কৃষি কৰ্মৰে স্বাৱলম্বী কাৰ্বি-আংলঙৰ লংকী ডেৰানিজে। স্বাৱলম্বী হৈ আন ১০ যুৱককো দিছে সংস্থাপন

কঠোৰ পৰিশ্ৰম, একাগ্ৰতা আৰু সঠিক পৰিকল্পনাৰে কৃষি কৰ্মৰ জৰিয়তে যে স্বাৱলম্বী হ’ব পাৰি, তাৰেই এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে কাৰ্বি আংলঙৰ উত্তৰ ফংলংপেটৰ লংকী ডেৰা নামৰ এগৰাকী আদৰ্শ কৃষকে। পৰম্পৰাগত কৃষিৰ মাজতে সীমাবদ্ধ নাথাকি বিভিন্ন ধৰণৰ শস্যৰ সমন্বিত খেতিৰে নিজৰ কৃষিপামক এক লাভজনক উদ্যোগলৈ ৰূপান্তৰিত কৰিছে তেওঁ।

কুঁহিয়াৰৰ খেতিৰে কৃষি কৰ্মৰ যাত্ৰা আৰম্ভ কৰা লংকী ডেৰাই পৰৱৰ্তী সময়ত ৰবৰ খেতিৰ প্ৰতি আগ্ৰহী হৈ পৰে। ধৈৰ্য আৰু পৰিশ্ৰমেৰে আৰম্ভ কৰা ৰবৰ খেতিয়ে আজি তেওঁৰ কৃষি কৰ্মক এক নতুন মাত্ৰা প্ৰদান কৰিছে। প্ৰায় ১৪ বিঘা ভূমিত ৰবৰ খেতি কৰি তেওঁ বছৰি প্ৰায় ১ৰ পৰা ১.৫ লাখ টকালৈকে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।

কেৱল ৰবৰ খেতিতে থমকি নৰৈ লংকী ডেৰাই কৃষিপামখনত বিভিন্ন ধৰণৰ মিশ্ৰিত কৃষিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। বৰ্তমান তেওঁৰ কৃষিপামত ধান, কুঁহিয়াৰ, ৰবৰ, আনাৰস, হালধি আৰু কলৰ খেতিৰ লগতে বিভিন্ন লাভজনক গছ-গছনিও আছে। কৃষিৰ জৰিয়তে উপাৰ্জন বৃদ্ধি কৰাৰ লক্ষ্যৰে তেওঁ মেহগনি, ৰঙা চন্দন, চেগুন আৰু পাম অইলৰ দৰে মূল্যৱান আৰু লাভজনক গছ-গছনি ৰোপণ কৰি নতুন সম্ভাৱনাৰ সন্ধান কৰিছে।

লংকী ডেৰাৰ কৃষিপামৰ আন এক উল্লেখযোগ্য দিশ হৈছে কৰ্মসংস্থাপনৰ সৃষ্টি। তেওঁৰ কৃষিপামত অঞ্চলটোৰ প্ৰায় ১০গৰাকী স্থানীয় নিবনুৱা যুৱকে নিয়মীয়াকৈ কামৰ সুযোগ লাভ কৰিছে। নিজৰ উপাৰ্জনৰ পথ মুকলি কৰাৰ লগতে আন যুৱক-যুৱতীৰ বাবেও সংস্থাপনৰ সুযোগ সৃষ্টি কৰি তেওঁ গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ ক্ষেত্ৰতো এক ইতিবাচক ভূমিকা পালন কৰিছে।

কৃষি কৰ্মৰ পৰা লাভ কৰা উপাৰ্জনেৰে লংকী ডেৰাই ট্ৰেক্টৰকে ধৰি বিভিন্ন বাহন আৰু কৃষিকাৰ্যত প্ৰয়োজনীয় সা-সঁজুলি ক্ৰয় কৰিছে। আধুনিক কৃষি পদ্ধতি আৰু বিভিন্ন শস্যৰ সমন্বয়ৰ জৰিয়তে তেওঁ নিজৰ কৃষিপামক অধিক উৎপাদনক্ষম কৰি তোলাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

এসময়ত কুঁহিয়াৰৰ খেতিৰে আৰম্ভ কৰা লংকী ডেৰাৰ এই কৃষি যাত্ৰাই আজি এক বিস্তৃত ৰূপ লাভ কৰিছে। একেডৰা মাটিতে বিভিন্ন শস্যৰ খেতি কৰি অধিক উৎপাদন আৰু উপাৰ্জনৰ পথ মুকলি কৰাৰ লগতে তেওঁ কৃষিৰ প্ৰতি নতুন প্ৰজন্মৰ আগ্ৰহ বৃদ্ধি কৰাৰো এক বাৰ্তা দিছে।

কঠোৰ পৰিশ্ৰম আৰু সঠিক পৰিকল্পনাৰে কৃষিখণ্ডতো যে এক সুন্দৰ আৰু সন্মানজনক ভৱিষ্যত গঢ়ি তুলিব পাৰি, লংকী ডেৰাৰ সফলতাই তাৰেই প্ৰমাণ দাঙি ধৰিছে। নিজৰ প্ৰচেষ্টাৰে স্বাৱলম্বী হৈ এতিয়া অঞ্চলটোৰ বহুজনৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে উত্তৰ ফংলংপেটৰ এইগৰাকী আদৰ্শ কৃষক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰসংগঃ মমতাজ বেগম,”মোক মোৰ মা লাগে মাথোঁ, ৰাজনীতি নালাগে”। মমতাজ বেগমক লৈ পুত্ৰৰ প্ৰতিক্ৰিয়া

নগাঁৱৰ মমতাজ বেগমৰ সন্ধানহীনতাক লৈ এতিয়া উদ্বেগ বৃদ্ধি পাইছে।...

এছিয়ান গেমছত স্বর্ণ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা গল্ফাৰ হিচাপে ইতিহাস ৰচিলে ২৩ বছৰীয়া প্ৰণৱী উৰ্ছই

এছিয়ান গেমছত ভাৰতৰ জয়যাত্ৰা অব্যাহত। আইচি-নাগোয়া এছিয়ান গেমছত ইতিহাস...

‘হস্তীৰ কন্যা’ৰ আজি জন্মজয়ন্তী, গোৱালপৰীয়া লোকসংগীতৰ সম্ৰাজ্ঞীক সশ্ৰদ্ধ স্মৰণ ৰাজ্যবাসীৰ

গোৱালপৰীয়া লোকসংগীতৰ সম্ৰাজ্ঞী, কিংবদন্তি শিল্পী তথা পদ্মশ্ৰী প্ৰতিমা বৰুৱা...