ইউক্ৰেইনৰ সামৰিক শক্তি বৃদ্ধিৰ লক্ষ্যৰে ইউক্ৰেইনলৈ ৫০০টা পেট্ৰিয়ট মিছাইল বিক্ৰীত অনুমোদন ট্ৰাম্প প্ৰশাসনৰ ।
শুকুৰবাৰে ইউক্ৰেইনলৈ ৫০০টা পেট্ৰিয়ট মিছাইল বিক্ৰীৰ অনুমোদন প্ৰদান কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসনে। আমেৰিকাৰ বিদেশ বিভাগে এই কথা প্ৰকাশ কৰিছে। অৱশ্যে, মিছাইলসমূহৰ যোগান ধৰিবলৈ কেইবাবছৰ সময় লাগিব পাৰে বুলি সতৰ্ক কৰি দিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে।
এই বিক্ৰী প্ৰস্তাৱটো চূড়ান্ত অনুমোদনৰ বাবে আমেৰিকাৰ কংগ্ৰেছলৈ প্ৰেৰণ কৰা হৈছে। শেহতীয়াকৈ ৰাছিয়াৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ ব্যৱহৃত পেট্ৰিয়ট ইণ্টাৰচেপ্টৰ মিছাইলৰ মজুত হ্ৰাস পোৱাক লৈ উদ্বেগ প্ৰকাশ কৰি আহিছিল ইউক্ৰেইনে।

আমেৰিকাৰ বিদেশ বিভাগৰ মতে, এই চুক্তিয়ে ইউক্ৰেইনৰ আকাশ আৰু ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰিব।
কিন্তু জেলেনস্কিয়ে ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টত কয় যে মিছাইলসমূহৰ যোগান আৰম্ভ হ’বলৈ কেইবাবছৰো লাগিব পাৰে। সেয়ে প্ৰকৃত সংকটৰ সময়ত ব্যৱহাৰৰ বাবে আমেৰিকা আৰু ইউৰোপীয় সহযোগী দেশসমূহৰ মজুত থকা মিছাইলসমূহ তাৎক্ষণিকভাৱে ইউক্ৰেইনক প্ৰদান কৰিবলৈ তেওঁ আহ্বান জনাইছে।
উল্লেখ্য যে দ্ৰুতগতিত আহি থকা বেলিষ্টিক মিছাইল প্ৰতিহত কৰাৰ ক্ষেত্ৰত পেট্ৰিয়ট মিছাইল প্ৰতিৰক্ষা ব্যৱস্থাক অন্যতম কাৰ্যকৰী বুলি গণ্য কৰা হয়। আনহাতে, ৰাছিয়াৰ আক্ৰমণত ইউক্ৰেইনৰ বিভিন্ন চহৰত শেহতীয়াকৈ ব্যাপক প্ৰাণহানিৰ ঘটনা সংঘটিত হৈছে।
২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াই আৰম্ভ কৰা পূৰ্ণাংগ আক্ৰমণৰ চাৰি বছৰৰো অধিক সময় অতিক্ৰম কৰাৰ পাছতো অব্যাহত আছে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ।
