নানা পাটেকাৰৰ মৃত্যুক লৈ গোচৰ ৰুজু গোৱা আৰক্ষীৰ, গোৱাৰ মণিপাল হাস্পতালত সম্পন্ন মৰণোত্তৰ পৰীক্ষা

বলিউডৰ জ্যেষ্ঠ অভিনেতা নানা পাটেকাৰৰ মৃত্যুৰ পিছতে গোচৰ ৰুজু কৰিছে গোৱা আৰক্ষীয়ে। ৭৫ বছৰ বয়সত অভিনেতাগৰাকীৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (BNSS)-ৰ ১৯৪ নং ধাৰাৰ অধীনত ‘অস্বাভাৱিক মৃত্যু’ (Unnatural Death) হিচাপে গোচৰটো পঞ্জীয়ন কৰা হৈছে। মৃত্যুৰ প্ৰকৃত কাৰণ আৰু পৰিস্থিতি নিৰ্ণয়ৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

উল্লেখ্য যে, ৮ অক্টোবৰ, বৃহস্পতিবাৰে পুৱতি নিশা গোৱাৰ ড’না পাউলাস্থিত নিজৰ বাসগৃহত অসুস্থ হৈ পৰিছিল অভিনেতাগৰাকী। বুকুৰ বাওঁফালে বিষ অনুভৱ কৰাৰ পিছত তেওঁ এজন বন্ধুলৈ বাৰ্তা প্ৰেৰণ কৰিছিল। পিছত বন্ধুজনে তেওঁৰ বাসগৃহত উপস্থিত হৈ অসুস্থ অৱস্থাত উদ্ধাৰ কৰে আৰু চিকিৎসাৰ ব্যৱস্থা কৰে।

ইয়াৰ পিছতে তেওঁক গোৱাৰ মণিপাল হাস্পতাললৈ লৈ যোৱা হয়। চিকিৎসকসকলে প্ৰায় ৪৫ মিনিট ধৰি হৃদযন্ত্ৰৰ পুনৰুজ্জীৱন প্ৰক্ৰিয়া (CPR) চলাই তেওঁক বচাবলৈ চেষ্টা কৰে যদিও সফল নহ’ল। পুৱা প্ৰায় ৫.২০ বজাত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। চিকিৎসকৰ প্ৰাথমিক তথ্য অনুসৰি, হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পৰাৰ ফলতেই তেওঁৰ মৃত্যু হৈছিল বুলি সন্দেহ কৰা হৈছে।

আৰক্ষীৰ তথ্য অনুসৰি, অভিনেতাগৰাকীক চিকিৎসালয়লৈ অনাৰ সময়ত তেওঁ ইতিমধ্যে মৃত্যুবৰণ কৰিছিল। এই ঘটনাক চিকিৎসা-আইনী বিষয় হিচাপে গণ্য কৰি আৰক্ষীক অৱগত কৰা হয়। তাৰ পিছতে আইনী প্ৰক্ৰিয়াৰ অংশ হিচাপে গোচৰ পঞ্জীয়ন কৰা হয়।

মৃত্যুৰ প্ৰকৃত কাৰণ নিশ্চিত কৰিবলৈ নানা পাটেকাৰৰ মৃতদেহ গোৱা মেডিকেল কলেজ এণ্ড হাস্পতাল (GMC)লৈ লৈ যোৱা হয়, য’ত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয়। আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত পৰিস্থিতিৰ তদন্ত কৰাৰ লগতে পৰিয়ালৰ সদস্য আৰু আন সংশ্লিষ্ট লোকৰ বক্তব্যও সংগ্ৰহ কৰিব।

উল্লেখযোগ্য যে নানা পাটেকাৰ হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰ জগতৰ এগৰাকী বিশিষ্ট অভিনেতা আছিল। শক্তিশালী অভিনয় আৰু সংলাপ পৰিৱেশনৰ বাবে পৰিচিত অভিনেতাগৰাকীৰ মৃত্যুত ভাৰতীয় চলচ্চিত্ৰ জগতত শোকৰ ছাঁ পৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ফ্লাইডুবাইৰ বিমান দুৰ্ঘটনা ৰোধ কৰি বীৰত্বৰ পৰিচয়! ভাৰতীয় পাইলট স্মিত মাচ্ছাৰক সন্মানিত কৰিব ইজৰাইলে

আকাশমাৰ্গত এক ভয়াৱহ দুৰ্ঘটনা প্ৰতিৰোধ কৰি শতাধিক যাত্ৰীৰ জীৱন...

নোবেল শান্তি বঁটা পোৱাৰ যোগ্য বুলি দাবী ট্ৰাম্পৰ, তথাপি বঁটা লাভক লৈ সন্দিহান

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ২০২৬ বৰ্ষৰ নোবেল শান্তি বঁটা...