২০২৯ৰ ভিতৰত ভাৰতৰ মহাকাশ অভিযানত নতুন গতি! দেশত গঢ়ি উঠিব ৪টা উৎক্ষেপণ কেন্দ্ৰ, ঘোষণা ইছৰোৰ অধ্যক্ষৰ

ভাৰতৰ মহাকাশ অভিযানৰ পৰিসৰ অধিক সম্প্ৰসাৰণৰ লক্ষ্যৰে ২০২৯ চনৰ ভিতৰত দেশত চাৰিটা কাৰ্যক্ষম উৎক্ষেপণ কেন্দ্ৰ গঢ়ি তোলা হ’ব। এই কথা সদৰী কৰিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৰ অধ্যক্ষ ভি নাৰায়ণনে।

চেন্নাইৰ সমীপৰ পোৰুৰত এখন ব্যক্তিগত বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত ভাষণ দি ইছৰোৰ অধ্যক্ষগৰাকীয়ে কয় যে দেশৰ মহাকাশ কাৰ্যসূচীৰ সক্ষমতা বৃদ্ধিৰ বাবে নতুন উৎক্ষেপণ আন্তঃগাঁথনি নিৰ্মাণৰ কাম আগবঢ়োৱা হৈছে। ইয়াৰ ভিতৰত তামিলনাডুৰ টুটিকোৰিন জিলাৰ কুলাছেকৰাপট্টিনমত ক্ষুদ্ৰ উপগ্ৰহ উৎক্ষেপণ যান (SSLV)ৰ বাবে প্ৰায় ২,০০০ একৰ ভূমিত এটা বিশেষ উৎক্ষেপণ কেন্দ্ৰ নিৰ্মাণ আৰু শ্ৰীহৰিকোটাত তৃতীয়টো উৎক্ষেপণ মঞ্চ স্থাপন কৰাটো অন্যতম।

কুলাছেকৰাপট্টিনমৰ নতুন মহাকাশ বন্দৰটোত উৎক্ষেপণ যান আৰু উপগ্ৰহ সংযোজনৰ বাবে ভৱন, উৎক্ষেপণ মঞ্চ, ৰে’লপথ ব্যৱস্থা, টেলিমেট্ৰি, অনুসৰণ আৰু নিয়ন্ত্ৰণ ব্যৱস্থাকে ধৰি অত্যাৱশ্যকীয় আন্তঃগাঁথনি গঢ়ি তোলা হ’ব। বিশ্বজুৰি উপগ্ৰহ উৎক্ষেপণৰ বৰ্ধিত চাহিদা পূৰণ কৰাই এই পদক্ষেপৰ মূল লক্ষ্য।

ইফালে, গগনযান অভিযানৰ প্ৰস্তুতিৰ বিষয়েও গুৰুত্বপূৰ্ণ তথ্য সদৰী কৰে ইছৰোৰ অধ্যক্ষগৰাকীয়ে। তেওঁৰ মতে, অহা দুমাহৰ ভিতৰত গগনযানৰ প্ৰথমটো মানৱবিহীন পৰীক্ষামূলক অভিযান সম্পন্ন কৰাৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ পিছত মহাকাশচাৰীক লৈ অভিযান আৰম্ভ কৰাৰ পূৰ্বে আৰু দুটা মানৱবিহীন পৰীক্ষা সম্পন্ন কৰা হ’ব।

এই পৰীক্ষাসমূহত মহাকাশযানৰ পৰিৱেশ নিয়ন্ত্ৰণ ব্যৱস্থা, সুৰক্ষা ব্যৱস্থা, মহাকাশচাৰীৰ উদ্ধাৰ ব্যৱস্থা আৰু মডিউলৰ ভিতৰৰ পৰিৱেশৰ কাৰ্যক্ষমতা পৰীক্ষা কৰা হ’ব। বিভিন্ন চাপ, উষ্ণতা আৰু আৰ্দ্ৰতাৰ পৰিস্থিতিত এই ব্যৱস্থাসমূহৰ কাৰ্যক্ষমতাও মূল্যায়ন কৰা হ’ব।

নাৰায়ণনে জানিবলৈ দিয়ে যে গগনযান অভিযানৰ বাবে ইছৰোৱে ইতিমধ্যে প্ৰায় ৮,০০০টা ভূমিভিত্তিক পৰীক্ষা সম্পন্ন কৰিছে। অভিযানটোৰ বাবে নিৰ্বাচিত চাৰিগৰাকী মহাকাশচাৰীয়ে বৰ্তমান বিশেষ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।

আনহাতে, জাপানৰ মহাকাশ সংস্থাৰ সৈতে সহযোগিতাৰে ‘চন্দ্ৰযান-৫’ অভিযান ৰূপায়ণৰ পৰিকল্পনাৰ কথাও প্ৰকাশ কৰে ইছৰোৰ অধ্যক্ষগৰাকীয়ে। এই অভিযানৰ অধীনত ৩৫০ কিলোগ্ৰাম ওজনৰ এখন ৰ’ভাৰ চন্দ্ৰলৈ প্ৰেৰণ কৰা হ’ব। ৰ’ভাৰখনে চন্দ্ৰপৃষ্ঠত ১০০ দিন ধৰি বিভিন্ন বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা চলাব।

ইয়াৰ উপৰি, ইছৰোক ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াৰ কোনো পৰিকল্পনা নাই বুলি স্পষ্ট কৰি দিয়ে নাৰায়ণনে। তেওঁ কয় যে দেশৰ ভিতৰত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হাজাৰ হাজাৰ উপগ্ৰহৰ বৰ্ধিত চাহিদা পূৰণ কৰিবলৈ ব্যক্তিগত প্ৰতিষ্ঠানসমূহৰ সৈতে সহযোগিতা কৰাটো অত্যন্ত প্ৰয়োজনীয়।

এই পদক্ষেপসমূহে ভাৰতৰ মহাকাশ অভিযানৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে উপগ্ৰহ উৎক্ষেপণ, মানৱ মহাকাশ অভিযান আৰু চন্দ্ৰ গৱেষণাৰ ক্ষেত্ৰত দেশখনৰ সক্ষমতা বৃদ্ধিত সহায় কৰিব বুলি আশা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

১ নৱেম্বৰত ‘অপৰূপাৰ মহীয়সী নাৰী বঁটা’ প্ৰদান অনুষ্ঠান; ৩০ গৰাকী কৰ্কট ৰোগীলৈ ১০ হাজাৰ টকাকৈ সাহাৰ্য

অহা ১ নৱেম্বৰত গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত...