উত্তৰ প্ৰদেশৰ মীৰাটৰ বহুচৰ্চিত ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডৰ গোচৰত ডাঙৰ ৰায়দান। ব্যৱসায়িক জাহাজৰ বিষয়া সৌৰভ ৰাজপুতক হত্যাৰ অপৰাধত পত্নী মুস্কান ৰাস্তোগী আৰু তেওঁৰ প্ৰেমিক চাহিল শুক্লাক মৃত্যুদণ্ডৰে দণ্ডিত কৰিছে স্থানীয় আদালতে।
জিলা ন্যায়াধীশ অৰবিন্দ কুমাৰ মিশ্ৰই এই ৰায় প্ৰদান কৰে। ১২৬টা শুনানি আৰু ২২গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণৰ অন্তত আদালতে দুয়ো অভিযুক্তই সৌৰভ ৰাজপুতক হত্যাৰ ষড়যন্ত্ৰ কৰি তেওঁৰ মৃতদেহ টুকুৰা-টুকুৰ কৰি নীলা প্লাষ্টিকৰ ড্ৰামত ভৰাই চিমেণ্ট আৰু বালিৰে ঢাকি ৰখাৰ কথা উল্লেখ কৰে।
অভিযোগ অনুসৰি, ২০২৫ চনৰ ৩ মাৰ্চত নিজৰ ঘৰত খাদ্যৰ সৈতে ঔষধ মিহলাই সৌৰভক অচেতন কৰিছিল মুছকানে। ইয়াৰ পিছতে চাহিল শুক্লা আহি উপস্থিত হয় আৰু দুয়ো মিলি সৌৰভক ছুৰীৰে আঘাত কৰি হত্যা কৰাৰ লগতে মৃতদেহ টুকুৰা-টুকুৰ কৰে। পিছত মৃতদেহৰ অংশসমূহ এটা নীলা প্লাষ্টিকৰ ড্ৰামত ভৰাই চিমেণ্ট, বালি আৰু পানীৰ মিশ্ৰণেৰে ঢাকি দিয়া হৈছিল বুলি অভিযোগনামাত উল্লেখ কৰা হয়।
হত্যাকাণ্ডৰ পিছদিনা দুয়ো হিমাচল প্ৰদেশলৈ পলায়ন কৰে বুলি তদন্তত প্ৰকাশ পায়। অভিযোগ অনুসৰি, মুস্কানে সৌৰভৰ ম’বাইল ফোন ব্যৱহাৰ কৰি পৰিয়ালৰ লোকলৈ বাৰ্তা প্ৰেৰণ কৰিছিল, যাতে সৌৰভ জীয়াই থকা আৰু ব্যৱসায়িক কামত যাত্ৰা কৰা বুলি সকলোৱে ভাবি থাকে।
২০২৫ চনৰ ১৭ মাৰ্চত সৌৰভৰ আত্মীয়সকলৰ সন্দেহ হোৱাত স্থানীয় কৰ্তৃপক্ষৰ সৈতে তেওঁৰ বাসগৃহত উপস্থিত হয়। আৰক্ষীয়ে ছীল কৰা নীলা ড্ৰামটো খুলি সৌৰভৰ মৃতদেহৰ অৱশিষ্ট উদ্ধাৰ কৰে।
গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়াত সাক্ষীৰ ভাষ্য, দোকানীৰ সাক্ষ্য, ম’বাইল ফোনৰ কল ডিটেইলছ, টাৱাৰ লোকেচন আৰু অন্যান্য ফৰেনছিক তথা কাৰিকৰী প্ৰমাণৰ ওপৰত নিৰ্ভৰ কৰি আদালতে দুয়ো অভিযুক্তক দোষী সাব্যস্ত কৰি মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰে।
