SSB জোৱানৰ বিৰুদ্ধে বৃদ্ধ পিতৃ-মাতৃক নিৰ্যাতনৰ গুৰুতৰ অভিযোগ, ৬৫ বছৰীয়া মাতৃক মাৰধৰ কৰি ঘৰৰ পৰা উলিয়াই দিয়াৰ অভিযোগ পুত্ৰৰ বিৰুদ্ধে;অৱশেষত পুত্ৰৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিল অসহায় মাতৃ আৰু বায়েক

দেশ ৰক্ষাৰ দায়িত্বত নিয়োজিত এগৰাকী SSB জোৱানৰ বিৰুদ্ধে উত্থাপিত হৈছে নিজ পিতৃ-মাতৃক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ। ৮৫ বছৰীয়া বৃদ্ধ পিতৃ আৰু ৬৫ বছৰীয়া মাতৃক মাৰধৰ কৰি ঘৰৰ পৰা উলিয়াই দিয়াৰ লগতে পৰিয়ালৰ আন সদস্যকো হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ উঠিছে জোৱানজনৰ বিৰুদ্ধে।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে বিশ্বনাথ জিলাৰ চতিয়াৰ গড়পালৰ বহৰাভেটি গাঁৱত। অভিযুক্ত SSB জোৱানজনৰ নাম কিৰণ ছেত্ৰী। বৰ্তমান তেজপুৰত কৰ্মৰত কিৰণ ছেত্ৰী দুৰ্গাপূজাৰ বন্ধত ঘৰলৈ অহাৰ পিছৰে পৰা বিগত ১০-১৫ দিন ধৰি বৃদ্ধ পিতৃ হৰি বাহাদুৰ আৰু মাতৃ কৃষ্ণ মায়া দেৱীৰ ওপৰত নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে।

পৰিয়ালৰ অভিযোগ অনুসৰি, ৰোগীয়া পিতৃ-মাতৃক শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ লগতে এযোৰ কাপোৰেৰে ঘৰৰ পৰা উলিয়াই দিয়ে পুত্ৰই। ফলত বৃদ্ধ দম্পতীহালে নিজ জী-জোঁৱাইৰ ঘৰত আশ্ৰয় ল’বলৈ বাধ্য হয়।

ইয়াতেই ক্ষান্ত নাথাকি, হাতত চোকা অস্ত্ৰ লৈ বায়েকৰ ঘৰলৈ গৈ পিতৃ-মাতৃক আশ্ৰয় দিয়াৰ বাবেই বায়েক আৰু ভিনিহিয়েককো হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ উঠিছে কিৰণ ছেত্ৰীৰ বিৰুদ্ধে।

মাতৃ কৃষ্ণ মায়া দেৱীৰ অভিযোগ অনুসৰি, পুত্ৰ কিৰণে ছুটিত ঘৰলৈ আহিলেই পৰিয়ালৰ ওপৰত এনেধৰণৰ অত্যাচাৰ চলায়। আনকি মাতৃৰ সোণৰ অলংকাৰ, ঘৰৰ মূল্যৱান সামগ্ৰী আৰু পোহনীয়া গৰু-ছাগলী পৰ্যন্ত বিক্ৰী কৰি শেষ কৰাৰ অভিযোগ উঠিছে তেওঁৰ বিৰুদ্ধে। ইয়াৰ পিছতো পুনৰ ধন দাবী কৰি পিতৃ-মাতৃৰ ওপৰত নিৰ্যাতন চলাই অহা বুলি অভিযোগ কৰিছে মাতৃগৰাকীয়ে।

আন এক গুৰুতৰ অভিযোগ অনুসৰি, কিছুদিন পূৰ্বে মাতৃৰ চকুত গুটখাৰ পিক পেলাই দিয়াৰ ফলত চকুৰ চিকিৎসা গ্ৰহণ কৰিবলগীয়া হৈছিল বৃদ্ধাগৰাকীয়ে। পুত্ৰৰ এনে আচৰণ আৰু নিৰ্যাতন সহ্য কৰিব নোৱাৰি বোৱাৰীয়েকেও ঘৰ এৰি যোৱা বুলি জানিব পৰা গৈছে।

অৱশেষত পুত্ৰৰ নিৰ্যাতন সহ্য কৰিব নোৱাৰি আজি দুচকুত চকুলো লৈ মাতৃ আৰু বায়েকে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাত উপস্থিত হয়। অভিযুক্ত পুত্ৰ কিৰণ ছেত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি ন্যায় বিচাৰে দুয়োগৰাকীয়ে। আনকি মাতৃগৰাকীয়ে পুত্ৰই আক্ৰমণৰ বাবে ব্যৱহাৰ কৰা বুলি অভিযোগ কৰা চোকা অস্ত্ৰটোও আৰক্ষীক জমা দিয়ে।

ইফালে, এগৰাকী মাতৃৰ এনে অসহায় অৱস্থাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। দেশৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত এগৰাকী জোৱানৰ বিৰুদ্ধে নিজ বৃদ্ধ পিতৃ-মাতৃক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হোৱা ঘটনাই সকলোৰে মাজত চৰ্চাৰ সৃষ্টি কৰিছে।

সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰি বৃদ্ধ পিতৃ-মাতৃক ন্যায় প্ৰদানৰ লগতে তেওঁলোকৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ দাবী জনাইছে সচেতন মহলে। অৱশ্যে, এই পৰ্যন্ত অভিযুক্ত জোৱানজনৰ বক্তব্য বা আৰক্ষীৰ তদন্তৰ আনুষ্ঠানিক সবিশেষ জানিব পৰা হোৱা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ঘাতক ঘনকান্তৰ পত্নী জোনমণি গগৈৰ ডাঙৰ খবৰ

জোনমণি গগৈক গুৱাহাটীলৈ নানে SITয়ে। ঘাতক ঘনকান্তৰ পত্নীক জিম্মাত...

ইউক্ৰেইনৰ সামৰিক শক্তি বৃদ্ধিৰ লক্ষ্যৰে ইউক্ৰেইনলৈ ৫০০টা পেট্ৰিয়ট মিছাইল বিক্ৰীত অনুমোদন ট্ৰাম্প প্ৰশাসনৰ

ইউক্ৰেইনৰ সামৰিক শক্তি বৃদ্ধিৰ লক্ষ্যৰে ইউক্ৰেইনলৈ ৫০০টা পেট্ৰিয়ট মিছাইল...

ভাৰত-ব্ৰাজিলৰ বাণিজ্য ২০ বিলিয়ন ডলাৰলৈ বৃদ্ধিৰ লক্ষ্য, প্ৰতিৰক্ষা আৰু AI খণ্ডতো সহযোগিতা

ভাৰত আৰু ব্ৰাজিলৰ মাজত ক্ৰমাৎ শক্তিশালী হৈছে কৌশলগত আৰু...