আৰব সাগৰত ড্ৰাগছ সৰবৰাহৰ বৃহৎ প্ৰচেষ্টা ব্যৰ্থ, ৩,০০০ কোটি টকাৰ ড্ৰাগছ জব্দ

আৰব সাগৰত লক্ষদ্বীপৰ পশ্চিমে ড্ৰাগছ সৰবৰাহৰ এক বৃহৎ প্ৰচেষ্টা ব্যৰ্থ কৰিলে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে। গুজৰাট ATSৰ সহযোগত চলোৱা উচ্চ সাগৰীয় অভিযানত এখন ইৰানী নাৱত সৰবৰাহ কৰা প্ৰায় ৫২৬ কিলোগ্ৰাম হেৰ’ইন আৰু মেথামফেটামিন জব্দ। আন্তঃৰাষ্ট্ৰীয় বজাৰত জব্দকৃত ড্ৰাগছখিনিৰ মূল্য ৩,০০০ কোটি টকাৰো অধিক বুলি জানিবলৈ দিছে কৰ্তৃপক্ষই।

২৫ ছেপ্টেম্বৰত লাভ কৰা নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ ভিত্তিত ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে সাগৰ আৰু আকাশপথেৰে অভিযান চলাই সন্দেহজনক নাওখনৰ গতিবিধি নিৰীক্ষণ কৰে। পৰৱৰ্তী সময়ত ‘হট পাৰ্ছ্যুট’ চলাই ধাউখনত অভিযান চলোৱা হয়।

অভিযানত নাওখনত থকা পাঁচগৰাকী পাকিস্তানী নাগৰিকক আটক কৰা হয়। জব্দকৃত ড্ৰাগছ, ধাউখন আৰু আটকাধীন লোকসকলক সশস্ত্ৰ নিৰাপত্তাৰ মাজেৰে মুম্বাইলৈ লৈ যোৱা হৈছে। তাত বিভিন্ন সংস্থাৰ যৌথ জেৰাৰ লগতে পৰৱৰ্তী আইনী প্ৰক্ৰিয়া সম্পন্ন কৰা হ’ব বুলি উপকূলৰক্ষী বাহিনীয়ে জানিবলৈ দিয়ে।

ভাৰতীয় জলসীমা আৰু বিস্তৃত সামুদ্ৰিক অঞ্চলত অবৈধ কাৰ্যকলাপ ৰোধৰ ক্ষেত্ৰত এই অভিযান গুৰুত্বপূৰ্ণ সফলতা বুলি উল্লেখ কৰিছে উপকূলৰক্ষী বাহিনীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এছিয়ান গেমছত পুনৰ উজলিল ভাৰত; আৰ্চাৰীত ভাৰতৰ স্বৰ্ণজয়

২০২৬ৰ এছিয়ান গেমছত কম্পাউণ্ড আৰ্চাৰীত দপদপনি অব্যাহত ৰাখিছে ভাৰতে।...

বৰপেটাত NIAৰ অভিযান; ৬ সন্দেহজনক জেহাদী গ্ৰেপ্তাৰ

ৰাজ্যৰ কেইবাটাও স্থানত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (NIA)-ই সন্দেহজনক জেহাদী...

গুৱাহাটী মহানগৰীৰ আৰক্ষীৰ জালত দুধৰ্ষ ডকাইত; খেদি খেদি গ্ৰেপ্তাৰ ডকাইতৰ দল

মহানগৰ আৰক্ষীৰ জালত ৩ দুধৰ্ষ ডকাইত। ছয়মাইলৰ পৰা খেদি...