গুৱাহাটী মহানগৰীত শাৰদীয় দুৰ্গোৎসৱ সুকলমে আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ লক্ষ্যৰে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে মহানগৰ আৰক্ষীয়ে। মহানগৰ আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনে সদৰী কৰা অনুসৰি, এইবাৰ গুৱাহাটীত প্ৰায় ৬০০খন পূজা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। বিগত বৰ্ষত মহানগৰীত ৫০৬খন পূজা অনুষ্ঠিত হৈছিল।
আৰক্ষীৰ নিৰ্দেশনা অনুসৰি, নিশা ১০ বজাৰ পিছত কোনো পূজা কমিটীয়ে উচ্চস্বৰত মাইক বা ছাউণ্ড চিষ্টেম বজাব নোৱাৰিব। পূজা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰতো পূজা কমিটীসমূহক বিভিন্ন নীতি-নিয়ম মানি চলিবলৈ নিৰ্দেশ দিয়া হৈছে।
নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিখন পূজা মণ্ডপতে নিশালৈকে স্বেচ্ছাসেৱক নিয়োজিত কৰি ৰাখিব লাগিব। ইয়াৰ উপৰি, পূজা কমিটীসমূহত প্ৰশিক্ষণপ্ৰাপ্ত স্বেচ্ছাসেৱক নিয়োগৰ ব্যৱস্থা কৰা হৈছে। প্ৰতিখন পূজা মণ্ডপতে চিচিটিভি কেমেৰা স্থাপন কৰাটো বাধ্যতামূলক কৰা হৈছে।
পূজা মণ্ডপত ভিৰ নিয়ন্ত্ৰণৰ বাবে পুৰুষ আৰু মহিলাৰ প্ৰৱেশ আৰু প্ৰস্থানৰ পৃথক পথৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশ দিয়া হৈছে। আনহাতে, পূজাৰ সময়ছোৱাত অসামৰিক পোছাকতো আৰক্ষীৰ লোক পূজাস্থলীত নিয়োজিত হৈ থাকিব।
প্ৰতিমা বিসৰ্জনৰ বাবে পাণ্ডু আৰু লাচিত ঘাটত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ বুকুলৈ প্ৰতিমা নিয়াৰ ক্ষেত্ৰতো বিশেষ ব্যৱস্থা কৰা হৈছে। চূণচালী ঘাটত বিসৰ্জনৰ ব্যৱস্থা মুকলি কৰাৰ বিষয়টো বৰ্তমান আলোচনা কৰি থকা হৈছে। প্ৰশাসনে অতি সোনকালে ঘাটটো বিসৰ্জনৰ বাবে মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে।
ইফালে, সুৰাপান কৰি বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰা লোকৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিছে। দুৰ্গোৎসৱৰ সময়ছোৱাত বাইক চলোৱাৰ ক্ষেত্ৰত হেলমেট পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে।
মুঠতে, দুৰ্গোৎসৱৰ সময়ছোৱাত আইন-শৃংখলা বজাই ৰখা, ভিৰ নিয়ন্ত্ৰণ আৰু জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে মহানগৰ আৰক্ষীয়ে এই ব্যৱস্থাসমূহ গ্ৰহণ কৰিছে।
