ডুবাইৰ পৰা তেল আভিভলৈ (Tel Aviv) গৈ থকা ‘ফ্লাইডুবাই’ (flydubai) নামৰ বিমান প্ৰতিষ্ঠানখনৰ Flight FZ1073 নামৰ বিমানখনত এক ভয়ংকৰ ককপিট আক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। বিমানখনৰ এজন ভাৰতীয় মূলৰ কেপ্টেইনে নিজৰ সাহস আৰু উপস্থিত বুদ্ধিৰ বলত এখন সম্ভাব্য ভয়াৱহ বিমান দুৰ্ঘটনা পৰা ১৮০ জন যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰে।
ইজৰাইলী মাধ্যমৰ প্ৰতিবেদন অনুসৰি, ওমানৰ সহ-পাইলটজনে (Co-pilot) আকাশমাৰ্গতে বিমানখন ধ্বংস কৰাৰ চেষ্টা চলাইছিল। কেপ্টেইন আৰু সহ-পাইলটৰ মাজত ককপিটৰ ভিতৰতে ভয়ংকৰ কাজিয়া আৰু আক্ৰমণাত্মক পৰিস্থিতিৰ সৃষ্টি হয়।
সহ-পাইলটজনে এখন চুৰীৰে কেপ্টেইনজনক আক্ৰমণ কৰি আঘাতপ্ৰাপ্ত কৰে আৰু বিমানখন অনিয়ন্ত্ৰিতভাৱে ৩৪,০০০ ফুটৰ পৰা ১৪,০০০ ফুটলৈ নমাই আনে।
ইজৰাইলী কৰ্তৃপক্ষই এই ঘটনাক ৯/১১ সদৃশ এক সম্ভাব্য সন্ত্ৰাসবাদী আক্ৰমণ বা বিমান অপহৰণৰ (Hijack) প্ৰচেষ্টা বুলি সন্দেহ কৰি তদন্ত আৰম্ভ কৰিছে।
ককপিটৰ পৰা চিঞৰ-বাখৰৰ শব্দ শুনি বিমানখনত থকা অন্য যাত্ৰীসকলেও ককপিটত প্ৰৱেশ কৰি কেপ্টেইনক সহায় কৰে আৰু আক্ৰমণকাৰী সহ-পাইলটজনক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।
ককপিটৰ পৰা জৰুৰীকালীন সংকটৰ সংকেত (Squawk code 7700 আৰু 7500) প্ৰেৰণ কৰাৰ পিছত বিমানখনৰ দিশ সলনি কৰি চৌদি আৰৱৰ তাবুক (Tabuk) বিমানবন্দৰত জৰুৰীভাৱে অৱতৰণ কৰোৱা হয়।
বিমানখনত ২৭ গৰাকী শিশুসহ মুঠ ১৮০জন যাত্ৰী আছিল, যিসকল সম্পূৰ্ণ সুৰক্ষিত হৈ থাকে। ককপিটত হোৱা সংঘৰ্ষত গুৰুতৰভাৱে আহত হোৱা কেপ্টেইন আৰু সহ-পাইলটজনক চৌদি আৰৱৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ফ্লাইডুবাই কৰ্তৃপক্ষ আৰু সংশ্লিষ্ট সংস্থাসমূহে সমগ্ৰ ঘটনাটোৰ এক উচ্চস্তৰীয় তদন্ত আৰম্ভ কৰিছে।
