জোনমণি গগৈক গুৱাহাটীলৈ নানে SITয়ে। ঘাতক ঘনকান্তৰ পত্নীক জিম্মাত নলয় ধেমাজি আৰক্ষীয়ে। ধেমাজি আৰক্ষীয়ে ঘৰলৈ যাবলৈ দিলে জোনমণি গগৈক
গুৱাহাটীত SITৰ সন্মুখত হাজিৰ হ’বলৈ জোনমণিক নিৰ্দেশ। তথ্য-পাতি লৈ SITৰ সন্মুখত হাজিৰ হ’ব লাগিব জোনমণি গগৈ আজি ধেমাজি থানাত উপস্থিত হৈছিল জোনমণি।
NKTVত প্ৰথমবাৰলৈ মুখ খুলিছিল ঘাতক ঘনকান্তৰ পত্নী জোনমণিয়ে।সমগ্ৰ ঘটনা টকাৰ বাবেই হৈছিল বুলি স্বীকাৰ জোনমণিৰ। হোটেল বিলাস ইন লিজত লৈ চলাব পৰা নাছিল ঘনকান্তই। লিজত লোৱাৰ সময়ত উন্নতমানৰ নাছিল হোটেল বিলাস ইন। লিজত লৈয়ে মেৰামতিৰ কাম কৰিছিল ঘনকান্তই। ‘ইণ্টেৰিঅ’ৰ ডিজাইনৰ লগতে হোটেলখনৰ বহু কাম কৰিছিল ঘনকান্তই’।হোটেলখনত প্ৰায় ৫০ লাখ টকা খৰচ কৰা বুলি মন্তব্য পত্নীৰ। চলাব নোৱাৰি হোটেলখন গতাই দিব বিচাৰিছিল ভৰালী পৰিয়ালক । কিন্তু হোটেলখনত মেৰামতিৰ বাবে খৰচ কৰা টকা ওভতাই বিচাৰিছিল ঘনকান্তই।
ইয়াৰ উপৰিও প্ৰায় ৮ লাখ টকা ছিকিউৰিটী দিছিল বুলি মন্তব্য পত্নীৰ । ভৰালী পৰিয়ালৰ পৰা পইচা উভতাই বিচৰাতহে কাজিয়াৰ সূত্ৰপাত । NKTVৰ আগত এই বিস্ফোৰক মন্তব্য ঘনকান্তৰ পত্নী জোনমণিৰ
