ট্ৰেভেল এজেন্সীক ৯ লাখ টকা আদায় দিয়ো পৰ্যটকৰ বাবে নহ’ল হোটেলৰ ব্যৱস্থা! কাজিৰঙাত হোটেলৰ বিলক লৈ বিপাঙত পৰ্যটক, কাজিৰঙা ভ্ৰমণলৈ আহি প্ৰৱঞ্চনাৰ বলি ৮৭ পৰ্যটক

কাজিৰঙা ভ্ৰমণলৈ আহি প্ৰৱঞ্চনাৰ বলি ৮৭ গৰাকী পৰ্যটক; হোটেলৰ পৰা ওলাই আহিবলৈ বাধ্য পৰ্যটকৰ দল।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ আহি প্ৰৱঞ্চনাৰ বলি হ’ল ৮৭ গৰাকী পৰ্যটক। পশ্চিম বংগৰ মুৰ্ছিদাবাদৰ এটা ট্ৰেভেল এজেন্সীৰ প্ৰতাৰণাৰ ফলত হোটেলৰ পৰা ওলাই আহিবলৈ বাধ্য হ’ল পৰ্যটকৰ দলটো।

জানিব পৰা মতে, মুৰ্ছিদাবাদৰ ‘Soumi’ নামৰ ট্ৰেভেল এজেন্সীটোৱে পৰ্যটকৰ পৰা আগধন হিচাপে বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰিছিল। কিন্তু কাজিৰঙাত পৰ্যটকসকলৰ থকাৰ বাবে বুকিং কৰা হোটেলৰ বিল আৰু যাতায়াতৰ বাবে ভাড়া কৰা বাহনৰ ধন আদায় নিদিয়াৰ অভিযোগ উঠিছে এজেন্সীটোৰ বিৰুদ্ধে।

উল্লেখযোগ্য যে মুৰ্ছিদাবাদৰ পৰা কেইবাটাও ভাগত বিভক্ত হৈ অহা পৰ্যটকৰ দলটোৱে চুক্তি অনুসৰি এজেন্সীটোক এক লাখ, দুই লাখকৈ মুঠ প্ৰায় ৯ লাখ টকা আদায় দিছিল।

কিন্তু পৰ্যটকৰ দলটো কাজিৰঙাৰ Green Reed নামৰ হোটেলত উপস্থিত হোৱাৰ পাছতেই সমগ্ৰ ঘটনা পোহৰলৈ আহে। কাজিৰঙাৰ কেইবাখনো হোটেলত থকাৰ ব্যৱস্থা কৰা হৈছিল পৰ্যটকসকলৰ বাবে।

অভিযোগ অনুসৰি, পৰ্যটকৰ পৰা ধন সংগ্ৰহ কৰাৰ পিছতো ট্ৰেভেল এজেন্সীটোৱে হোটেল কৰ্তৃপক্ষ অথবা ভাড়াত অনা বাহনৰ মালিকসকলক কোনো ধৰণৰ ধন আদায় দিয়া নাছিল। ফলত হোটেলৰ বিল পৰিশোধ নোহোৱাত চৰম অসুবিধাৰ সন্মুখীন হয় পৰ্যটকৰ দলটো। অৱশেষত হোটেলৰ পৰা ওলাই আহিবলৈ বাধ্য হয় তেওঁলোক।

ইফালে, ধন আদায় নিদিয়াৰ ঘটনাক কেন্দ্ৰ কৰি সংশ্লিষ্ট ট্ৰেভেল এজেন্সীটোৰ গাইডজনক হোটেল কৰ্তৃপক্ষই আবদ্ধ কৰি ৰখাৰ লগতে পৰ্যটকৰ যাতায়াতৰ বাবে ব্যৱহৃত বাহনসমূহো জব্দ কৰি ৰখাৰ অভিযোগ উত্থাপন হৈছে।

এই ঘটনাই কাজিৰঙালৈ ফুৰিবলৈ অহা পৰ্যটকসকলৰ মাজত তীব্ৰ হাহাকাৰৰ সৃষ্টি কৰিছে। পৰ্যটকৰ পৰা আগধন সংগ্ৰহ কৰি হোটেল আৰু বাহনৰ ভাড়া আদায় নিদিয়াৰ অভিযোগক কেন্দ্ৰ কৰি সমগ্ৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰিৱেশক শ্ৰদ্ধা কৰিহে সম্ভৱ মানুহৰ বিকাশ: জাপানৰ অধ্যাপক ট’ৰু টাৰাও

মানুহৰ বিকাশ আৰু পৰিৱেশৰ ভাৰসাম্য একেলগে আগবাঢ়িব লাগিব। পৰিৱেশক...

ঘাতক ঘনকান্তৰ পত্নী জোনমণি গগৈৰ ডাঙৰ খবৰ

জোনমণি গগৈক গুৱাহাটীলৈ নানে SITয়ে। ঘাতক ঘনকান্তৰ পত্নীক জিম্মাত...

ইউক্ৰেইনৰ সামৰিক শক্তি বৃদ্ধিৰ লক্ষ্যৰে ইউক্ৰেইনলৈ ৫০০টা পেট্ৰিয়ট মিছাইল বিক্ৰীত অনুমোদন ট্ৰাম্প প্ৰশাসনৰ

ইউক্ৰেইনৰ সামৰিক শক্তি বৃদ্ধিৰ লক্ষ্যৰে ইউক্ৰেইনলৈ ৫০০টা পেট্ৰিয়ট মিছাইল...

ভাৰত-ব্ৰাজিলৰ বাণিজ্য ২০ বিলিয়ন ডলাৰলৈ বৃদ্ধিৰ লক্ষ্য, প্ৰতিৰক্ষা আৰু AI খণ্ডতো সহযোগিতা

ভাৰত আৰু ব্ৰাজিলৰ মাজত ক্ৰমাৎ শক্তিশালী হৈছে কৌশলগত আৰু...