ভাৰত আৰু ব্ৰাজিলৰ মাজত ক্ৰমাৎ শক্তিশালী হৈছে কৌশলগত আৰু অৰ্থনৈতিক সম্পৰ্ক। দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক বাণিজ্য শীঘ্ৰেই ২০ বিলিয়ন ডলাৰ স্পৰ্শ কৰাৰ সম্ভাৱনা প্ৰকাশ কৰিছে ভাৰতত নিযুক্ত ব্ৰাজিলৰ ৰাষ্ট্ৰদূত কেনেথ ফেলিক্স হাচিনস্কি দা নোব্ৰেগাই।
ব্ৰাজিলৰ ৰাষ্ট্ৰীয় দিৱস উপলক্ষে আয়োজিত এক অনুষ্ঠানত ৰাষ্ট্ৰদূতগৰাকীয়ে কয় যে শক্তি, প্ৰতিৰক্ষা, কৃষি, স্বাস্থ্য, ঔষধ, ডিজিটেল আন্তঃগাঁথনি আৰু কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ ক্ষেত্ৰত দুয়োখন দেশে সহযোগিতা বৃদ্ধি কৰিছে।
তেওঁ লগতে কয় যে বিৰল মৃত্তিকা মৌল (Rare Earth Elements) আৰু গুৰুত্বপূৰ্ণ খনিজ সম্পদৰ ক্ষেত্ৰতো সহযোগিতাৰ বাবে দুয়োখন দেশে পদক্ষেপ গ্ৰহণ কৰিছে। ঔষধ গৱেষণা আৰু ডিজিটেল অংশীদাৰিত্বৰ ক্ষেত্ৰতো নতুন সহযোগিতা গঢ়ি তোলা হৈছে।
ৰাষ্ট্ৰদূতগৰাকীৰ মতে, দুয়োখন দেশৰ মাজত থকা পাৰস্পৰিক বিশ্বাস আৰু ৰাজনৈতিক নেতৃত্বৰ সদিচ্ছাই সম্পৰ্কক নতুন মাত্ৰা প্ৰদান কৰিছে। উল্লেখ্য যে ভাৰত আৰু ব্ৰাজিলৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৮০ বছৰ সম্পূৰ্ণ হ’বলৈও আগবাঢ়িছে।
