আজি ১ অক্টোবৰত ৰাজ্যজুৰি পালন কৰা হৈছে অসম আৰক্ষী দিৱস। কেৱল এটা আনুষ্ঠানিক দিন নহয়—অসম আৰক্ষীৰ ইতিহাস, সেৱা, সাহস আৰু কৰ্তব্যৰত অৱস্থাত প্ৰাণ আহুতি দিয়া আৰক্ষী জোৱানসকলক স্মৰণ কৰাৰ এক বিশেষ দিন এইটো।
অসম আৰক্ষী দিৱসৰ সৈতে জড়িত হৈ আছে ১৯৫১ চনৰ ১ অক্টোবৰৰ এক গুৰুত্বপূৰ্ণ অধ্যায়। এই দিনটোতে কে আৰ চৌধুৰীয়ে অসম আৰক্ষীৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। স্বাধীনতাৰ পিছত অসম আৰক্ষীৰ নেতৃত্বত ভাৰতীয় বিষয়াৰ এক নতুন অধ্যায়ৰ সূচনা হোৱা এই ঘটনাকেই পিছলৈ অসম আৰক্ষী দিৱসৰ সৈতে সংযোগ কৰা হয়।
অৱশ্যে অসমত সংগঠিত আৰক্ষী ব্যৱস্থাৰ ইতিহাস ইয়াতকৈ বহু পুৰণি। ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছত ব্ৰিটিছ শাসন আৰম্ভ হোৱাৰ সময়ত আইন-শৃংখলা ৰক্ষাৰ বাবে প্ৰথমে সেনাবাহিনীৰ ওপৰত নিৰ্ভৰ কৰা হৈছিল। ১৮৩৫ চনত গঠন কৰা Cachar Levy আছিল অসমত সংগঠিত আৰক্ষী ব্যৱস্থাৰ অন্যতম আৰম্ভণি। সময়ৰ সৈতে এই বাহিনীৰ ৰূপ সলনি হৈ Frontier Police, Assam Military Police আদি বিভিন্ন পৰ্যায় অতিক্ৰম কৰে।
১৮৬১ চনৰ Police Actৰ পিছত অসমতো আধুনিক আৰক্ষী প্ৰশাসনৰ এক সংগঠিত কাঠামো গঢ় লৈ উঠে। স্বাধীনতাৰ সময়ত অসম আৰক্ষীৰ শক্তি আছিল প্ৰায় ৮,০০০। ১৯৮০ চনত এই সংখ্যা ৪০,২৯০লৈ আৰু ২০০০ চনৰ শেষলৈ ৬১,২৬৩লৈ বৃদ্ধি পায়। সময়ৰ লগে লগে আৰক্ষীৰ কাম-কাজো কেৱল আইন-শৃংখলাৰ মাজতে সীমাবদ্ধ নাথাকিল। গঢ় লৈ উঠিল CID, Special Branch, Border Organisation, Radio Organisation, River Police, Fire Service, মহিলা আৰক্ষী থানা আৰু Forensic Science Laboratoryৰ দৰে বিশেষ শাখা।
৩২টা AP Battalion, লগতে বিশেষ কমাণ্ডো বাহিনী
বৰ্তমান অসম আৰক্ষীৰ Battalion কাঠামোও যথেষ্ট বিস্তৃত। ইয়াৰ লগতে অসম আৰক্ষীৰ বিশেষ কমাণ্ডো বাহিনীও আছে। Assam Commando Battalion ১৯৯৬ চনৰ ১৮ জানুৱাৰীত উগ্ৰপন্থী সমস্যা মোকাবিলা কৰাৰ লক্ষ্যৰে গঠন কৰা হৈছিল। প্ৰথমে ৪৮৯গৰাকী আৰক্ষী personnelক বিশেষ কমাণ্ডো প্ৰশিক্ষণৰ বাবে পঠিওৱা হৈছিল। ২০০০ চনত কমাণ্ডো বেটেলিয়নক উত্তৰ গুৱাহাটীৰ মাণ্ডাকাটালৈ স্থানান্তৰ কৰা হয়।
সলনি হৈছে আৰক্ষীৰ কামৰ ধৰণ
এসময়ত অসম আৰক্ষীৰ বাবে উগ্ৰপন্থা, আইন-শৃংখলা আৰু সীমান্ত সুৰক্ষা আছিল অন্যতম ডাঙৰ প্ৰত্যাহ্বান। এতিয়া তাৰ সৈতে যোগ হৈছে চাইবাৰ অপৰাধ, অনলাইন জালিয়াতি, ড্ৰাগছ সৰবৰাহ, মানৱ সৰবৰাহ, সংগঠিত অপৰাধ আৰু প্ৰযুক্তিনিৰ্ভৰ অপৰাধ।
সেয়ে অসম আৰক্ষীৰ এই দীঘলীয়া যাত্ৰা কেৱল personnel বা battalionৰ সংখ্যা বৃদ্ধিৰ কাহিনী নহয়। সময়ৰ সৈতে সলনি হোৱা অপৰাধ আৰু নিৰাপত্তাৰ প্ৰত্যাহ্বানৰ সৈতে খাপ খুৱাই নিজকে সলনি কৰি অহা এটা বাহিনীৰ ইতিহাসো ই।
আজি অসম আৰক্ষী দিৱসত সেই ইতিহাসৰ লগতে ৰাজ্যৰ নিৰাপত্তা আৰু জনসেৱাৰ দায়িত্ব পালন কৰি অহা প্ৰতিগৰাকী আৰক্ষী বিষয়া আৰু জোৱানৰ সেৱা আৰু ত্যাগক স্মৰণ কৰিছে অসমে।
