ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে গ্ৰন্থ ক্ৰয়ৰ ক্ষেত্ৰত এককালীন আৰ্থিক সহায় আগবঢ়োৱাৰ দিশত আগবাঢ়িছে অসম চৰকাৰৰ বিত্ত বিভাগ। “One Time Book Grant to all State Govt. Employees” আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক এককালীন ১,০০০ টকাকৈ গ্ৰন্থ ক্ৰয়ৰ বাবে প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
এই উদ্দেশ্যে বিত্ত বিভাগে মুঠ ৫ কোটি টকা আবণ্টনৰ বাবে জাননী জাৰি কৰিছে বুলি জানিব পৰা গৈছে। আঁচনিখনৰ জৰিয়তে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক নিজৰ জ্ঞান আৰু অধ্যয়নৰ পৰিসৰ বৃদ্ধি কৰাৰ বাবে গ্ৰন্থ ক্ৰয়ত আৰ্থিক সহায় আগবঢ়োৱাৰ লক্ষ্য লোৱা হৈছে।
বিত্ত বিভাগৰ এই পদক্ষেপ অনুসৰি যোগ্য ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে এককালীনভাৱে ১,০০০ টকাৰ গ্ৰন্থ অনুদান লাভ কৰিব। অৰ্থাৎ এইটো নিয়মীয়া মাহিলী বা বাৰ্ষিক ভাট্টা নহয়, বৰং এবাৰহে প্ৰদান কৰা হ’বলগীয়া গ্ৰন্থ ক্ৰয়ৰ অনুদান।
মুঠ ৫ কোটি টকাৰ আবণ্টনৰ জৰিয়তে বৃহৎ সংখ্যক ৰাজ্য চৰকাৰৰ কৰ্মচাৰী এই সুবিধাৰ আওতালৈ অহাৰ সম্ভাৱনা আছে। এই পদক্ষেপে কৰ্মচাৰীসকলৰ মাজত পঢ়া-শুনা আৰু জ্ঞান আহৰণৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাৰ লগতে গ্ৰন্থ ক্ৰয়ৰ ক্ষেত্ৰতো উৎসাহ যোগাব বুলি আশা কৰা হৈছে।
আঁচনিখনৰ অধীনত ধন মুকলিৰ পৰৱৰ্তী প্ৰক্ৰিয়া আৰু কৰ্মচাৰীসকলৰ বাবে প্ৰযোজ্য নিয়ম-নীতি সম্পৰ্কে সংশ্লিষ্ট বিভাগৰ পৰা পৰৱৰ্তী নিৰ্দেশনা প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে।
