অসমৰ অন্যতম উল্লেখযোগ্য নাট্য প্ৰতিযোগিতা সদৌ অসম জংগম একাংক নাট প্ৰতিযোগিতাৰ ২৮ সংখ্যক সংস্কৰণ অহা ২৮, ২৯ আৰু ৩০ ডিচেম্বৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব। এই উপলক্ষে দেওবাৰে জংগমৰ কাৰ্যালয়ত এখন সংবাদমেলৰ আয়োজন কৰে সংগঠনটোৰ বিষয়ববীয়াসকলে।
সংবাদমেলত জংগমৰ সভাপতি গোলাপ মেধি আৰু সাধাৰণ সম্পাদক ভাৰত গোস্বামীৰ লগতে অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে। সংবাদমেলত প্ৰতিযোগিতাৰ নিয়মাৱলী, অংশগ্ৰহণৰ পদ্ধতি আৰু বিভিন্ন শিতানৰ পুৰস্কাৰৰ বিষয়ে বিতংভাৱে অৱগত কৰা হয়।
প্ৰতিযোগিতাত শ্ৰেষ্ঠ নাট্যদলক ট্ৰফী, মানপত্ৰৰ লগতে নগদ ৩০,০০০ টকা প্ৰদান কৰা হ’ব। দ্বিতীয় শ্ৰেষ্ঠ নাট্যদলে লাভ কৰিব ২৫,০০০ টকা আৰু তৃতীয় শ্ৰেষ্ঠ নাট্যদলক প্ৰদান কৰা হ’ব ১৫,০০০ টকা।
আনহাতে, শ্ৰেষ্ঠ অভিনেতা আৰু শ্ৰেষ্ঠ অভিনেত্ৰীক পৃথকে পৃথকে ট্ৰফী, মানপত্ৰ আৰু নগদ ৫,০০১ টকাকৈ প্ৰদান কৰা হ’ব। দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰীয়ে ৪,০০১ টকাকৈ আৰু তৃতীয় শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰীয়ে ৩,০০১ টকাকৈ লাভ কৰিব।
ইয়াৰ উপৰি, শ্ৰেষ্ঠ শিশু শিল্পী, শ্ৰেষ্ঠ কৌতুক অভিনেতা, শ্ৰেষ্ঠ পাণ্ডুলিপি, শ্ৰেষ্ঠ মঞ্চসজ্জা, শ্ৰেষ্ঠ আৱহ সংগীত আৰু শ্ৰেষ্ঠ শৃংখলাবদ্ধ দলৰ বাবে ট্ৰফী, মানপত্ৰৰ লগতে নগদ ৪,০০১ টকাকৈ পুৰস্কাৰ আগবঢ়োৱা হ’ব বুলি সভাপতি গোলাপ মেধিয়ে জানিবলৈ দিয়ে।
প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক নাট্যদলসমূহে নাট্যকাৰৰ অনুমতিপত্ৰসহ পাণ্ডুলিপিৰ দুটাকৈ প্ৰতিলিপি আৰু ৫০১ টকাৰ প্ৰৱেশ মাচুল জমা দিব লাগিব।
অংশগ্ৰহণ আৰু প্ৰতিযোগিতাৰ বিষয়ে অধিক তথ্যৰ বাবে ৯৮৫৪৪৪০০৩০ আৰু ৯৮৫৪৪৮৯৬১৭ নম্বৰত যোগাযোগ কৰিব পাৰিব।
অসমৰ নাট্য-সংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰতিভাৱান নাট্যশিল্পীসকলক এখন উপযুক্ত মঞ্চ প্ৰদানৰ লক্ষ্যৰে আয়োজিত এই প্ৰতিযোগিতাক লৈ ইতিমধ্যে নাট্যপ্ৰেমীসকলৰ মাজত উৎসাহৰ সৃষ্টি হৈছে।
