গোৱালপৰীয়া লোকসংগীতৰ সম্ৰাজ্ঞী, কিংবদন্তি শিল্পী তথা পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি জন্মজয়ন্তী। ১৯৩৪ চনৰ ৩ অক্টোবৰত কলিকতাত জন্মগ্ৰহণ কৰা শিল্পীগৰাকীক জন্মজয়ন্তীৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংগীতপ্ৰেমী আৰু সাংস্কৃতিক মহলে সশ্ৰদ্ধাৰে স্মৰণ কৰিছে।
গোৱালপৰীয়া লোকগীতক অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত পৰিচিত কৰি তোলাত প্ৰতিমা বৰুৱা পাণ্ডেৰ অৱদান অনস্বীকাৰ্য। ‘হস্তীৰ কন্যা’ গীতৰ জৰিয়তে ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰা শিল্পীগৰাকীৰ সুৰীয়া কণ্ঠই গোৱালপৰীয়া লোকসংগীতক এক সুকীয়া পৰিচয় প্ৰদান কৰিছিল। ‘এৰা বাটৰ সুৰ’ৰ জৰিয়তে সংগীতৰ জগতত আত্মপ্ৰকাশ কৰা বৰুৱা পাণ্ডেই পৰৱৰ্তী সময়ত গোৱালপৰীয়া লোকগীতক বৃহত্তৰ মঞ্চলৈ লৈ যায়।
প্ৰকৃতিশ চন্দ্ৰ বৰুৱা (লালজী)ৰ কন্যা আৰু ‘দেৱদাস’খ্যাত চলচ্চিত্ৰ নিৰ্মাতা প্ৰমথেশ বৰুৱাৰ ভতিজী প্ৰতিমা বৰুৱা পাণ্ডে গৌৰীপুৰৰ ৰাজপৰিয়ালৰ সৈতে ওতপ্ৰোতভাৱে জড়িত আছিল। ড০ ভূপেন হাজৰিকাৰ সৈতেও তেওঁৰ সংগীতজীৱনৰ এক গুৰুত্বপূৰ্ণ অধ্যায় জড়িত হৈ আছে।
‘হস্তীৰ কন্যা’, ‘দানৰাও কলা’, ‘বেইল মাচে খেলি কৰে’, ‘ডুং নৰি ডুং’, ‘এক বাৰ হৰি ব’লৌ’, ‘কমলা সুন্দৰী নাচে’, ‘অ’ বিৰিখ’, ‘মাটিৰ মানুহ’ আদি অসংখ্য কালজয়ী গীতেৰে তেওঁ গোৱালপৰীয়া লোকসংগীতৰ ভঁৰাল সমৃদ্ধ কৰি থৈ গৈছে।
তেওঁৰ অনবদ্য সাংস্কৃতিক অৱদানৰ স্বীকৃতি হিচাপে সংগীত নাটক অকাডেমি বঁটাকে ধৰি কেইবাটাও সন্মানেৰে সন্মানিত কৰা হয়। পৰৱৰ্তী সময়ত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে।
২০০২ চনৰ ২৭ ডিচেম্বৰত ইহলীলা সম্বৰণ কৰা প্ৰতিমা বৰুৱা পাণ্ডেৰ সংগীত-ঐতিহ্য আজিও অম্লান। তেওঁৰ জন্মজয়ন্তী উপলক্ষে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত গোৱালপৰীয়া লোকগীত পৰিৱেশন কৰাৰ লগতে শিল্পীগৰাকীৰ জীৱন, সংগীত-সাধনা আৰু অৱদানক স্মৰণ কৰা হৈছে। তেওঁৰ কালজয়ী গীতসমূহে আজিও অসমৰ লোকসংগীতৰ জগতখনক সমৃদ্ধ কৰি আহিছে।
