মধ্যপ্ৰদেশৰ মন্দিৰৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা! বেৰিকেড ভাঙি ভক্তৰ ওপৰেৰে উঠিল নিয়ন্ত্ৰণহীন ট্ৰাক, ১২জনৰ মৃত্যু, আহত ২৯জন

মধ্যপ্ৰদেশৰ গোৱালিয়ৰত শনিবাৰে নিশা এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। শীতলা মাতা মন্দিৰৰ সমীপত ভক্তৰ ভিৰৰ মাজত নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰাক সোমাই পৰাৰ ফলত কমেও ১২জন লোকৰ মৃত্যু হয়। এই ঘটনাত কেইবাজনো লোক আহত হৈছে। দুৰ্ঘটনাটোৰ ফলত মন্দিৰৰ প্ৰৱেশদ্বাৰ আৰু বাহিৰৰ দেৱালৰো ক্ষতিসাধন হয়।

গোৱালিয়ৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক (SSP) ধৰ্মবীৰ সিঙে জনোৱা অনুসৰি, শনিবাৰে নিশা প্ৰায় ১.৩০ বজাত এই দুৰ্ঘটনা সংঘটিত হয়। চিনোৰ দিশৰ পৰা অহা ধানভৰ্তি ট্ৰাক এখনে নিয়ন্ত্ৰণ হেৰুৱায়। উক্ত পথটোত গধুৰ বাহনৰ চলাচল নিষিদ্ধ আছিল।

প্ৰাপ্ত তথ্য অনুসৰি, ট্ৰাকখনে পথত স্থাপন কৰা আৰক্ষীৰ বেৰিকেড ভাঙি আগবাঢ়ি যায় আৰু পথত থকা তীৰ্থযাত্ৰীসকলৰ ওপৰেৰে উঠি যায়। ইয়াৰ পিছতে ট্ৰাকখনে মন্দিৰৰ বাহিৰৰ দেৱাল আৰু প্ৰৱেশদ্বাৰত খুন্দা মাৰে।

ঘটনাৰ বিৱৰণ দি আৰক্ষী অধীক্ষক ধৰ্মবীৰ সিঙে কয় যে শীতলা মাতা মন্দিৰলৈ বৃহৎ সংখ্যক ভক্ত আহি আছিল। চিনোৰৰ ফালৰ পৰা অহা পথটোত এটা ঠেক ঢাল আছে, য’ত গধুৰ বাহনৰ চলাচল নিষিদ্ধ। নিশা প্ৰায় ১.৩০ বজাত ধানভৰ্তি ট্ৰাকখনক সেই স্থানত ৰখোৱা হৈছিল যদিও ই আৰক্ষীৰ বেৰিকেড ভাঙি আগবাঢ়ি যায় আৰু হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই তললৈ নামি আহি মন্দিৰৰ দেৱাল আৰু প্ৰৱেশদ্বাৰত খুন্দা মাৰে। ফলত পথত থকা ভক্তসকল ট্ৰাকখনৰ তলত পৰি মৃত্যু হয়। তেওঁ লগতে জনায় যে দুৰ্ঘটনাস্থলীত কৰ্তব্যৰত দুজন আৰক্ষী কৰ্মীও আহত হৈছে। তেওঁলোকৰ চিকিৎসা অব্যাহত আছে।

আৰক্ষী অধীক্ষকগৰাকীৰ মতে, দুৰ্ঘটনাৰ পিছত মুঠ ৩৯জন লোকক চিকিৎসালয়লৈ লৈ যোৱা হয়। ইয়াৰে ১২জনৰ মৃত্যু হৈছে। আনহাতে, পাঁচৰ পৰা ছজন লোকৰ অৱস্থা সংকটজনক। বাকী আহতসকলৰ আঘাত তুলনামূলকভাৱে কম আৰু তেওঁলোকৰ চিকিৎসা চলি আছে।

গোৱালিয়ৰৰ জিলা উপায়ুক্ত ৰুচিকা চৌহানেও দুৰ্ঘটনাটোৰ বিষয়ে বিৱৰণ দিয়ে। তেওঁ কয় যে দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে উদ্ধাৰ অভিযানৰ বাবে এম্বুলেন্সসহ অন্যান্য বাহন ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হয়। উপায়ুক্তগৰাকীয়ে লগতে জনায় যে নৱৰাত্ৰি উপলক্ষে পথটোত বেৰিকেড আৰু আৰক্ষীৰ তালাচী চকী স্থাপন কৰা হৈছিল। তেনে পৰিস্থিতিত ট্ৰাকখনে কেনেকৈ বেৰিকেড পাৰ হৈ মন্দিৰৰ দিশে সোমাবলৈ সক্ষম হ’ল, সেই বিষয়ে তদন্ত আৰম্ভ কৰা হৈছে।

তেওঁ কয় যে ট্ৰাকখনৰ হয়তো যান্ত্ৰিক বিসংগতি আছিল, সেই কথা জানিবলৈ আঞ্চলিক পৰিবহণ কাৰ্যালয়ৰ (RTO) এটা দলক ট্ৰাকখন পৰীক্ষা কৰিবলৈ পঠিওৱা হৈছে।

আহতসকলৰ চিকিৎসাৰ সন্দৰ্ভত উপায়ুক্তগৰাকীয়ে জনায় যে চিকিৎসকৰ দলে নিয়মীয়াকৈ চিটি স্কেন আৰু এক্স-ৰে কৰি আছে, যাতে আঘাতৰ প্ৰকৃতি অনুসৰি উপযুক্ত চিকিৎসা নিশ্চিত কৰিব পৰা যায়।

ইফালে, ঘটনাস্থলীত উপস্থিত থকা এগৰাকী প্ৰত্যক্ষদৰ্শী তথা এজন আহত লোকৰ ভাতৃয়ে অভিযোগ কৰে যে ট্ৰাকখনত অত্যধিক পৰিমাণৰ সামগ্ৰী কঢ়িয়াই অনা হৈছিল। তেওঁৰ মতে, ট্ৰাকখন হঠাতে আহি নিয়ন্ত্ৰণ হেৰুৱাই কেইবাখনো দোকান আৰু মানুহৰ ওপৰেৰে উঠি যায়। ফলত কেইবাজনো লোকৰ ঘটনাস্থলীতে মৃত্যু হয়।

প্ৰত্যক্ষদৰ্শীগৰাকীয়ে কয় যে নিশা প্ৰায় ১ বজাত সংঘটিত এই ঘটনাত তেওঁ নিজ চকুৰে কেইবাজনো লোকক থিতাতে মৃত্যুমুখত পৰা দেখিছিল। তেওঁৰ ভায়েকো দুৰ্ঘটনাটোত আহত হৈছে।

ঘটনাটোক লৈ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। আৰক্ষী আৰু প্ৰশাসনে দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ, ট্ৰাকখনৰ যান্ত্ৰিক অৱস্থা আৰু নিৰাপত্তাৰ বাবে স্থাপন কৰা বেৰিকেড ভাঙি ট্ৰাকখন কেনেকৈ আগবাঢ়িবলৈ সক্ষম হ’ল, সেই সকলো দিশ তদন্ত কৰি আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জাপানত আৰম্ভ এছিয়ান পেৰা গেমছ ২০২৬; ১৬৮গৰাকী খেলুৱৈৰে পদকৰ যুঁজত নামিব ভাৰত

জাপানৰ আইচি-নাগোয়াত আজি আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব এছিয়ান পেৰা গেমছ...

কলকাতাত দুৰ্গা পূজাৰ আনন্দৰ মাজতে কৰুণ ঘটনা; পদপিষ্ট হৈ ১৮জনৰ মৃত্যু, আহত ৩৫জন

কলকাতাৰ দুৰ্গা পূজাৰ আনন্দৰ মাজতে সংঘটিত হ’ল এক শোকাৱহ...

দিল্লীৰ যন্তৰ-মন্তৰত হোৱা জুলাইৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে পৰ্টেল মুকলি উচ্চতম ন্যায়ালয়ৰ গঠিত HPECৰ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০২৬ চনৰ জুলাই মাহত দিল্লীৰ যন্তৰ-মন্তৰ...