এছিয়ান গেমছত স্বর্ণ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা গল্ফাৰ হিচাপে ইতিহাস ৰচিলে ২৩ বছৰীয়া প্ৰণৱী উৰ্ছই

এছিয়ান গেমছত ভাৰতৰ জয়যাত্ৰা অব্যাহত। আইচি-নাগোয়া এছিয়ান গেমছত ইতিহাস সৃষ্টি কৰিলে ভাৰতীয় গল্ফাৰ প্ৰণৱী উৰ্ছে। মাত্ৰ ২৩ বছৰ বয়সতে এছিয়ান গেমছৰ ব্যক্তিগত গল্ফত সোণৰ পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা গল্ফাৰ হিচাপে পৰিগণিত হ’ল মাইছুৰুৰ প্ৰণৱী।

চূড়ান্ত ৰাউণ্ডত তিনিটা শ্বটৰ অগ্ৰগতিৰে খেল আৰম্ভ কৰা প্ৰণৱীয়ে অসাধাৰণ ধৈৰ্য আৰু আত্মবিশ্বাসেৰে শীৰ্ষস্থান অক্ষুণ্ণ ৰাখি ঐতিহাসিক জয় সাব্যস্ত কৰে।

কেৱল ব্যক্তিগত শাখাতে নহয়, মহিলা দলীয় শাখাতো প্ৰণৱী, অদিতি অশোক আৰু দীক্ষা ডাগৰে ভাৰতক ৰূপৰ পদক জয় কৰোৱায়। দলীয় শাখাত চীনে সোণৰ পদক লাভ কৰে।

এই জয়ৰ জৰিয়তে ভাৰতীয় মহিলা গল্ফত নতুন ইতিহাস ৰচিলে প্ৰণৱীয়ে। ২০২৩ৰ হাংঝৌ এছিয়ান গেমছত অদিতি অশোকে মহিলা গল্ফত ৰূপৰ পদক জয় কৰিছিল। তাৰ পিছত এইবাৰ প্ৰণৱীৰ সোণৰ পদকে ভাৰতীয় মহিলা গল্ফক নতুন উচ্চতালৈ লৈ গ’ল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰসংগঃ মমতাজ বেগম,”মোক মোৰ মা লাগে মাথোঁ, ৰাজনীতি নালাগে”। মমতাজ বেগমক লৈ পুত্ৰৰ প্ৰতিক্ৰিয়া

নগাঁৱৰ মমতাজ বেগমৰ সন্ধানহীনতাক লৈ এতিয়া উদ্বেগ বৃদ্ধি পাইছে।...

কৃষি কৰ্মৰে স্বাৱলম্বী কাৰ্বি-আংলঙৰ লংকী ডেৰানিজে। স্বাৱলম্বী হৈ আন ১০ যুৱককো দিছে সংস্থাপন

কঠোৰ পৰিশ্ৰম, একাগ্ৰতা আৰু সঠিক পৰিকল্পনাৰে কৃষি কৰ্মৰ জৰিয়তে...

‘হস্তীৰ কন্যা’ৰ আজি জন্মজয়ন্তী, গোৱালপৰীয়া লোকসংগীতৰ সম্ৰাজ্ঞীক সশ্ৰদ্ধ স্মৰণ ৰাজ্যবাসীৰ

গোৱালপৰীয়া লোকসংগীতৰ সম্ৰাজ্ঞী, কিংবদন্তি শিল্পী তথা পদ্মশ্ৰী প্ৰতিমা বৰুৱা...