আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱসত প্ৰতিগৰাকী কন্যালৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শুভেচ্ছা; সুৰক্ষিত ভৱিষ্যৎ গঢ়াৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ

আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উপলক্ষে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ প্ৰতিগৰাকী কন্যা শিশুলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। কন্যা শিশুসকলক শক্তি, সাহস আৰু সৃষ্টিশীলতাৰ প্ৰতীক বুলি অভিহিত কৰি তেওঁলোকৰ সপোন, প্ৰতিভা আৰু সম্ভাৱনাক বাস্তৱ ৰূপ দিয়াৰ বাবে এখন সুৰক্ষিত সমাজ গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

এই উপলক্ষে প্ৰকাশ কৰা এক বাৰ্তাত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে আই লক্ষ্মীৰ স্বৰূপ কন্যা শিশুসকলৰ সপোনক সাকাৰ ৰূপ দিয়াৰ দিশত সকলোৰে দায়িত্ব অপৰিসীম। প্ৰতিগৰাকী কন্যাৰ প্ৰতিভা আৰু সম্ভাৱনাক সন্মান জনাই তেওঁলোকৰ বাবে এখন সুৰক্ষিত সমাজ আৰু সম্ভাৱনাপূৰ্ণ ভৱিষ্যৎ গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰে দৃঢ় সংকল্পৰে কাম কৰি আহিছে বুলিও তেওঁ উল্লেখ কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে কন্যা শিশুসকলৰ সৰ্বাংগীণ বিকাশ, শিক্ষা আৰু সবলীকৰণৰ লক্ষ্যৰে গ্ৰহণ কৰা ‘নিযুত মইনা’ৰ দৰে অভিলাষী আঁচনিয়ে চৰকাৰৰ এই লক্ষ্য সফল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ এই বিশেষ ক্ষণত প্ৰতিগৰাকী কন্যা শিশুৰ উজ্জ্বল আৰু সুৰক্ষিত ভৱিষ্যৎ নিশ্চিত কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কন্যাসকলৰ সুৰক্ষিত ভৱিষ্যৎ গঢ়াৰ দিশত চৰকাৰে নিৰন্তৰ কাম কৰি যাব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ম্যানমাৰত নগা উগ্ৰপন্থীৰ শিবিৰত ভয়ংকৰ আক্ৰমণ, নিহত ৩৬ উগ্ৰপন্থী

ম্যানমাৰ সেনাই নগা উগ্ৰপন্থীৰ বিৰুদ্ধে চলোৱা এক ভয়ংকৰ সামৰিক...

সন্মুখত দুই লাখ নিযুক্তিৰ লক্ষ্য, HBS 2.0ৰ প্ৰথম নিযুক্তি সমাৰোহত ৪৩৯গৰাকীক নিযুক্তি পত্ৰ প্ৰদান মুখ্যমন্ত্ৰীৰ

ৰাজ্যত চৰকাৰী নিযুক্তিৰ ধাৰা অব্যাহত ৰাখি মুখ্যমন্ত্ৰী ড° হিমন্ত...

দুটা সফল সংস্কৰণৰ পিছত পুনৰ আহিছে ‘খেল মহাৰণ ৩.০’, ৭ নৱেম্বৰৰ পৰা আৰম্ভ ৰাজ্যজুৰি ক্ৰীড়া মহোৎসৱ

অসমৰ তৃণমূল পৰ্যায়ৰ ক্ৰীড়া প্ৰতিভাক এখন বৃহৎ মঞ্চ প্ৰদানৰ...