এছিয়ান পেৰা গেমছত ভাৰতৰ পদক অভিযান আৰম্ভ হ’ল স্বৰ্ণ আৰু ৰূপৰ পদকেৰে। সোমবাৰে নাগোয়াত অনুষ্ঠিত মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল SH1 শাখাত মোনা আগৰৱালে গেমছ অভিলেখ গঢ়ি স্বৰ্ণ পদক জয় কৰাৰ বিপৰীতে অৱনী লেখাৰাই ৰূপৰ পদক লাভ কৰে। একেটা ইভেণ্টতে ভাৰতীয় খেলুৱৈয়ে প্ৰথম আৰু দ্বিতীয় স্থান দখল কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনে।
২০২৪ চনৰ পেৰিছ পেৰা অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰা মোনা আগৰৱালে ২৫০.০ পইণ্ট লাভ কৰি স্বৰ্ণ পদক অৰ্জন কৰে। আনহাতে, দুবাৰৰ পেৰা অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী অৱনী লেখাৰাই ২৪৯.৬ পইণ্টেৰে ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয়।
অন্তিম শ্বট লোৱাৰ পূৰ্বে মোনাই অৱনীতকৈ মাত্ৰ ০.১ পইণ্টৰ ব্যৱধানত আগবাঢ়ি আছিল। সেই সময়ত মোনাৰ পইণ্ট আছিল ২৩৯.২ আৰু অৱনীৰ ২৩৯.১। অৱশেষত মাত্ৰ ০.৪ পইণ্টৰ ব্যৱধানত মোনাই স্বৰ্ণ পদক নিজৰ নাম কৰিবলৈ সক্ষম হয়।
এই ইভেণ্টতে দক্ষিণ কোৰিয়াৰ ইউনৰি লীয়ে ব্ৰঞ্জৰ পদক লাভ কৰে। উল্লেখযোগ্য যে, SH1 শ্ৰেণীটো নিম্ন অংগত শাৰীৰিক অক্ষমতা থকা শ্বুটাৰসকলৰ বাবে নিৰ্ধাৰিত।
