ফুটা টিনপাত, জহি-খহি যোৱা দুৱাৰ-খিৰিকীৰে NRC নথি সংৰক্ষণৰ কোঠা; ডবকাৰ আমবাৰী পঞ্চায়তত NRC নথি
সংৰক্ষণৰ কোঠাৰ দুৰৱস্থা
ডবকাৰ আমবাৰী গাঁও পঞ্চায়তত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (NRC)ৰ গুৰুত্বপূৰ্ণ নথি-পত্ৰ সংৰক্ষণ কৰি ৰখা কোঠাটোৰ দুৰৱস্থাক লৈ উদ্বিগ্ন হৈ পৰিছে স্থানীয় ৰাইজ।
জানিব পৰা মতে, কোঠাটোৰ দুৱাৰ-খিৰিকী জহি-খহি যোৱাৰ লগতে টিনপাতো ফুটা হৈ পৰিছে। ফলত এজাক বৰষুণ দিলেই কোঠাটোৰ ভিতৰলৈ হুৰাহুৰকৈ পানী সোমাই আহে। এনে পৰিস্থিতিত NRC উন্নীতকৰণৰ সময়ত পঞ্চায়তখনৰ ৰাইজে জমা দিয়া গুৰুত্বপূৰ্ণ নথি-পত্ৰসমূহ নষ্ট হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।
উল্লেখ্য যে পঞ্চায়ত কাৰ্যালয়টো মেৰামতিৰ বাবে ২০১৮-১৯ আৰু ২০২৫-২৬ বিত্তীয় বৰ্ষত দুবাৰকৈ আঁচনি গ্ৰহণ কৰা হৈছিল। কিন্তু তাৰ পিছতো নথি-পত্ৰ সংৰক্ষণ কৰা কোঠাটোৰ দুৰৱস্থা দূৰ নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে।
ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত NRC উন্নীতকৰণৰ সময়ত ৰাইজে জমা দিয়া গুৰুত্বপূৰ্ণ নথি-পত্ৰসমূহ নষ্ট হোৱাৰ আশংকা কৰি স্থানীয় ৰাইজে কোঠাটো মেৰামতিৰ বাবে হোজাই জিলা আয়ুক্তক লিখিতভাৱে আবেদন জনাইছিল। ইয়াৰ পিছত হোজাই জিলা আয়ুক্তই বিষয়টো গুৰুত্বসহকাৰে লৈ কোঠাটো মেৰামতিৰ বাবে বিন্নাকান্দি খণ্ড উন্নয়ন বিষয়াক নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে। কিন্তু বৰ্তমানলৈকে কোঠাটো মেৰামতিৰ ক্ষেত্ৰত কোনো ধৰণৰ কাম আৰম্ভ নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।
গুৰুত্বপূৰ্ণ NRC নথি-পত্ৰ সংৰক্ষিত হৈ থকা কোঠাটো অতিশীঘ্ৰে মেৰামতি কৰি নথি-পত্ৰসমূহ সুৰক্ষিতভাৱে সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ তথা প্ৰশাসনৰ ওচৰত দাবী জনাইছে আমবাৰী গাঁও পঞ্চায়তৰ ৰাইজে।
