ্ৰাণীৰ বাসস্থান আৰু কৰিডৰ সুৰক্ষা তথা সংৰক্ষণৰ ক্ষেত্ৰত খিলঞ্জীয়া সম্প্ৰদায়ৰ ভূমিকাৰ ওপৰতো আলোচনা কৰা হয়।

উল্লেখ্য যে ‘তৃতীয় মেৰু আৰু পূব হিমালয়ৰ ভৱিষ্যত’ শীৰ্ষক এই আন্তঃৰাষ্ট্ৰীয় মঞ্চৰ পৰৱৰ্তী কাৰ্যসূচী ১ নৱেম্বৰত আই আই টি গুৱাহাটীত অনুষ্ঠিত হ’ব। ইয়াৰ আলোচনাৰ বিষয় হ’ব ‘পানী আৰু শক্তি’।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ঘাতক ঘনকান্তৰ পত্নী জোনমণি গগৈৰ ডাঙৰ খবৰ

জোনমণি গগৈক গুৱাহাটীলৈ নানে SITয়ে। ঘাতক ঘনকান্তৰ পত্নীক জিম্মাত...

ইউক্ৰেইনৰ সামৰিক শক্তি বৃদ্ধিৰ লক্ষ্যৰে ইউক্ৰেইনলৈ ৫০০টা পেট্ৰিয়ট মিছাইল বিক্ৰীত অনুমোদন ট্ৰাম্প প্ৰশাসনৰ

ইউক্ৰেইনৰ সামৰিক শক্তি বৃদ্ধিৰ লক্ষ্যৰে ইউক্ৰেইনলৈ ৫০০টা পেট্ৰিয়ট মিছাইল...

ভাৰত-ব্ৰাজিলৰ বাণিজ্য ২০ বিলিয়ন ডলাৰলৈ বৃদ্ধিৰ লক্ষ্য, প্ৰতিৰক্ষা আৰু AI খণ্ডতো সহযোগিতা

ভাৰত আৰু ব্ৰাজিলৰ মাজত ক্ৰমাৎ শক্তিশালী হৈছে কৌশলগত আৰু...