গোৱালপাৰাত কুঁৱাৰ ভিতৰত আৱিষ্কাৰ দুবিধ নতুন ভূ-গৰ্ভস্থ মাছৰ প্ৰজাতি

অসমৰ জৈৱ-বৈচিত্ৰ্যৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ আৱিষ্কাৰ। গোৱালপাৰা জিলাত কুঁৱাত সন্ধান পোৱা গৈছে বিজ্ঞানীসকলৰ বাবে পূৰ্বতে অজ্ঞাত দুবিধ ভূগৰ্ভস্থ মাছৰ প্ৰজাতিৰ। Gitchak nakana আৰু Rakthamichthys anchi নামৰ এই প্ৰজাতি দুবিধ ভূগৰ্ভস্থ জলজ পৰিৱেশত জীয়াই থাকিবলৈ বিশেষভাৱে অভিযোজিত।

ইয়াৰে Gitchak nakana হৈছে প্ৰায় দুই ছেণ্টিমিটাৰ দীঘল, অতি ক্ষুদ্ৰ, স্বচ্ছ আৰু চকুহীন এবিধ মাছ। ইয়াৰ শৰীৰটো ইমানেই স্বচ্ছ যে বাহিৰৰ পৰাই তেজ আৰু আভ্যন্তৰীণ অংগসমূহ দেখা পোৱা যায়। ফলত মাছবিধৰ শৰীৰত ৰঙা আভা পৰিলক্ষিত হয়। অন্ধকাৰ ভূ-গৰ্ভস্থ পৰিৱেশত বাস কৰাৰ ফলত ইয়াৰ চকুৰ স্বাভাৱিক কাৰ্যক্ষমতা হ্ৰাস পাইছে। মাছবিধৰ নামত ব্যৱহৃত ‘Gitchak’ শব্দটো গাৰো ভাষাৰ পৰা লোৱা হৈছে, যাৰ অৰ্থ ইয়াৰ বিশেষ ৰঙা বৰণৰ সৈতে জড়িত।

আনহাতে, Rakthamichthys anchi হৈছে জলজোকৰ দৰে দীঘলীয়া শৰীৰৰ এবিধ স্বচ্ছ মাছ। ই Synbranchidae নামৰ স্বাম্প ইল বা জোকসদৃশ মাছৰ পৰিয়ালৰ অন্তৰ্গত। ইয়াৰ দীঘলীয়া শৰীৰ আৰু বিশেষ অভিযোজন ক্ষমতাই ইয়াক আন বহুতো সাধাৰণ জলজ মাছৰ পৰা পৃথক কৰি তুলিছে।

উল্লেখযোগ্য যে, উইমাৰিথি কে. মাৰাকৰ পৰ্যবেক্ষণৰ জৰিয়তে এই প্ৰজাতি দুবিধৰ সন্ধান লাভ কৰা সম্ভৱ হয়। ২০২১ চনৰ মাৰ্চ মাহত মাৰাকে এখন কুঁৱাত অচিনাকি জীৱ এটা প্ৰত্যক্ষ কৰি ইয়াৰ ফটো নিজৰ তত্ত্বাৱধায়কলৈ প্ৰেৰণ কৰিছিল। পিছত সেই নমুনাটোক Gitchak nakana হিচাপে চিনাক্ত কৰা হয়। আনহাতে, ২০২৪ চনৰ মে’ মাহত মাৰাকৰ এগৰাকী আত্মীয়ই কুঁৱা চাফা কৰি থকাৰ সময়ত আন এটা অচিনাকি মাছৰ সন্ধান পায়। পৰৱৰ্তী সময়ত সেই মাছটো Rakthamichthys anchi বুলি চিনাক্ত কৰা হয়।

ভূ-গৰ্ভস্থ মাছ সাধাৰণতে মাটিৰ তলৰ জলভাণ্ডাৰ, ভূগৰ্ভস্থ জলপ্ৰবাহ আৰু জলধাৰক স্তৰসমূহত বাস কৰে। সূৰ্যৰ পোহৰৰ অভাৱৰ লগতে খাদ্য আৰু অক্সিজেনৰ সীমিত উপলব্ধতাৰ দৰে প্ৰতিকূল পৰিৱেশত জীয়াই থাকিবলৈ এই মাছসমূহৰ শৰীৰত বিভিন্ন বিশেষ বৈশিষ্ট্য গঢ় লৈ উঠে। ইয়াৰ ভিতৰত চকুৰ কাৰ্যক্ষমতা হ্ৰাস পোৱা আৰু শৰীৰ স্বচ্ছ হোৱাৰ দৰে বৈশিষ্ট্য উল্লেখযোগ্য। এই প্ৰজাতিসমূহৰ অধ্যয়নে জীৱৰ বিৱৰ্তন, পৰিৱেশৰ সৈতে অভিযোজন আৰু ভূগৰ্ভস্থ জলজ পৰিৱেশত থকা জৈৱ-বৈচিত্ৰ্যৰ বিষয়ে নতুন তথ্য লাভ কৰাত সহায় কৰে।

কিন্তু প্ৰদূষণ, অত্যধিক ভূ-গৰ্ভস্থ পানী আহৰণ আৰু প্ৰাকৃতিক বাসস্থানৰ পৰিৱৰ্তনে এনে জীৱসমূহৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। নলা-নৰ্দমাৰ পানী, কৃষিক্ষেত্ৰত ব্যৱহৃত ৰাসায়নিক পদাৰ্থ আৰু বিভিন্ন আৱৰ্জনাই ভূগৰ্ভস্থ পানী প্ৰদূষিত কৰিব পাৰে। ইয়াৰ ফলত এই বিশেষ পৰিৱেশত জীয়াই থকা জীৱসমূহৰ অস্তিত্ব বিপদাপন্ন হোৱাৰ আশংকা থাকে।

গোৱালপাৰাত আৱিষ্কৃত এই নতুন প্ৰজাতি দুবিধে অসমৰ মাটিৰ তলতো যে বহু জীৱৰ অস্তিত্ব আছে, সেই কথা পুনৰ উন্মোচন কৰিছে। একে সময়তে, ভূ-গৰ্ভস্থ জলসম্পদ আৰু ইয়াৰ সৈতে জড়িত সংবেদনশীল পৰিৱেশতন্ত্ৰ সংৰক্ষণৰ প্ৰয়োজনীয়তাও এই আৱিষ্কাৰে স্পষ্ট কৰি তুলিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জিঅ’ প্লেটফৰ্মছৰ ৩০,২০০ কোটি টকাৰ IPO-ত বিনিয়োগকাৰীৰ ব্যাপক সঁহাৰি

ভাৰতৰ ধনকুবেৰ মুকেশ আম্বানীৰ জিঅ’ প্লেটফৰ্মছ লিমিটেডৰ ৩০,২০০ কোটি...

ছৌদি আৰৱৰ পৰা স্বদেশলৈ উভতিল প্ৰায় ৩,০০০ আবদ্ধ ভাৰতীয় উমৰাহ যাত্ৰী

ছৌদি আৰৱত আবদ্ধ হৈ থকা প্ৰায় ৩,০০০ ভাৰতীয় উমৰাহ...