কিতাপৰ পাতৰ পৰা ওলাই প্ৰকৃতিৰ মাজত শিক্ষাগ্ৰহণৰ সুযোগ লাভ কৰিব শিক্ষাৰ্থীয়ে। অসমৰ প্ৰাকৃতিক ঐতিহ্যৰ সৈতে ছাত্ৰ-ছাত্ৰীক পৰিচয় কৰাই দিয়াৰ লক্ষ্যৰে নামেৰী ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত আৰম্ভ কৰা হৈছে এক বিশেষ পদক্ষেপ ‘Nameri Wild Classroom’
অসম বন বিভাগৰ এই পদক্ষেপৰ জৰিয়তে অষ্টম শ্ৰেণী আৰু তাৰ ওপৰৰ শ্ৰেণীৰ শিক্ষাৰ্থীৰ লগতে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়েও বনাঞ্চলৰ মাজত থাকি প্ৰকৃতি আৰু বন্যপ্ৰাণীৰ বিষয়ে ব্যৱহাৰিক জ্ঞান আহৰণ কৰিব পাৰিব।
এই কাৰ্যসূচীৰ অধীনত ২ আৰু ৩ দিনীয়া আৱাসিক শিক্ষামূলক কাৰ্যসূচীৰ ব্যৱস্থা কৰা হৈছে। ইয়াত শিক্ষাৰ্থীসকলে চৰাই নিৰীক্ষণ, বনাঞ্চলত পদযাত্ৰা, বন্যপ্ৰাণীৰ বিচৰণৰ অনুসন্ধান আৰু নদীৰ পৰিস্থিতিতন্ত্ৰৰ বিষয়ে অধ্যয়নৰ সুযোগ লাভ কৰিব। ইয়াৰ উপৰি জীয়া-ভৰলী নদীত ৰাফটিং আৰু স্থানীয় জনগোষ্ঠীৰ পৰম্পৰা তথা সংস্কৃতিৰ বিষয়েও জানিব পাৰিব।
প্ৰকৃতিবিদ আৰু বন বিভাগৰ কৰ্মচাৰীৰ তত্ত্বাৱধানত অনুষ্ঠিত হ’ব এই কাৰ্যসূচী। অংশগ্ৰহণকাৰী শিক্ষাৰ্থীসকলে নিজৰ অভিজ্ঞতা আৰু পৰ্যবেক্ষণ লিপিবদ্ধ কৰিবলৈ ফিল্ড জাৰ্নেল প্ৰস্তুত কৰিব লাগিব। কাৰ্যসূচী সম্পূৰ্ণ কৰাৰ পিছত প্ৰতিগৰাকী অংশগ্ৰহণকাৰীক প্ৰমাণ-পত্ৰও প্ৰদান কৰা হ’ব।
এই পদক্ষেপৰ জৰিয়তে শিক্ষাৰ্থীসকলক পাঠ্যপুথিৰ জ্ঞানৰ লগতে প্ৰকৃতি সংৰক্ষণ, বন্যপ্ৰাণী আৰু পৰিৱেশৰ গুৰুত্বৰ বিষয়ে প্ৰত্যক্ষ অভিজ্ঞতা প্ৰদান কৰাৰ লক্ষ্য লোৱা হৈছে।
এই সন্দৰ্ভত বিদ্যালয়, মহাবিদ্যালয় আৰু শিক্ষাবিদসকলক নিজৰ শিক্ষাৰ্থীসকলক এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাবলৈ আহ্বান জনোৱা হৈছে। প্ৰকৃতিৰ মাজত শিক্ষাগ্ৰহণৰ এই ব্যতিক্ৰমী পদক্ষেপে শিক্ষাৰ্থীসকলৰ মাজত পৰিৱেশ সংৰক্ষণৰ প্ৰতি সজাগতা বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।
