ৰাজ্যত চৰকাৰী নিযুক্তিৰ ধাৰা অব্যাহত ৰাখি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ৪৩৯গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে। মুখ্যমন্ত্ৰীৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমটো নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ দামোদৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত এই নিযুক্তি প্ৰদান কৰা হয়।
অনুষ্ঠানত ভাষণত মুখ্যমন্ত্ৰী ড০ শৰ্মাই আগন্তুক পাঁচ বছৰত ৰাজ্যত নিযুক্তি প্ৰক্ৰিয়া অধিক ক্ষিপ্ৰ কৰাৰ কথা ঘোষণা কৰে। লগতে চৰকাৰী কৰ্মচাৰীৰ পদোন্নতিৰ প্ৰক্ৰিয়াও ত্বৰান্বিত কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। ৰাজ্যত চৰকাৰী নিযুক্তিৰ সংখ্যা দুই লাখৰ লক্ষ্যৰ দিশে আগবঢ়াই নিয়াৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
আজিৰ নিযুক্তি অনুসৰি, সমবায় বিভাগৰ অধীনত অসম সমবায় এপেক্স বেংক লিমিটেডত ১৬৫গৰাকী প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰিছে। ইয়াৰে ১৫০গৰাকী কাৰ্যালয় সহায়ক আৰু ২৫গৰাকী সহকাৰী শাখা প্ৰবন্ধক পদত নিযুক্তি লাভ কৰিব বুলি উল্লেখ কৰা হৈছে। আনহাতে, শ্ৰম কল্যাণ বিভাগৰ অধীনত কৰ্মচাৰী ৰাজ্যিক বীমা আঁচনিৰ বীমা চিকিৎসা বিষয়া পদত ১২গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হয়।
জনস্বাস্থ্য কাৰিকৰী বিভাগত ১৮৪টা কনিষ্ঠ অভিযন্তাৰ পদত নিযুক্তি প্ৰদান কৰা হ’ব। জলসম্পদ বিভাগত ৪৫গৰাকী সহকাৰী অভিযন্তা (চিভিল), ৭গৰাকী সহকাৰী অভিযন্তা (মেকানিকেল) আৰু ১৬গৰাকী কনিষ্ঠ অভিযন্তাক নিযুক্তি দিয়া হ’ব। এই নিযুক্তিসমূহৰ জৰিয়তে কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ মানৱ সম্পদৰ অভাৱ পূৰণ হোৱাৰ আশা কৰা হৈছে।
মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণত কয় যে ২০২১ চনৰ পৰা বৰ্তমানলৈ ৰাজ্যত চৰকাৰী চাকৰিত ১ লাখ ৬৫ হাজাৰ ৩১০গৰাকী প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰিছে। আগন্তুক সময়ছোৱাতো এই প্ৰক্ৰিয়া অব্যাহত থকাৰ লগতে অধিক ক্ষিপ্ৰতাৰে নিযুক্তি প্ৰদানৰ ব্যৱস্থা কৰা হ’ব বুলি তেওঁ আশ্বাস দিয়ে।
নিযুক্তি প্ৰক্ৰিয়াৰ স্বচ্ছতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে পূৰ্বে চাকৰিৰ বিজ্ঞাপন প্ৰকাশৰ সময়ৰ পৰাই বিভিন্ন বিতৰ্কৰ সৃষ্টি হৈছিল। কিন্তু বৰ্তমান অসমত নিযুক্তি প্ৰক্ৰিয়াক লৈ আস্থা আৰু বিশ্বাসৰ পৰিৱেশ গঢ়ি উঠিছে। পূৰ্বৰ দৰে চাকৰি লাভৰ ক্ষেত্ৰত ধনৰ লেনদেনক ন্যায্যতা প্ৰদান কৰাৰ পৰিৱেশ এতিয়া গ্ৰহণযোগ্য নহয় বুলিও তেওঁ মন্তব্য কৰে।
তেওঁ লগতে কয় যে পূৰ্বে নিযুক্তি পত্ৰ প্ৰদানৰ বাবে এনেধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰা হোৱা নাছিল। বৰ্তমানৰ স্বচ্ছ ব্যৱস্থাৰ ফলত নিযুক্তি প্ৰক্ৰিয়াক লৈ সংবাদ মাধ্যমতো বিশেষ বিতৰ্কৰ সৃষ্টি হোৱা নাই বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আনকি কোনো মন্ত্ৰী বা আমোলাৰ ঘনিষ্ঠই চাকৰি লাভ কৰা নাই বুলি দাবী কৰি তেওঁ কয় যে নিজেও কোন কোন প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰিছে, সেই বিষয়ে অৱগত নহয়।
ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে অসম সমবায় এপেক্স বেংকৰ পৰিৱৰ্তনৰ বিষয়েও উল্লেখ কৰে। এসময়ত বেংকটোৰ ভৱিষ্যতক লৈ আশংকাৰ সৃষ্টি হৈছিল আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অনুমতি বাতিল হোৱাৰ সম্ভাৱনাও চৰ্চালৈ আহিছিল বুলি তেওঁ কয়। কিন্তু বৰ্তমান এপেক্স বেংকে সংকটৰ পৰা ওলাই আহি লাভজনক প্ৰতিষ্ঠান হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। বেংকটোৱে অনুসূচিত বেংকৰ মৰ্যাদা লাভ কৰিবলৈও সক্ষম হোৱা বুলি তেওঁ উল্লেখ কৰে।
আনহাতে, কৰ্মচাৰী ৰাজ্যিক বীমা আঁচনিৰ চিকিৎসালয়ৰ বাবে ১২গৰাকী চিকিৎসকক নিযুক্তি দিয়াৰ কথাও ভাষণত উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। জনস্বাস্থ্য কাৰিকৰী বিভাগত তেওঁৰ পূৰ্বৰ কাৰ্যকালত ১,১৭৩গৰাকী লোকক নিযুক্তি দিয়া হৈছিল বুলি তেওঁ জানিবলৈ দিয়ে। এইবাৰ অভিযন্তা নিযুক্তিৰ হাৰ অধিক ক্ষিপ্ৰ কৰা হ’ব বুলিও তেওঁ আশ্বাস দিয়ে।
নতুন নিযুক্তি সমাৰোহৰ মঞ্চৰ পৰাই দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ বাৰ্তা প্ৰদান কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। অসম লোকসেৱা আয়োগৰ (APSC) নিযুক্তি পৰীক্ষা স্বচ্ছ হোৱাটো ৰাইজৰ দীৰ্ঘদিনীয়া দাবী আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে পূৰ্বে নিযুক্তি লাভ কৰা একাংশ বিষয়াই উৎকোচ লোৱাৰ অভিযোগত ধৰা পৰাৰ ঘটনাই উদ্বেগৰ সৃষ্টি কৰিছে।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সমাজত দুৰ্নীতিৰ দৰে ঘটনাই মানুহক ক্ষুব্ধ কৰি তোলে আৰু আন্দোলনমুখী কৰি তোলে। চাকৰি লাভ কৰাৰ পাছত একাংশ লোকৰ মানসিকতা আৰু আচৰণৰ পৰিৱৰ্তন ঘটি তেওঁলোক দুৰ্নীতিৰ দিশে ধাৱিত হোৱাটো দুৰ্ভাগ্যজনক বুলিও তেওঁ মন্তব্য কৰে।
তেওঁ লগতে কয় যে অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰা একেজন ব্যক্তিয়েই কাৰ্যালয়ত বহি উৎকোচ ল’বলৈ আৰম্ভ কৰাটো পৰিতাপৰ বিষয়। চাকৰিত যোগদান কৰাৰ পাছত মানুহৰ ভাল গুণসমূহ হেৰাই যাব নালাগে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে নতুনকৈ নিযুক্তি লাভ কৰা কৰ্মচাৰীসকলক সততা আৰু দায়িত্ববোধেৰে কৰ্তব্য পালন কৰিবলৈ আহ্বান জনায়।
ৰাজ্যত স্বচ্ছ নিযুক্তিৰ পৰিৱেশ অব্যাহত ৰখাৰ লগতে দুৰ্নীতিমুক্ত প্ৰশাসন গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আগন্তুক পাঁচ বছৰত নিযুক্তি আৰু পদোন্নতিৰ ক্ষেত্ৰত অধিক গতিশীলতা অনাৰ প্ৰতিশ্ৰুতি দিয়ে।
